পোষ্ট কৰা হৈছে:
22 OCT 2026 9:50PM by PIB Guwahati
এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক এছ৭ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা তেজস নন্দকুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু প্ৰদৰ্শন উন্নত কৰাৰ চেষ্টা প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে অনাগত প্ৰতিযোগিতাসমূহৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰোক এছ৭ ইভেণ্টত তেজস নন্দকুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু প্ৰদৰ্শন উন্নত কৰাৰ চেষ্টা প্ৰশংসনীয়। এই কৃতিত্বৰ বাবে তেজসক অভিনন্দন জনাইছো। তেওঁৰ অনাগত প্ৰতিযোগিতাসমূহৰ বাবে শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/PRK/HS