পোষ্ট কৰা হৈছে:
23 OCT 2026 7:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৪০০ মিটাৰ T64 প্ৰতিযোগিতাত নতুন বিশ্ব অভিলেখসহ স্বৰ্ণ পদক জয় কৰি অভিষেকতে এক চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে সন্দীপ কুমাৰক অভিনন্দন জনায়। এই পদকটো এছিয়ান পেৰা গেমছত ভাৰতৰ ১০০ নম্বৰৰ পদক হিচাপে পৰিগণিত হোৱাত সাফল্যৰ এই ক্ষণ বিশেষ হৈ পৰে।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে তেওঁৰ এই প্ৰদৰ্শন সমগ্ৰ দেশৰে বাবে এক গৌৰৱোজ্জ্বল মাইলৰ খুঁটি। তেওঁ লগতে আশা প্ৰকাশ কৰে যে সন্দীপে এনেদৰেই দেশলৈ গৌৰৱ কঢ়িয়াই আনি থাকক।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখে:
"ভাৰতীয় পেৰা এথলেটিকছৰ বাবে এক সোণালী ক্ষণ! পুৰুষৰ ৪০০ মিটাৰ T64 প্ৰতিযোগিতাত নতুন বিশ্ব অভিলেখসহ স্বৰ্ণ পদক জয় কৰাৰ বাবে সন্দীপ কুমাৰলৈ অভিনন্দন। প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা খেলুৱৈজনৰ এই উৎকৃষ্ট প্ৰদৰ্শন এছিয়ান পেৰা গেমছত ভাৰতৰ ১০০ নম্বৰ পদক হোৱাৰ বাবে আৰু অধিক বিশেষ হৈ পৰে। তেওঁ এনেদৰেই দেশক গৌৰৱান্বিত কৰি যাওক: প্ৰধানমন্ত্ৰী @narendramodi"
***
MJPS/SS/PRK/DB