পোষ্ট কৰা হৈছে:
23 OCT 2026 2:15PM by PIB Guwahati
যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ (DoT) প্ৰধান দূৰসংযোগ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ টেলিমেটিকছ উন্নয়ন কেন্দ্ৰই (C-DOT) বাৰাণসীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বি এইচ ইউ)ৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে চি-ডটৰ ষষ্ঠটো উৎকৰ্ষ কেন্দ্ৰ (CoE) স্থাপন কৰা হ’ব।স্বদেশী দূৰসংযোগ গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান চি-ডট আৰু ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন আগশাৰীৰ শিক্ষানুষ্ঠান আইআইটি (বি এইচ ইউ), বাৰাণসীৰ শৈক্ষিক তথা গৱেষণামূলক শক্তিৰ সমন্বয়ে ভাৰতৰ দূৰসংযোগ উদ্ভাৱন ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তুলিব। চি-ডট আৰু আইআইটি (বি এইচ ইউ)ৰ এই সহযোগিতাৰ লক্ষ্য হৈছে শৈক্ষিক গৱেষণাক বাস্তৱ জগতৰ প্ৰযুক্তিগত প্ৰয়োজনীয়তাৰ সৈতে সংযুক্ত কৰা। ইয়াৰ জৰিয়তে উদ্ভাৱনৰ নতুন সুযোগ সৃষ্টি হোৱাৰ লগতে ক্ৰমবৰ্ধমান দূৰসংযোগ খণ্ডৰ বাবে দক্ষ মানৱ সম্পদৰ এক শক্তিশালী ভঁৰাল গঢ়ি তোলা হ’ব। এই পদক্ষেপৰ অধীনত চি-ডট আৰু আইআইটি (বি এইচ ইউ)ৰ গৱেষক, অধ্যাপক, শিক্ষাৰ্থী আৰু প্ৰযুক্তি বিশেষজ্ঞসকলক একত্ৰিত কৰি যৌথ গৱেষণা আৰু নিৰন্তৰ জ্ঞানৰ আদান-প্ৰদানক উৎসাহিত কৰা হ’ব। দেশৰ ডিজিটেল আৰু যোগাযোগ আন্তঃগাঁথনিৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত থলুৱা প্ৰযুক্তিৰ বিকাশত সহায় কৰিবলৈ এই পদক্ষেপে শিক্ষানুষ্ঠান আৰু উদ্যোগ খণ্ডৰ মাজৰ সহযোগিতা শক্তিশালী কৰিব। এই উৎকৰ্ষ কেন্দ্ৰটোৱে বেতাঁৰ যোগাযোগ, কোৱাণ্টাম প্ৰযুক্তি, চাইবাৰ সুৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক যোগাযোগ ব্যৱস্থাৰ দৰে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ উপৰি, ৫জি এডভান্সড/ ৬জি প্ৰযুক্তি, অতি বৃহৎ পৰিসৰৰ মাল্টিপল-ইনপুট মাল্টিপল-আউটপুট (MIMO) ব্যৱস্থা, সংহত সংবেদন আৰু যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক যোগাযোগ নেটৱৰ্ক আৰু সঁজুলি, লগতে কোৱাণ্টাম আৰু কোৱাণ্টাম-পৰৱৰ্তী যোগাযোগ প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰত উন্নত গৱেষণা চলোৱা হ’ব। চি-ডটৰ কাৰ্যবাহী উপাধ্যক্ষ ড০ পংকজ কুমাৰ ডালেলা আৰু আই আই টি (বি এইচ ইউ), বাৰাণসীৰ সঞ্চালক অধ্যাপক অমিত পাত্ৰৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত আই আই টি (বি এইচ ইউ)ৰ অধ্যাপকসকলৰ লগতে চি-ডটৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পিছতে যৌথ গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে যোগাযোগ প্ৰযুক্তিৰ উন্নয়নৰ লক্ষ্যৰে স্থাপন কৰা উৎকৰ্ষ কেন্দ্ৰটোৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়। চি-ডটৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ৰাজকুমাৰ উপাধ্যায়ে এই সহযোগিতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, “এই উৎকৰ্ষ কেন্দ্ৰটো কেৱল এটা গৱেষণাৰ মঞ্চ নহয়; ই ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তিগত সক্ষমতাৰ প্ৰতি কৰা এক বিনিয়োগ। যোগাযোগৰ পৰৱৰ্তী প্ৰজন্ম কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, উন্নত বেতাঁৰ ব্যৱস্থা আৰু বুদ্ধিমত্তাসম্পন্ন নেটৱৰ্কৰ অগ্ৰগতিৰ দ্বাৰা নিৰ্ধাৰিত হ’ব। এই উৎকৰ্ষ কেন্দ্ৰৰ জৰিয়তে চি-ডট আৰু আই আই টি (বি এইচ ইউ)ই এইসমূহ অগ্ৰণী প্ৰযুক্তিৰ ক্ষেত্ৰত গৱেষণা কৰিবলৈ আৰু ভাৰতৰ ডিজিটেল ভৱিষ্যতৰ বাবে স্বদেশী প্ৰযুক্তিৰ বিকাশ ত্বৰান্বিত কৰিবলৈ এক সহযোগিতামূলক পৰিৱেশ গঢ়ি তুলিছে।” আই আই টি (বি এইচ ইউ)ৰ সঞ্চালক অধ্যাপক অমিত পাত্ৰই কয়, “চি-ডটৰ সৈতে এই সহযোগিতাই শৈক্ষিক গৱেষণাক প্ৰভাৱশালী প্ৰযুক্তিগত সমাধানলৈ ৰূপান্তৰিত কৰাৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰিব। ইয়াৰ জৰিয়তে আমাৰ শিক্ষাৰ্থী আৰু গৱেষকসকলে দূৰসংযোগ খণ্ডৰ বাস্তৱ সমস্যাসমূহৰ সৈতে জড়িত হোৱাৰ লগতে উন্নত যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাত অৰিহণা যোগাব পাৰিব।” এই উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ ফলত চি-ডটৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উৎকৰ্ষ কেন্দ্ৰৰ নেটৱৰ্কৰ সংখ্যা ছটালৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে চি-ডটে এফ এছ আই ডিৰ জৰিয়তে আই আই টি কানপুৰ, আই আই টি গান্ধীনগৰ, আই আই টি ৰুৰকী, আই আই টি হায়দৰাবাদ আৰু বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ (IISc) সৈতে সহযোগিতা স্থাপন কৰিছিল। এই সকলোবোৰ উৎকৰ্ষ কেন্দ্ৰই ভৱিষ্যতৰ প্ৰয়োজনৰ সৈতে খাপ খোৱা যোগাযোগ প্ৰযুক্তিৰ বিকাশ, জ্ঞানৰ আদান-প্ৰদান আৰু বিশেষ দক্ষতাসম্পন্ন মানৱ সম্পদ গঢ়ি তোলাত অৰিহণা যোগাই আহিছে।

ফটো :
বাৰাণসীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বি এইচ ইউ)ত উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে অনুষ্ঠিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত চি-ডটৰ কাৰ্যবাহী উপাধ্যক্ষ শ্ৰী পংকজ কুমাৰ ডালেলা আৰু আই আই টি (বি এইচ ইউ), বাৰাণসীৰ সঞ্চালক অধ্যাপক অমিত পাত্ৰ।
*********
PS/ ARJ/PB