প্ৰতিৰক্ষা মন্ত্ৰালয়
সামুদ্ৰিক সহযোগিতা অধিক সুদৃঢ় কৰি প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনৰ ছীচেলছ যাত্ৰাৰ সামৰণি
পোষ্ট কৰা হৈছে:
17 OCT 2026 6:49PM by PIB Guwahati
ৰতীয় নৌসেনাৰ প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰন (১টিএছ)-ৰ জাহাজসমূহ— আইএনএছ তীৰ, আইএনএছ সুজাতা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ সাৰথিয়ে চলিত প্ৰশিক্ষণ মোতায়েনৰ অংশ হিচাপে ১২ অক্টোবৰ ২০২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা ভ্ৰমণ সমাপ্ত কৰি ১৫ অক্টোবৰ ২০২৬ তাৰিখে ছীচেলছৰ প’ৰ্ট ভিক্টোৰিয়াৰ পৰা মেলানি মাগে। পেছাদাৰী প্ৰশিক্ষণ, সক্ষমতা বৃদ্ধি আৰু দেশখনৰ নেতৃত্ব তথা সামুদ্ৰিক সমাজৰ সৈতে মত বিনিময়ৰ জৰিয়তে এই কাৰ্যসূচীয়ে ভাৰত আৰু ছীচেলছৰ মাজৰ দীৰ্ঘদিনীয়া অংশীদাৰিত্বক অধিক সুদৃঢ় কৰি তোলে।
বন্দৰ ভ্ৰমণৰ সময়ত প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনৰ জ্যেষ্ঠ বিষয়াৰ লগতে ভ্ৰমণকাৰী জাহাজসমূহৰ কমাণ্ডিং অফিচাৰসকলে ছীচেলছ ডিফেন্স ফ’ৰ্চ (এছডিএফ)-ৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল মাইকেল ৰ’জেটক সাক্ষাৎ কৰে। এই আলোচনাত দুয়োটা বাহিনীৰ মাজৰ সুদৃঢ় অংশীদাৰিত্ব আৰু দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত আলোকপাত কৰা হয়।
এই কাৰ্যসূচীত পেছাদাৰী কাম-কাজ আৰু পাৰস্পৰিক প্ৰশিক্ষণমূলক ভ্ৰমণৰ লগতে এছডিএফ কৰ্মীসকলৰ বাবে অগ্নিনিৰ্বাপণ আৰু সৰু অস্ত্ৰ-শস্ত্ৰ পৰিচালনাৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত আছিল। তদুপৰি প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনে ছীচেলছ উপকূলৰক্ষী বাহিনীৰ জাহাজ এণ্ড্ৰ’মাকেৰ সৈতে যুটীয়া তহল, যোগাযোগ অনুশীলন আৰু সমন্বিত কৌশল প্ৰদৰ্শন সম্বলিত এক পেছেজ এক্সাৰচাইজ (পাছেক্স) সম্পন্ন কৰে। সামাজিক পদক্ষেপসমূহৰ অংশ হিচাপে এটা চিকিৎসা শিবিৰ, পইণ্ট লা ৰু বৃদ্ধাশ্ৰমত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভ্ৰমণ আৰু ভাৰতীয় নৌসেনাৰ বেণ্ডৰ দ্বাৰা এক সংগীত অনুষ্ঠান পৰিৱেশন কৰা হয়।
এই মোতায়েনে ভাৰত আৰু ছীচেলছৰ মাজৰ বন্ধুত্বৰ মজবুত বান্ধোনক প্ৰতিফলিত কৰাৰ লগতে মহাসাগৰ (MAHASAGAR -মিউচুৱেল এণ্ড হ’লিষ্টিক এডভাঞ্চমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিয়ন্স) দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সক্ষমতা বৃদ্ধি আৰু আঞ্চলিক অংশীদাৰিত্বৰ প্ৰতি ভাৰতীয় নৌসেনাৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ প্ৰমাণ কৰে।
_20261017185118_01c63c.jpeg)
_20261017185133_132188.jpeg)
_20261017185205_59a949.jpeg)
_20261017185216_dcb2f5.jpeg)
*****
VM/SPS/MM
(ৰিলিজ আই ডি : 2324821)
অতিথি কক্ষ : 5