পোষ্ট কৰা হৈছে:
23 OCT 2026 7:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ ছিংগলছ SL4 প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰি অভিষেক স্মৰণীয় কৰি তোলাৰ বাবে নবীন শিৱকুমাৰক অভিনন্দন জনায়।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁৰ এই উৎকৃষ্ট প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ লগতে আশা প্ৰকাশ কৰে যে নবীনে এনেদৰেই সফলতাৰ নতুন মাইলৰ খুঁটি অতিক্ৰম কৰি যাওক আৰু সতীৰ্থ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি তোলক।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখেঃ
"এছিয়ান পেৰা গেমছত নবীন শিৱকুমাৰৰ এক স্মৰণীয় অভিষেক! পুৰুষৰ ছিংগলছ SL4 প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন। তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ এনেদৰেই সফলতাৰ নতুন মাইলৰ খুঁটি অতিক্ৰম কৰক আৰু সতীৰ্থ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি যাওকঃ প্ৰধানমন্ত্ৰী @narendramodi"
****
MJPS/SS/PRK/DB