প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকাৰ নৌসেনা অনুশীলনৰ নৱম সংস্কৰণ (ইবছামাৰ ৯ ২০২৬)-ৰ সফল সামৰণি
পোষ্ট কৰা হৈছে:
21 OCT 2026 7:05PM by PIB Guwahati
ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা নৌসেনা অনুশীলন ইবছামাৰ-ৰ নৱম সংস্কৰণ ২০২৬ চনৰ ২০ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ ছাইমনছ টাউনত সামৰণি পৰে। এই অনুশীলনে ভাৰতীয়, ব্ৰাজিলিয়ান আৰু দক্ষিণ আফ্ৰিকাৰ নৌসেনাক এলানি পেছাদাৰী পাৰস্পৰিক যোগাযোগ আৰু সামুদ্ৰিক কাৰ্যপ্ৰণালীৰ বাবে একত্ৰিত কৰে; যাৰ লক্ষ্য আছিল তিনিটা সামুদ্ৰিক বাহিনীৰ মাজত আন্তঃকাৰ্যক্ষমতা বৃদ্ধি কৰা, কাৰ্যকৰী সহযোগিতা শক্তিশালী কৰা আৰু গভীৰ পাৰস্পৰিক বুজাবুজি গঢ়ি তোলা।
সামৰণী অনুষ্ঠানটোৰ জৰিয়তে পোতাশ্ৰয় আৰু সাগৰীয় পৰ্যায়ত অনুষ্ঠিত ১০ দিনীয়া যৌথ কাৰ্যসূচীৰ সফল পৰিসমাপ্তিক চিহ্নিত কৰা হয়। অংশগ্ৰহণকাৰী জোৱানসকলে পেছাদাৰী ভাব-বিনিময়, কাৰ্যকৰী যোগাযোগ আৰু যৌথ প্ৰশিক্ষণত লিপ্ত হৈ সাগৰত কাৰ্য সম্পাদনৰ ক্ষেত্ৰত পৰস্পৰৰ প্ৰক্ৰিয়া, সক্ষমতা আৰু পদ্ধতি সম্পৰ্কে মূল্যবান অভিজ্ঞতা অৰ্জন কৰে। এই কাৰ্যকলাপসমূহে অংশগ্ৰহণকাৰী নৌসেনাসমূহৰ মাজত পৰিচিতি আৰু বিশ্বাস গঢ়ি তোলাত সহায় কৰে, যাৰ ফলত তেওঁলোকে সামুদ্ৰিক ক্ষেত্ৰত উন্নত সমন্বয়ৰে একেলগে কাম কৰিবলৈ সক্ষম হয়।
সামৰণী অনুষ্ঠানৰ সমাৱেশত ভাষণ দি আইএনএছ তৰ্কশৰ কমাণ্ডিং অফিচাৰে আলোকপাত কৰে যে ইবছামাৰৰ দৰে অনুশীলনে দীৰ্ঘদিনীয়া কূটনৈতিক সম্পৰ্কক অৰ্থপূৰ্ণ নৌসেনা সহযোগিতালৈ ৰূপান্তৰিত কৰাৰ এক সুকীয়া মঞ্চ প্ৰদান কৰে। এনে অনুশীলনৰ প্ৰকৃত শক্তি কেৱল সাগৰত যৌথ সামুদ্ৰিক কৌশল প্ৰদৰ্শন কৰাতেই সীমাবদ্ধ নহয়, বৰঞ্চ উমৈহতীয়া অভিজ্ঞতা, পেছাদাৰী আদান-প্ৰদান আৰু পাৰস্পৰিক শিক্ষাৰ জৰিয়তে জোৱানসকলৰ মাজত গঢ় লৈ উঠা সম্পৰ্কৰ মাজতো নিহিত হৈ থাকে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে ৷
ইবছামাৰ হৈছে ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ মাজত থকা সুদৃঢ় সামুদ্ৰিক সম্পৰ্কৰ এক উজ্জ্বল নিদৰ্শন। তিনিখন সুকীয়া মহাদেশত অৱস্থিত আৰু সামুদ্ৰিক ক্ষেত্ৰৰ দ্বাৰা সংযোজিত এই তিনিখন দেশে নিৰাপদ, সুৰক্ষিত আৰু শান্তিপূৰ্ণ সাগৰীয় অঞ্চলৰ বাবে এক উমৈহতীয়া স্বাৰ্থ বহন কৰে। এই ত্ৰিপাক্ষিক অনুশীলনে তেওঁলোকৰ নৌসেনাক উমৈহতীয়া সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ, উৎকৃষ্ট পদ্ধতিতত্ত্বসমূহৰ আদান-প্ৰদান কৰিবলৈ আৰু একেলগে কাম কৰাৰ সক্ষমতা বৃদ্ধি কৰিবলৈ এক পথ প্ৰশস্ত কৰে, যাৰ জৰিয়তে এক শান্তিপূৰ্ণ সামুদ্ৰিক পৰিৱেশ গঢ়ি তোলাত সহায়ক হয়।
এই অনুশীলনে সাগৰত যৌথ কাৰ্যদক্ষতাৰ গুৰুত্বকো পুনৰ নিশ্চিত কৰে, য’ত ধাৰাবাহিক যোগাযোগ, উমৈহতীয়া প্ৰশিক্ষণ আৰু সামুদ্ৰিক কাৰ্যকলাপৰ উমৈহতীয়া বুজাবুজিৰ জৰিয়তে আন্তঃকাৰ্যক্ষমতা গঢ়ি তোলা হয়। অংশগ্ৰহণকাৰী যুদ্ধজাহাজসমূহৰ কৰ্মীসকলৰ মাজত গঢ় লৈ উঠা পেছাদাৰী সম্পৰ্ক এই অনুশীলনৰ অন্ত পৰাৰ পিছতো অক্ষুণ্ণ থকাটো পৰিলক্ষিত হয় ৷ ই প্ৰতিষ্ঠানিক সংযোগ সুদৃঢ় কৰাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰো ভেটি স্থাপন কৰিছে।
ইবছামাৰ ৯ ২০২৬-ৰ সফল সমাপ্তিয়ে এক নিয়ম-ভিত্তিক শৃংখলাৰ ওপৰত প্ৰতিষ্ঠিত নিৰাপদ, সুৰক্ষিত আৰু মুক্ত সাগৰৰ সমৰ্থনত সামুদ্ৰিক সহযোগিতা অধিক সুদৃঢ় কৰা আৰু আন্তঃকাৰ্যক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ যৌথ প্ৰতিশ্ৰুতিক পুনৰবাৰ প্ৰতিফলিত কৰে।
_20261021190651_9eb409.jpeg)
_20261021190704_e63a60.jpeg)
***
VM/SPS/MM
(ৰিলিজ আই ডি : 2326403)
অতিথি কক্ষ : 5