পোষ্ট কৰা হৈছে:
22 OCT 2026 1:26PM by PIB Guwahati
কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ (ডি এ আৰ ই) সচিব তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আই চি এ আৰ) সঞ্চালক প্ৰধান ড০ এম এল জেটে ভৱিষ্যতৰ কৃষি বিশেষজ্ঞসকলক জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়, জৈৱ-বৈচিত্ৰ্যৰ হ্ৰাস আৰু পুষ্টিকৰ তথা স্বাস্থ্যসন্মত খাদ্যৰ বৰ্ধিত চাহিদাকে ধৰি বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে কৃষি উচ্চশিক্ষাক নতুন ৰূপ দিয়াৰ আহ্বান জনাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেছ ময়েনছত “ৱৰ্ল্ড ফুড প্ৰাইজ ফাউণ্ডেচন“ৰ উদ্যোগত অনুষ্ঠিত ‘২০২৬ নৰ্মান ই বৰলগ ইণ্টাৰনেচনেল ডায়েলগ’ৰ সমান্তৰালভাৱে আয়োজিত এখন ঘূৰণীয়া মেজমেলত ভাৰ্চুৱেলী ভাষণ দি ড০ জেটে এই মন্তব্য কৰে। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ (এন এ এ এছ) সভাপতি হিচাপে এই ভাষণ দিয়ে। তেওঁ কাৰ্যসূচীত একাডেমীখনক প্ৰতিনিধিত্ব কৰা একাডেমীৰ সচিব ড০ বি এছ দ্বিবেদী, বৈদেশিক সচিব ড০ কৰিম মেৰেডিয়া আৰু পশ্চিম গোলাৰ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় শাখাৰ আহ্বায়ক ড০ পি ভি বৰপ্ৰসাদৰ উপস্থিতিৰ কথাও উল্লেখ কৰে।
ভাষণত ড০ জেটে কৃষি-খাদ্য ব্যৱস্থাৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা পূৰণৰ বাবে কৃষি শিক্ষা আৰু গৱেষণাৰ ৰূপান্তৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ কথা উল্লেখ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাই পাৰস্পৰিক শিক্ষণৰ সুযোগ প্ৰদান কৰাৰ লগতে বৈজ্ঞানিক আৰু শৈক্ষিক অগ্ৰগতিসমূহ আদান-প্ৰদানৰ পথ মুকলি কৰে।
তেওঁ কেৱল উৎপাদনকেন্দ্ৰিক কৃষিৰ পৰিসৰৰ পৰা ওলাই আহি এক সংহত কৃষি-খাদ্য ব্যৱস্থা আৰু মূল্য শৃংখলাভিত্তিক দৃষ্টিভংগী গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। উদ্যোগৰ প্ৰয়োজনীয়তা অনুসৰি দক্ষ মানৱ সম্পদ গঢ়ি তোলা আৰু কৃষকসকলক সহায় কৰাকে ধৰি কৃষি-খাদ্য মূল্য শৃংখলাৰ প্ৰতিটো পৰ্যায়তে উদ্যোগৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে শিক্ষানুষ্ঠান আৰু উদ্যোগৰ মাজত অধিক শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।
কৃষি নীতি আৰু গৱেষণাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ ভূমিকা উল্লেখ কৰি ড০ জেটে কয় যে কৃষি গৱেষণা আৰু উন্নয়নৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সমাধানৰ বাবে নীতিগত আলোচনা, নীতিগত গৱেষণা-পত্ৰ আৰু নীতিগত সংক্ষিপ্ত প্ৰতিবেদনৰ বিশেষ গুৰুত্ব আছে। উদীয়মান প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সহযোগিতামূলক সমাধান বিকশিত কৰাৰ উদ্দেশ্যে গৱেষক, নীতিনিৰ্ধাৰক, শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
ড০ জেটে ভাৰতীয় কৃষি বিশেষজ্ঞ প্ৰবাসীসকলক দেশৰ ভিতৰৰ গৱেষণা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ স্থাপনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, এই নেটৱৰ্কসমূহ শক্তিশালী কৰিলে আন্তঃৰাষ্ট্ৰীয় জ্ঞান বিনিময়ৰ সুবিধা হ’ব আৰু বিশ্বজনীন বিশেষজ্ঞতা তথা অভিজ্ঞতাৰ জৰিয়তে কৃষি উচ্চশিক্ষাক নতুন ৰূপ দিয়াত সহায়ক হ’ব।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব সম্প্ৰসাৰণৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি ড০ জেটে কৃষি বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদৰ (কাষ্ট) সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ বিষয়টো উত্থাপন কৰে। এই অংশীদাৰিত্বই কৃষি গৱেষণা, দক্ষতা বিকাশ আৰু জ্ঞান বিনিময়ৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে।
ড০ জেটে আস্থা প্ৰকাশ কৰে যে অধিক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বই কৃষি গৱেষণা, শিক্ষা আৰু সম্প্ৰসাৰণ ব্যৱস্থাৰ অগ্ৰগতিত অৰিহণা যোগাব। বিশেষকৈ গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবে ইয়াৰ বিশেষ প্ৰাসংগিকতা আছে। তেওঁ বিশ্বজুৰি কৃষিৰ বাবে অধিক স্থিতিস্থাপক আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাৰ লগতে কৃষি-খাদ্য ব্যৱস্থাৰ ৰূপান্তৰৰ বাবে সামূহিক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়।
***
SS/MS/PB