প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা সচিবৰ দ্বাৰা প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা বিভাগৰ ডি বি আই এম-আজ্ঞাধীন নতুন ৱেবছাইট মুকলি
পোষ্ট কৰা হৈছে:
19 OCT 2026 5:16PM by PIB Guwahati
প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙে ২০২৬ চনৰ ১৯ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা বিভাগৰ দুটা পুনৰ নিৰ্মিত ৱেবছাইট মুকলি কৰে। আধুনিক, সহজে ব্যৱহাৰ কৰিব পৰা আৰু সকলোৰে বাবে সুলভ এই ৱেবছাইট দুটা ডিজিটেল ব্ৰেণ্ড আইডেণ্টিটি মেনুৱেল (ডি বি আই এম) ৩.০ আৰু ভাৰত চৰকাৰৰ ৱেবছাইটসমূহৰ বাবে নিৰ্ধাৰিত নিৰ্দেশনাৱলী (জি আই জি ডব্লিউ) ৩.০-ৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে।
এই ৱেবছাইটসমূহৰ জৰিয়তে নাগৰিক, অংশীদাৰ আৰু অন্যান্য ব্যৱহাৰকাৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নীতি, পদক্ষেপ, কাৰ্যকলাপ, অধিসূচনা, প্ৰতিৰক্ষা সম্পৰ্কীয় শেহতীয়া তথ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ সমলসমূহ সহজে লাভ কৰিব পাৰিব। অধিকসংখ্যক লোকৰ ওচৰলৈ তথ্য প্ৰেৰণ আৰু ইয়াৰ সুলভতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই ৱেবছাইটত ভাৰতৰ ২২টা চৰকাৰী ভাষাত সমল যোগানৰ ব্যৱস্থা কৰা হৈছে। www.mod.gov.in-ত ৱেবছাইট দুটা চাব পাৰিব।
এই পদক্ষেপে ডিজিটেল ইণ্ডিয়া আৰু ই-গভৰ্ণেন্সৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এখন সুৰক্ষিত আৰু আধুনিক ডিজিটেল মঞ্চৰ জৰিয়তে স্বচ্ছতা, কাৰ্যদক্ষতা, সুলভতা আৰু নাগৰিককেন্দ্ৰিক তথ্য প্ৰদান ব্যৱস্থাক শক্তিশালী কৰাৰ লক্ষ্যক আগবঢ়াই নিছে।
***
SR/Kamlesh/UD
(ৰিলিজ আই ডি : 2325325)
অতিথি কক্ষ : 4