পোষ্ট কৰা হৈছে:
23 OCT 2026 8:11PM by PIB Guwahati
১৩ আৰু ১৪ অক্টোবৰৰ মাজনিশা, দিল্লীৰ এয়াৰ কাৰ্গো কমপ্লেক্স (ACC)ৰ আমদানি আয়ুক্তালয়ৰ সীমাশুল্ক বিভাগৰ বিষয়াসকলে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে চলি থকা অভিযানত আন এটা বৃহৎ সফলতা লাভ কৰে। প্ৰাৰম্ভিক পৰীক্ষাত উদ্ধাৰ কৰা সামগ্ৰীখিনি হাইড্ৰ’পনিক মাৰিজুৱানা (হাইড্ৰ’ উইড) বুলি নিশ্চিত কৰা হয়। অভিযানত মুঠ ২৩.২২০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰা হয়।
জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক বজাৰমূল্য ৮.১২ কোটি টকা। ভাৰতত ইয়াৰ আনুমানিক খুচুৰা বজাৰমূল্য প্ৰায় ২৩ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা লুকুৱাই ৰখাৰ সামগ্ৰী আৰু পেকেজিং সামগ্ৰীসহ নিচাজাতীয় সামগ্ৰীখিনি ১৯৮৫ চনৰ নিচাজাতীয় দ্ৰব্য আৰু মনঃপ্ৰভাৱিত দ্ৰব্য আইন (NDPS Act)ৰ বিধান অনুসৰি জব্দ কৰা হৈছে।
বেংককৰ পৰা অহা ১৪৮.৬৭৫ কিলোগ্ৰাম গাঞ্জা পূৰ্বে জব্দ কৰাৰ ঘটনাৰ পৰা লাভ কৰা চোৰাং তথ্যৰ ভিত্তিত সীমাশুল্ক বিষয়াসকলে আন এখন সন্দেহজনক আমদানি চালান ধৰা পেলায়। বেংককৰ পৰা অহা এই চালানখনত লেম্প থকা বুলি ঘোষণা কৰা হৈছিল।
পূৰ্বৰ সামগ্ৰী জব্দ অভিযানৰ ফলত বৃহত্তৰ চোৰাং সৰবৰাহকাৰী চক্ৰৰ তথ্য পোহৰলৈ আহিছিল আৰু তিনিখন ৰাজ্যৰ ১১টা স্থানত সমন্বিতভাৱে পৰৱৰ্তী অভিযান চলোৱা হৈছিল।
প্ৰথমটো সামগ্ৰী জব্দৰ ঘটনাত ১৫ অক্টোবৰত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ সৈতে সম্পৰ্ক থকা বুলি চিনাক্ত হোৱা আন এজন লোকক জেৰা কৰাৰ পাছত এই চালানখন সন্দেহৰ আৱৰ্তলৈ আহে। আমদানিকাৰীৰ উপস্থিতিত চালানখনৰ বিশদ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ সময়ত কাঠৰ এখন পেলেটৰ ওপৰত কেইবাটাও লেম্প সংস্থাপন কৰি ৰখা দেখা যায়।
সামগ্ৰীসমূহ বাহ্যিকভাৱে সাধাৰণ যেন লাগিলেও এক্স-ৰে পৰীক্ষাত অস্বাভাৱিক আৰ্হি ধৰা পৰে। পৰৱৰ্তী পৰীক্ষাৰ সময়ত বিষয়াসকলে কাঠৰ পেলেটখনৰ তলৰ অংশ খুলি পেলায়। ইয়াৰ ফলত পেলেটখনৰ ভিতৰত লুকুৱাই ৰখা সেউজীয়া পাতৰ গুড়ি কৰি সংকুচিত কৰা সামগ্ৰী থকা নিকপকপীয়াকৈ বান্ধি থোৱা ২৩টা পেকেট উদ্ধাৰ হয়।
এই অভিযানৰ ফলত ২২ অক্টোবৰত আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। একেদিনাই নিশাৰ ভাগত তেওঁক সংশ্লিষ্ট ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ঘটনাৰ অধিক তদন্ত অব্যাহত আছে।
এই শেহতীয়া জব্দৰ ঘটনাৰ সৈতে দিল্লী সীমাশুল্ক বিভাগে চলি থকা তদন্তৰ সময়ছোৱাত এতিয়ালৈকে প্ৰায় ১৭২ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ফলত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰী চক্ৰটোক মোক্ষম আঘাত কৰা হৈছে।
এই অভিযানটো সীমাশুল্ক বিভাগৰ মুখ্য আয়ুক্ত আৰু এয়াৰ কাৰ্গো কমপ্লেক্সৰ আমদানি বিভাগৰ প্ৰধান আয়ুক্তকে ধৰি জ্যেষ্ঠ বিষয়াসকলে নিবিড়ভাৱে নিৰীক্ষণ কৰিছিল। অভিযানটো এয়াৰ কাৰ্গো কমপ্লেক্সৰ আমদানি বিভাগৰ কাষ্টমছৰ অতিৰিক্ত আয়ুক্ত (SIIB)ৰ তত্ত্বাৱধানত পৰিচালনা কৰা হৈছিল। জব্দ কৰা নিচাজাতীয় সামগ্ৰী আৰু সেইবোৰ লুকুৱাই ৰখাৰ পদ্ধতিৰ আলোকচিত্ৰ সংলগ্ন কৰা হৈছে।
চোৰাং তথ্যৰ ভিত্তিত আইন বলৱৎকৰণ, উন্নত বিপদাশংকা মূল্যায়ন আৰু বিভিন্ন সংস্থাৰ মাজত সমন্বিত পদক্ষেপৰ জৰিয়তে নিচাজাতীয় দ্ৰব্যৰ ভাবুকিৰ পৰা সমাজক সুৰক্ষিত ৰখাৰ প্ৰতিশ্ৰুতিত দিল্লীৰ সীমাশুল্ক বিভাগ (কাষ্টমছ) অটল আছে। এনে অপৰাধমূলক চক্ৰসমূহ চিনাক্ত কৰা আৰু সিহঁতৰ কাৰ্যকলাপ ব্যাহত কৰাৰ বাবে বিভাগটোৱে উচ্চ পৰ্যায়ৰ সতৰ্কতা অব্যাহত ৰাখিব।
********
KT/KMN/PB