প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

লোকায়ন ২০২৬ – ওমানৰ চালালাহৰ পৰা ৰাওনা হ’ল ভাৰতীয় নৌসেনাৰ জাহাজ সুদৰ্শিনী

পোষ্ট কৰা হৈছে: 18 OCT 2026 6:51PM by PIB Guwahati

১৪ৰ পৰা ১৭ অক্টোবৰ ২০২৬লৈ ওমান ভ্ৰমণৰ অন্তত ভাৰতীয় নৌসেনাৰ তিনিডাল মাস্তুলযুক্ত পালতোলা প্ৰশিক্ষণ জাহাজ আইএনএছ সুদৰ্শিনীয়ে চালালাহৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ লগে লগে জাহাজখনে নিজৰ ঐতিহাসিক আন্তঃমহাসাগৰীয় অভিযান 'লোকায়ন-২০২৬' অব্যাহত ৰাখিছে। এই সাগৰীয় যাত্ৰাই ভাৰতীয় নৌসেনাৰ চহকী সামুদ্ৰিক ঐতিহ্য আৰু নৱপ্ৰশিক্ষাৰ্থীসকলৰ মাজত পেচাদাৰী নাবিকত্ব, সহনশীলতা তথা নেতৃত্বৰ গুণসমূহ বিকশিত কৰাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।

বন্দৰত বাহৰ পতাৰ সময়ছোৱাত হোৱা পেচাদাৰী মত-বিনিময় আৰু খেল-ধেমালিয়ে ভাৰতীয় নৌসেনা আৰু ৰয়েল নেভী অব্ ওমানৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে বন্ধুত্বৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিলে। ই দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছে।

'লোকায়ন-২০২৬' দশম মাহত ভৰি দিয়াৰ সময়তে আইএনএছ সুদৰ্শিনীৰ এই যাত্ৰাই ভাৰতীয় নৌসেনাৰ অন্বেষণৰ স্পৃহা, পেচাদাৰী উৎকৃষ্টতা আৰু সামুদ্ৰিক কূটনীতিৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি এই জাহাজখনে ভাৰতৰ এক দূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছে— যিয়ে 'বসুধৈৱ কুটুম্বকম্'ৰ চিৰন্তন সভ্যতাসুলভ আদৰ্শক বুকুত কঢ়িয়াই আৰু 'মহাসাগৰ' (অঞ্চলসমূহৰ নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সামগ্ৰিক অগ্ৰগতি)ৰ দৃষ্টিভংগীক আগবঢ়াই নি সৌহাৰ্দ্য তথা সামুদ্ৰিক অংশীদাৰিত্ব গঢ়ি তুলিছে।

 

*******

VM/AS/MM


(ৰিলিজ আই ডি : 2324994) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: Urdu , English , Marathi , हिन्दी , Bengali , Tamil