বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ভূপালত কৃত্ৰিম মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ডিআৰআই-ৰ ৯ কিলোগ্ৰামৰো অধিক মেথামফেটামিন জব্দ; এজনক আটক

ভূপাল আইএছবিটিত বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য জব্দ হোৱা ঘটনাই কৃত্ৰিম মাদকদ্ৰব্যৰ বৰ্ধিত ভাবুকিক পোহৰলৈ আনিছে

পোষ্ট কৰা হৈছে: 21 OCT 2026 6:50PM by PIB Guwahati

কৃত্ৰিম মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় চমুকৈ ডিআৰআইয়ে ২০২৬ চনৰ ২০ অক্টোবৰত ভূপালৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত ৯.১৩৯ কিলোগ্ৰাম মেথামফেটামিন জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে। এই সফল অভিযানে দেশৰ আন্তঃনগৰ পৰিবহণ ব্যৱস্থাৰ জৰিয়তে বিপজ্জনক কৃত্ৰিম মাদকদ্ৰব্য সৰবৰাহ প্ৰতিহত কৰাৰ দিশত ডিআৰআইৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

এক গোপন তথ্যৰ আধাৰত ডিআৰআইৰ বিষয়াসকলে দিল্লীৰ পৰা বেংগালুৰু অভিমুখী এখন বাছ ভূপাল আইএছবিটিত উপস্থিত হোৱাৰ লগে লগে এজন ভাৰতীয় পুৰুষ যাত্ৰীক আটক কৰে। যাত্ৰীজনৰ বেগ পৰীক্ষা কৰাত দুটা মজলীয়া আকাৰৰ ট্ৰলী বেগত ছেলোৱাৰ ছুটৰ পেকেটৰ ভিতৰত লুকুৱাই ৰখা ১১টা প্লাষ্টিকৰ পেকেটত ৯.১৩৯ কিলোগ্ৰাম স্ফটিকাকাৰ মেথামফেটামিন জব্দ কৰা হয়। প্ৰাথমিক পৰীক্ষাত উদ্ধাৰ হোৱা সামগ্ৰীবিধ মেথামফেটামিন বুলি নিশ্চিত হোৱাৰ পিছত সেইখিনি জব্দ কৰা হয় আৰু নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেন্সেছ এনডিপিএছ আইন, ১৯৮৫-ৰ ব্যৱস্থাৱলীৰ অধীনত যাত্ৰীজনক গ্ৰেপ্তাৰ কৰা হয়।

দেশত কৃত্ৰিম মাদকদ্ৰব্যৰ ক্ৰমবৰ্ধমান সৰবৰাহক লৈ সৃষ্টি হোৱা গভীৰ উদ্বেগৰ মাজতে এই সামগ্ৰীখিনি জব্দ কৰা হৈছে। শেহতীয়া কিছুমান বৃহৎ অভিযানত ডিআৰআই-য়ে উত্তৰ-পূৰ্বাঞ্চলত ম্যানমাৰৰ পৰা চোৰাংভাৱে অনা বুলি সন্দেহ কৰা ২৩১.৮ কিলোগ্ৰাম মেথ টেবলেট আৰু তামিলনাডুত সাগৰীয় পথেৰে শ্ৰীলংকালৈ সৰবৰাহৰ উদ্দেশ্যে নিয়া বুলি সন্দেহ কৰা ১৩৭ কিলোগ্ৰাম ক্ৰিষ্টেল মেথামফেটামিন জব্দ কৰে। এই অভিযানসমূহে আন্তঃনগৰ পৰিবহণ ব্যৱস্থা, সীমান্ত আৰু উপকূলীয় কৰিডৰজুৰি বিয়পি থকা কৃত্ৰিম মাদকদ্ৰব্য সৰবৰাহৰ বিশাল মাত্ৰা আৰু বিভিন্ন পথসমূহক উদঙাই দেখুৱাইছে।

চোৰাংচোৱা তথ্যভিত্তিক ধাৰাবাহিক অভিযানৰ জৰিয়তে ডিআৰআ-য়ে মাদক সৰবৰাহকাৰী নেটৱৰ্কসমূহ ধ্বংস কৰিবলৈ আৰু এনে বিপজ্জনক মাদকদ্ৰব্য অবৈধ বজাৰত প্ৰৱেশ কৰাত বাধা দিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

 

 

KT/KMN/MM


(ৰিলিজ আই ডি : 2326406) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil