পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ‘স্বচ্ছতা হি সেৱা ২০২৬’ অভিযান সফলতাৰে সম্পন্ন

লক্ষ্য নিৰ্ধাৰিত ৯,৮৪৫টা স্বচ্ছতা গোটৰ ৰূপান্তৰ; ৯৩৭টা ৰাজহুৱা স্থানৰ পৰিষ্কৰণ; ১৪৩টা জলাশয় পৰিষ্কাৰ অভিযান আৰু ২৭৬টা প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

পোষ্ট কৰা হৈছে: 19 OCT 2026 12:47PM by PIB Guwahati

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ (চি.পি.এছ.ই ) সমূহ আৰু ইয়াৰ সংলগ্ন কাৰ্যালয়সমূহৰ সহযোগত ১৭ ছেপ্টেম্বৰ, ২০২৬ ৰ পৰা ২ অক্টোবৰ, ২০২৬ লৈ ‘স্বচ্ছতা হি সেৱা’ অভিযানত অংশগ্ৰহণ কৰে। এই অভিযানৰ শুভাৰম্ভণি কৰা হৈছিল ১৭ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীৰ কৰ্তব্য ভৱন-৩ ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ সচিবৰ দ্বাৰা পৰিচালিত এটা শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে।

অভিযানৰ সময়ছোৱাত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবে নিয়মীয়াকৈ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচন  কৰিছিল আৰু অভিযানটোক অধিক শক্তিশালী কৰাৰ বাবে সকলো অংশীদাৰক সৰ্বাধিক অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ আৰু প্ৰচেষ্টা তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছিল।

### অভিযানৰ অধীনত লাভ কৰা প্ৰধান সাফল্যসমূহ

 

### স্বচ্ছতা গোটৰ নিৰ্ধাৰিত লক্ষ্য আৰু ৰাজহুৱা স্থানৰ ৰূপান্তৰ

 

 

অভিযানৰ প্ৰথম স্তম্ভৰ অধীনত মন্ত্ৰালয় আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহে চিনাক্ত কৰা বিভিন্ন স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰূপান্তৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। ইয়াৰ লগতে বজাৰ, চুবুৰী , শৌচাগাৰ, কাৰ্যালয় আৰু জলাশয়সমূহক সামৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

 

এই অভিযানত মুঠ ৯,৮৪৫টা স্বচ্ছতা লক্ষ্য গোট (চি টি ইউ) ৰূপান্তৰ কৰা হয়, য’ত ৯৯,৫৪৮গৰাকী লোকে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও ৯৩৭ টা ৰাজহুৱা স্থান পৰিষ্কাৰ কৰা হৈছে, য’ত ৪৫,৫২৬ গৰাকী অংশগ্ৰহণকাৰীয়ে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়।

 

 

জলসম্পদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১৪৩টা জলাশয় পৰিষ্কৰণ অভিযান চলোৱা হয়। এই অভিযানসমূহত ১,২৬৪গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ৫৪৩টা এলেকা পৰিষ্কৰণ অভিযানৰো আয়োজন কৰা হয়।

 

 

 

### স্বচ্ছ পাঠশালা: স্বচ্ছতাৰ বাবে যুৱসমাজ

 

 

যুৱপ্ৰজন্মৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে এই অভিযানত ছাত্ৰ-ছাত্ৰী, শিক্ষানুষ্ঠান আৰু সমাজৰ বিভিন্ন অংশীদাৰক জড়িত কৰোৱা হয়।

 

প্ৰতিবেদনত উল্লেখ কৰা কাৰ্যসূচীসমূহত মুঠ ১৮,৭০০গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত সজাগতা আৰু প্ৰদৰ্শনমূলক কাৰ্যসূচী, অংশীদাৰসকলৰ সৈতে মত-বিনিময়, বিদ্যালয় পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, ‘জল সঞ্চয় সংবাদ’ আৰু ‘জ্ঞান যাত্ৰা’ৰ কাৰ্যসূচী অন্তৰ্ভুক্ত আছিল। এই অভিযানৰ জ্ঞান যাত্ৰা কাৰ্যসূচীত ৩,১০৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণো নথিভুক্ত কৰা হয়।

 

 

### চাফাই কৰ্মীৰ সুৰক্ষা আৰু সন্মান শিবিৰ

 

 

পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত চাফাই কৰ্মীসকলৰ গুৰুত্বপূৰ্ণ অৱদানক স্বীকৃতি প্ৰদান কৰি মন্ত্ৰালয়ৰ অধীনস্থ সংস্থাসমূহে ২৩৪ টা ‘চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ’ৰ আয়োজন কৰে। এই শিবিৰসমূহত ৭,০৯৮গৰাকী চাফাই কৰ্মীয়ে অংশগ্ৰহণ কৰে।

