প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২৬ৰ অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 18 OCT 2026 5:57PM by PIB Guwahati

আইচি-নাগোয়াত এছিয়ান পেৰা গেমছ ২০২৬ৰ শুভাৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় খেলুৱৈসকললৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ পেৰা-এথলীটসকলক লৈ অতিশয় গৌৰৱান্বিত, যাৰ দৃঢ়তা, নিষ্ঠা আৰু অদম্য উদ্যমে ১৪০ কোটি ভাৰতীয়ক অনুপ্ৰাণিত কৰে।

 

শ্ৰী মোদীয়ে খেলুৱৈসকলক আত্মবিশ্বাসেৰে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ৰ এটা পোষ্টত কয়;

 

"আইচি-নাগোয়াত এছিয়ান পেৰা গেমছ ২০২৬ আৰম্ভ হোৱাৰ উপলক্ষে ভাৰতীয় খেলুৱৈসকললৈ মোৰ আন্তৰিক শুভকামনা জনাইছোঁ।

 

ভাৰতে আমাৰ অসাধাৰণ পেৰা-এথলীটসকলক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰে। তেওঁলোকৰ দৃঢ়তা, নিষ্ঠা আৰু অদম্য উদ্যমে ১৪০ কোটি ভাৰতীয়ক অনুপ্ৰাণিত কৰে।

 

তেওঁলোকে আত্মবিশ্বাসেৰে প্ৰতিদ্বন্দ্বিতা কৰক আৰু নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াওক, তাকে কামনা কৰিলোঁ।"

 

*******


MJPS/SS/ST/DB


(ৰিলিজ আই ডি : 2324995) অতিথি কক্ষ : 6