প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

এফঅ’চি-ইন-চি (ডব্লিউএনচি) ভাইচ এডমিৰেল সঞ্জয় বাৎসায়নৰ দ্বাৰা প্ৰজেক্ট ছীবাৰ্ড আন্তঃগাঁথনিৰ উদ্বোধন

পোষ্ট কৰা হৈছে: 17 OCT 2026 3:20PM by PIB Guwahati

৫ অক্টোবৰ, ২০২৬ ত ৱেষ্টাৰ্ণ নেভেল কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চিফ ভাইচ এডমিৰেল সঞ্জয় বাৎসায়নে  কাৰৱাৰস্থিত নৌসেনা ঘাটিত প্ৰকল্প ছীবাৰ্ডৰ পৰ্য্যায় IIA-ৰ অংশ হিচাপে ভাৰতীয় নৌসেনাৰ প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীসকলৰ বাবে আৱাসিক গৃহ আৰু ষ্টেচন হেল্থ অৰ্গেনাইজেশ্যনৰ লগতে ট্ৰাংক ইউটিলিটি আৰু প্ৰৱেশ আন্তঃগাঁথনি উদ্বোধন কৰে। এই অনুষ্ঠানত ছীবাৰ্ডৰ সঞ্চালক প্ৰধান ভাইচ এডমিৰেল বিবেক দাহিয়া আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

উদ্বোধন কৰা আৱাসিক আৰু চিকিৎসালয়ৰ সুবিধাসমূহৰ ভিতৰত নৌসেনা প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীসকলৰ বাবে ৩০০টা আৱাসিক গোট সম্বলিত পাঁচটা টাৱাৰ আৰু বৰ্তমানৰ চিকিৎসালয় আই.এন.এছ. পতঞ্জলিৰ ক্ষমতা ৪০৯খন বিছনালৈ বৃদ্ধি কৰাৰ অংশ হিচাপে এটা ষ্টেচন হেল্থ অৰ্গেনাইজেশ্যন চৌহদ অন্তৰ্ভুক্ত কৰা হৈছে। এই সুবিধাসমূহক এটা দুই লাখ লিটাৰ ক্ষমতা সম্পন্ন পাহাৰৰ ওপৰৰ পানীৰ জলাধাৰ আৰু এটা নৰ্দমা শোধন প্ৰকল্প (এছটিপি) নিৰ্মাণ কৰা হৈছে।

কাৰৱাৰ নৌসেনা ঘাটিৰ ক্ৰমবৰ্ধমান শক্তিয়ে ইয়াৰ নিকা পৰিৱেশ সংগতি আৰু সুচল প্ৰৱেশ সুবিধাৰ ক্ৰমাগত বৃদ্ধিৰ প্ৰয়োজন আছে। সেই উদ্দেশ্যে এটা আধুনিক সংহত কঠিন আৱৰ্জনা ব্যৱস্থাপনা সুবিধা আৰু নিৰ্দিষ্ট পদচাৰী তথা চাইকেল চলোৱাৰ পথসহ চাৰি লেনযুক্ত বাহন চলাচলৰ সুবিধাৰ বাবে দলং আন্তঃগাঁথনিয়ে সমৃদ্ধ এটা প্ৰৱেশ দ্বাৰো উদ্বোধন কৰা হয়।

এই আন্তঃগাঁথনিমূলক উন্নয়নসমূহ প্ৰজেক্ট ছীবাৰ্ডৰ চলিত দ্বিতীয় পৰ্যায় ‘ক’-ৰ অংশ, যাৰ পৰিসৰত এটা দ্বি-ব্যৱহাৰযোগ্য নৌসেনা বায়ু কেন্দ্ৰ, এটা পূৰ্ণাংগ নৌসেনা ডকয়াৰ্ড আৰু জাহাজ তথা বিমানৰ বাবে লজিষ্টিকছ সুবিধা নিৰ্মাণৰ কাম অন্তৰ্ভুক্ত আছে। প্ৰায় ১০,০০০ গৰাকী নৌসেনা পোছাকধাৰী আৰু অসামৰিক কৰ্মীৰ লগতে তেওঁলোকৰ পৰিয়ালক আশ্ৰয় দিয়া এই নৌ ঘাটিয়ে স্থানীয় অৰ্থনীতি, উদ্যোগ আৰু পৰ্যটনক যথেষ্ট উৎসাহিত কৰিব তথা উত্তৰ কন্নড় অঞ্চলৰ বাবে অসংখ্য প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

এই প্ৰকল্পটো পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (এমঅ’ইএফএণ্ডচিচি) আৰু ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউন্সিল (আইজিবিচি)-ৰ বৰ্তমানৰ নিয়ম অনুসৰি নিৰ্মাণ কৰা হৈছে আৰু সম্পূৰ্ণ হোৱাৰ পিছত ই আইজিবিচি স্বৰ্ণ মান্যতা লাভ কৰিব। ৯০% তকৈ অধিক সামগ্ৰী আৰু সঁজুলি ঘৰুৱাভাৱে সংগ্ৰহ কৰি এই প্ৰকল্পটোৱে আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণাক বাস্তৱায়িত কৰিছে।

 

*****

VM/SPS/MM


(ৰিলিজ আই ডি : 2324705) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Tamil