প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশেষ অভিযান ৬-ৰ সময়ছোৱাত সামৰিক পৰিক্ৰমা বিভাগৰ ২.৪৬ লাখৰো অধিক নথি পৰ্যালোচনা

পোষ্ট কৰা হৈছে: 21 OCT 2026 4:48PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক পৰিক্ৰমা বিভাগৰ ‘বিশেষ অভিযান ৬’ ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ তাৰিখলৈ ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ মুখ্য উদ্দেশ্য হৈছে সাধাৰণ চাফাই কাৰ্যসূচী, উন্নত স্থান ব্যৱস্থাপনা, ভঙা-চিঙা অলাগতিয়াল সামগ্ৰী (স্ক্ৰেপ) নিষ্কাশন, অপ্ৰয়োজনীয় নথিপত্ৰ বিনষ্টকৰণ আৰু উপলব্ধ স্থানসমূহৰ সৌন্দৰ্যবৰ্ধনৰ জৰিয়তে এক পৰিষ্কাৰ কৰ্মক্ষেত্ৰ তথা চৌপাশ গঢ়ি তোলা।

অভিযানৰ প্ৰথম দুটা সপ্তাহত ২.৪৬ লাখৰো অধিক নথি পৰ্যালোচনা কৰা হৈছে, ৩,৫৫৩টা স্থানত চাফাই অভিযান চলোৱা হৈছে আৰু ১৫৮টা নিয়মৰ পৰ্যালোচনা কৰি সেইবোৰ সৰলীকৰণ কৰা হৈছে। ইয়াৰ উপৰি, এতিয়ালৈকে এনে অলাগতিয়াল সামগ্ৰী নিষ্কাশনৰ জৰিয়তে ৫০.৬০ লাখ টকাৰ ৰাজহো সংগ্ৰহ কৰা হৈছে।

নিৰ্ধাৰিত লক্ষ্যসমূহ ফলপ্ৰসূভাৱে পূৰণ কৰাটো সুনিশ্চিত কৰিবলৈ এই অভিযানৰ অগ্ৰগতি দৈনিক ভিত্তিত নিৰীক্ষণ কৰা হৈছে। ৰাইজৰ অভিযোগসমূহ নিষ্পত্তি কৰা, সাংসদসকলৰ পৰা অহা আবেদন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় পিএমঅ’ আৰু ৰাজ্য চৰকাৰসমূহৰ পৰা প্ৰাপ্ত প্ৰসংগসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি পৰিচালিত এই অভিযানত সমগ্ৰ দেশৰ প্ৰতিৰক্ষা বাহিনী তথা প্ৰতিৰক্ষা সংস্থাসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।

 

***

SR/Ruchi/MM
 


(ৰিলিজ আই ডি : 2326379) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi