বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

গুজৰাটত ডি আৰ আইৰ অভিযানত প্ৰায় ১৯.৪১ কোটি টকা মূল্যৰ ১৩ কেজি বিদেশী সোণ জব্দঃ সোণ চোৰাং চালানৰ চক্ৰ উৎখাত, তিনিজনক গ্ৰেপ্তাৰ

ডুবাইস্থিত এজন বিত্ত যোগানকাৰীৰ সহযোগত আহমেদাবাদ আৰু ছুৰাট বিমানবন্দৰক কেন্দ্ৰ কৰি চলিছিল এই চক্ৰ; বডোদৰাত আছিল অবৈধ সোণ গলোৱা কেন্দ্ৰ

পোষ্ট কৰা হৈছে: 19 OCT 2026 4:18PM by PIB Guwahati

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ লগতে আহমেদাবাদ আৰু ছুৰাট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে ভাৰতলৈ বিদেশী সোণ সৰবৰাহ কৰা এটা সংগঠিত চক্ৰ উৎখাত কৰিছে। এই সন্দৰ্ভত ১৯৬২ চনৰ শুল্ক আইনৰ অধীনত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

 

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ডি আৰ আইৰ বিষয়াসকলে সন্দেহযুক্ত লোককেইজনক নিৰীক্ষণত ৰাখে আৰু ১৬ অক্টোবৰ, ২০২৬ৰ পৰা আৰম্ভ কৰি ৪২ ঘণ্টা সময় ধৰি সমন্বিত তালাচী অভিযান চলায়। এই অভিযানত চক্ৰটোৰ সম্পূৰ্ণ কাৰ্যপ্ৰণালী পোহৰলৈ আহে। ইয়াৰ ভিতৰত আছিল বিমানযাত্ৰীৰ জৰিয়তে সোণ সৰবৰাহ, বিমানবন্দৰৰ বাহিৰত নিৰ্দিষ্ট ব্যক্তিৰ হাতত সোণ গতাই দিয়া, অবৈধভাৱে সোণ গলাই লোৱা আৰু অলংকাৰৰ বিপণীৰ জৰিয়তে সেই সোণ বিক্ৰী কৰা। এই অভিযানত প্ৰায় ১৯.৪১ কোটি টকা মূল্যৰ ১৩.০১৭ কিলোগ্ৰাম বিদেশী সোণৰ সৈতে জড়িত লেনদেনৰ তথ্য পোহৰলৈ আহিছে।

 

প্রাথমিক তদন্তত পোহৰলৈ আহিছে যে চোৰাং ব্যৱসায়ীসকলে অভিনৱ পদ্ধতিৰে যাত্ৰীসকলৰ জৰিয়তে দেশলৈ সোণ সৰবৰাহ কৰিছিল। ইয়াৰ ভিতৰত আছিল ৰ’ডিয়ামৰ প্ৰলেপ দিয়া মিহি সোণৰ তাৰ, ট্ৰলী বেগৰ ভিতৰৰ লাইনিঙত লুকুৱাই থোৱা সোণ আৰু বেগৰ ভিতৰৰ খোলাত  লুকুৱাই থোৱা সোণৰ পেষ্ট । উত্থাপিত অভিযোগ অনুসৰি, বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত এই সোণ বিমানবন্দৰৰ বাহিৰত থকা সহযোগীসকলৰ হাতত গতাই দিয়া হয় আৰু তাৰ পিছত মধ্যস্থতাকাৰীৰ জৰিয়তে সোণখিনি বডোদৰাৰ এটা অবৈধ সোণ গলোৱা কেন্দ্ৰলৈ নিয়া হয়। গলাই লোৱা সোণখিনি পৰৱৰ্তী সময়ত নগদ ধনৰ বিনিময়ত বিক্ৰীৰ বাবে আহমেদাবাদৰ এখন অলংকাৰৰ বিপণীক যোগান ধৰা হয়।

 

অবৈধ সোণ গলোৱা কেন্দ্ৰ

 

ৰ’ডিয়ামৰ প্ৰলেপ দিয়া সোণৰ তাঁৰ

 

সোণৰ পেষ্ট

 

এই সমন্বিত অভিযানৰ ফলত প্ৰায় ৮৯০ গ্ৰাম সোণ জব্দ কৰাৰ লগতে ৬.৪১ কিলোগ্ৰাম অবৈধভাৱে গলিত সোণৰ সৈতে জড়িত আপত্তিজনক প্ৰমাণ উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত অলংকাৰৰ বিপণীখনত চলোৱা তালাচীত নথি-পত্ৰবিহীন বিদেশী সোণৰ বিস্কুট উদ্ধাৰ কৰা হয়। তদুপৰি এই অভিযানত চক্ৰটোৰ ডুবাইত থকা মূল বিত্তীয় পৃষ্ঠপোষক ডুবাইত থকা লোক এজনৰ সৈতে সম্পৰ্কিত আন এজন সহযোগীৰ জৰিয়তে সৰবৰাহ কৰা প্ৰায় ৫.৮ কিলোগ্ৰাম সোণৰ লেনদেনৰ তথ্য সম্বলিত নথি-পত্ৰও উদ্ধাৰ কৰা হয়।

 

 

এই অভিযানত বিমানযাত্ৰী, সোণ সংগ্ৰহ কৰা সহযোগী, মধ্যস্থতাকাৰী, সোণ গলোৱা কেন্দ্ৰৰ পৰিচালক আৰু অলংকাৰৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত থকা আন্তঃসম্পৰ্ক উন্মোচিত হৈছে। এইসকল ব্যক্তিয়ে মিলি চোৰাং সোণৰ সৰবৰাহ আৰু হস্তান্তৰৰ ক্ষেত্ৰত সহায় কৰিছিল। তদন্তৰ সময়ত সোণ সংগ্ৰহ কৰা সহযোগী তথা বিত্তীয় পৃষ্ঠপোষক, সোণ গলোৱা কেন্দ্ৰৰ পৰিচালক আৰু আন কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিক চিনাক্ত কৰা হৈছে। ১৯৬২ চনৰ শুল্ক আইনৰ বিধান অনুসৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

 

 

এই অভিযানৰ জৰিয়তে ডি আৰ আয়ে সংগঠিত সোণ সৰবৰাহকাৰী চক্ৰসমূহৰ বিৰুদ্ধে গ্ৰহণ কৰা লক্ষ্যভিত্তিক পদক্ষেপৰ প্ৰতিফলন ঘটিছে। সোণ লুকুৱাই অনা আৰু বিমানবন্দৰৰ জৰিয়তে সৰবৰাহ কৰাৰ পৰা আৰম্ভ কৰি সোণ গলোৱা, বিত্তীয় যোগান আৰু দেশৰ অভ্যন্তৰীণ বজাৰত বিক্ৰী কৰালৈকে চক্ৰটোৰ প্ৰতিটো স্তৰক লক্ষ্য কৰি এনে চোৰাং সোণ সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

 

KT/KMN/UD


(ৰিলিজ আই ডি : 2325330) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , Tamil , Telugu