প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ৰূপৰ পদক লাভ কৰা স্বাতী চৌধুৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 22 OCT 2026 5:27PM by PIB Guwahati

এছিয়ান পেৰা গেমছৰ মহিলাৰ W1 অৰ্চাৰী প্ৰতিযোগিতাত প্ৰথম প্ৰদৰ্শনতেই ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰাৰ বাবে স্বাতী চৌধুৰীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ইভেণ্টত ভাৰতৰ বাবে এয়া প্ৰথমটো পদক।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে এয়া এক অতি বিশেষ সাফল্য আৰু তেওঁৰ দৃঢ় সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়।  ভৱিষ্যতেও এনেদৰেই দেশখনক গৌৰৱান্বিত কৰি ৰাখিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:

"ভাৰতীয় পেৰা অৰ্চাৰীৰ বাবে এক অতি বিশেষ সাফল্য!

স্বাতী চৌধুৰীয়ে এছিয়ান পেৰা গেমছৰ মহিলাৰ W1 অৰ্চাৰীত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰাৰ লগতে নিজৰ প্ৰথমটো প্ৰদৰ্শনতেই ৰূপৰ পদক কঢ়িয়াই আনিছে। তেওঁৰ দৃঢ় সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ ভৱিষ্যতেও এনেদৰেই দেশখনক গৌৰৱান্বিত কৰি যাওক: প্ৰধানমন্ত্ৰী

 

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2327118) অতিথি কক্ষ : 14