 

৪,৩৬৫গৰাকী অংশগ্ৰহণকাৰীৰ বাবে ২৭৬টা প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয় আৰু ৩,৫১৮টা ব্যক্তিগত সুৰক্ষা সঁজুলি (পি পি ই) কিট বিতৰণ কৰা হয়। এই পদক্ষেপসমূহে চাফাই কৰ্মীসকলৰ সুৰক্ষা, স্বাস্থ্য, মৰ্যাদা আৰু কল্যাণমূলক সুবিধা লাভৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ দিশটোক প্ৰতিফলিত কৰে।

 

 

### স্বচ্ছতাৰ বাবে সমূহীয়া অংশগ্ৰহণ

 

 

সজাগতা অভিযান, পচন সাৰ প্ৰস্তুতকৰণৰ পদক্ষেপ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাসকৰণৰ কাৰ্যসূচী আৰু সামূহিক অনুষ্ঠানৰ জৰিয়তে নাগৰিকসকলৰ অংশগ্ৰহণক উৎসাহিত কৰা হয়।

 

অভিযানৰ অধীনত ৪৫০টা পচন সাৰ প্ৰস্তুতকৰণ সম্পৰ্কীয় সজাগতা অভিযান আৰু ১৫৪টা ‘স্বচ্ছতাৰ বাবে ক্ৰীড়া’ কাৰ্যসূচী অনুষ্ঠিত হয়। এই ক্ৰীড়া কাৰ্যসূচীত ৩,৫৩০গৰাকী লোকে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ‘প্লাষ্টিক বৰ্জন কৰক’ কাৰ্যসূচীত ২,৬৬২গৰাকী লোকে অংশগ্ৰহণ কৰে। এই পদক্ষেপসমূহে বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামত সামূহিক অংশগ্ৰহণক উৎসাহিত কৰে।

 

 

### স্বচ্ছতাৰ জৰিয়তে সমৃদ্ধি

 

 

অভিযানৰ পঞ্চম স্তম্ভৰ অধীনত আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টি আৰু চক্ৰীয় অৰ্থনীতিৰ ধাৰণাক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত ‘আৱৰ্জনাৰ পৰা সম্পদ’ আৰু ‘আৱৰ্জনাৰ পৰা কলা’ৰ দৰে পদক্ষেপ অন্তৰ্ভুক্ত আছিল।

 

এই ক্ষেত্ৰত লাভ কৰা সাফল্যসমূহৰ ভিতৰত ১৯১খন কলা মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ সৈতে সম্পৰ্ক স্থাপন, ১৭৫খন প্লাষ্টিক পুনঃচক্ৰীকৰণ মেলা, ১৩৫টা প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা গোট (পি ডব্লিউ এম ইউ)ৰ মূল্যায়নৰ লগতে ‘আৱৰ্জনাৰ পৰা সম্পদ’ৰ অধীনত ৬৮৭টা আৰু ‘আৱৰ্জনাৰ পৰা কলা’ৰ অধীনত ৬০৭টা প্ৰৱিষ্টি অন্তৰ্ভুক্ত হৈছে।

 

এই কাৰ্যসূচীসমূহে আৱৰ্জনাৰ সৃষ্টিশীল পুনৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে সম্পদৰ পুনৰুদ্ধাৰ আৰু বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ে সজাগতা বৃদ্ধি কৰে।

 

 

### স্বচ্ছতাৰ মনোভাৱ অক্ষুণ্ণ ৰখা

 

এই সাফল্যসমূহ মন্ত্ৰালয়, ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ আৰু সহযোগী সংগঠনসমূহ, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, চাফাই কৰ্মচাৰী আৰু নাগৰিকসকলৰ সামূহিক প্ৰচেষ্টাৰ প্ৰতিফলন। স্বচ্ছতা অভিযান, সজাগতা কাৰ্যসূচী, কল্যাণমূলক শিবিৰ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ পদক্ষেপসমূহৰ জৰিয়তে এই অভিযানে জনসাধাৰণৰ অংশগ্ৰহণ সুদৃঢ় কৰিবলৈ আৰু স্বচ্ছতাক এক নিৰন্তৰ অভ্যাস হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ চেষ্টা কৰিছিল।

 

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে স্বচ্ছতা, পাৰিপাৰ্শ্বিক দায়বদ্ধতা আৰু জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। ইয়াৰ জৰিয়তে এখন স্বচ্ছ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বৃহত্তৰ লক্ষ্যত অৰিহণা যোগোৱাৰ প্ৰয়াস অব্যাহত থাকিব।

 

***

SJ/UD


(ৰিলিজ আই ডি : 2325332) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil