আয়ুষ
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতিৰ কৌমাৰাকন ২০২৬ উদ্বোধনৰ লগতে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ ডিজিটেল পদক্ষেপৰ শুভাৰম্ভ

"গৱেষণাই বিশ্বজনীন গ্ৰহণযোগ্যতাৰ বাবে পৰম্পৰাগত স্বাস্থ্যসেৱা অনুশীলনৰ বৈজ্ঞানিক ভিত্তি স্থাপন কৰিব লাগিব": উপ-ৰাষ্ট্ৰপতি

"প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, পুষ্টি আৰু শিশু বিকাশৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ যথেষ্ট সম্ভাৱনা আছে": কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ

"এ আই আই এ আয়ুৰ্বেদিক শিক্ষা, গৱেষণা আৰু চিকিৎসা যতনৰ ক্ষেত্ৰত অগ্ৰণী হিচাপে আত্মপ্ৰকাশ কৰিছে": বৈদ্য ৰাজেশ কোটেচা

গৱেষণা, উদ্ভাৱন আৰু চিকিৎসা সেৱাৰ অগ্ৰগতিৰ বাবে কৌমাৰাকন ২০২৬ত ডিজিটেল পদক্ষেপৰ শুভাৰম্ভ

পোষ্ট কৰা হৈছে: 15 OCT 2026 5:55PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত (এ আই আই এ)ত কৌমাৰাকন ২০২৬ উদ্বোধন কৰে। এই অনুষ্ঠানটো হৈছে কৌমাৰভৃত্য (আয়ুৰ্বেদিক শিশু ৰোগ) সম্পৰ্কীয় তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় সন্মিলন। এই অনুষ্ঠানটো ২০২৬ চনৰ ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ "শিশু স্বাস্থ্যৰ ভৱিষ্যৎ গঠনঃ বিশ্বজনীন দৃষ্টিভংগী, গৱেষণা উদ্ভাৱন, আৰু কৌমাৰভৃত্যত ক্লিনিকেল ফ্ৰণ্টিয়াৰ" শীৰ্ষক বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হৈছে। এই উপলক্ষে প্ৰতিষ্ঠানৰ দশম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অনুষ্ঠানত আয়ুৰ্বেদিক শিক্ষা, চিকিৎসা সেৱা, বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক দশকৰ প্ৰগতিৰ দিশৰ ওপৰত আলোকপাত কৰা হৈছিল।

উপ-ৰাষ্ট্ৰপতিয়ে পৰম্পৰাগত স্বাস্থ্যসেৱা পদ্ধতিৰ কাৰ্যকাৰিতা প্ৰতিষ্ঠা কৰিবলৈ, ৰোগীৰ আত্মবিশ্বাস শক্তিশালী কৰিবলৈ আৰু ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বিশ্বব্যাপী গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ অধিক বৈজ্ঞানিক গৱেষণাৰ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিয়ে ইয়াৰ সভ্যতাৰ জ্ঞান আৰু শতিকা পুৰণি জ্ঞান পৰম্পৰাত নিহিত এক মূল্যৱান উত্তৰাধিকাৰক প্ৰতিনিধিত্ব কৰে। তেওঁ যোগৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ স্থাপনক বিশ্বৰ সৈতে ভাৰতৰ পৰম্পৰাগত জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে উল্লেখ কৰে।

এইমছৰ দৰে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (এ আই আই এ)ক বিকশিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰতিষ্ঠানটোৱে এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছে। দশম প্ৰতিষ্ঠা দিৱসত এ আই আই এক অভিনন্দন জনাই তেওঁ গৱেষণা, উদ্ভাৱন আৰু শৈক্ষিক উৎকৃষ্টতাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানৰ স্থিতি অধিক শক্তিশালী কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টাৰ গুৰুত্বৰ ক্ষেত্ৰত আলোকপাত কৰে। তেওঁ গৱেষক আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত লোকসকলক পৰম্পৰাগত জ্ঞান সংৰক্ষণ কৰিবলৈ, বৈজ্ঞানিক ভিত্তিৰ জৰিয়তে ইয়াক শক্তিশালী কৰিবলৈ আৰু শিশুৰ স্বাস্থ্যক তেওঁলোকৰ প্ৰচেষ্টাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।

আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপ ৰাও যাদৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা দশকত ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ৰুপান্তৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে উল্লেখ কৰে যে আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থা যাক এসময়ত প্ৰায়ে বিকল্প পদ্ধতি হিচাপে গণ্য কৰা হৈছিল, সেই আৰ্য়ুবেদিক চিকিৎসাক প্ৰতিষ্ঠানিক বিকাশ, বৈজ্ঞানিক গৱেষণা, মানৰ নিশ্চয়তা আৰু প্ৰমাণ-আধাৰিত চিকিৎসা পদ্ধতিৰ জৰিয়তে বিস্তৃত স্বাস্থ্যসেৱা পৰিকাঠামোত ক্ৰমান্বয়ে একত্ৰিত কৰা হৈছে।

আয়ুষ মন্ত্ৰালয়ৰ ১১ বছৰীয়া প্ৰগতিৰ কথা উল্লেখ কৰি শ্ৰী প্ৰতাপ ৰাও যাদৱে আয়ুষ ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ বৰ্ধিত বিশ্বাস, স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে এই ৰূপান্তৰৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে এ আই আই এক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ কৰাৰ পিছৰে পৰা প্ৰতিষ্ঠানটোৱে ইয়াৰ শৈক্ষিক আৰু চিকিৎসা সেৱা সামৰ্থ্য শক্তিশালী কৰিছে, এন এ এ চি এ++ স্বীকৃতি লাভ কৰিছে, ইয়াৰ বিশেষ বাহ্যিক ৰোগী সেৱা সম্প্ৰসাৰিত কৰিছে আৰু ইয়াৰ গৱেষণাৰ আন্তঃগাঁথনি উন্নত কৰিছে।

কৌমাৰাকন ২০২৬ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী যাদৱে কয় যে শিশুৰ স্বাস্থ্য ৰাষ্ট্ৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু হৈ থাকিব লাগিব আৰু ভাৰতৰ পৰম্পৰাগত আয়ুৰ্বেদিক জ্ঞানে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, মাতৃ আৰু শিশুৰ পুষ্টি, বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত মূল্যৱান দৃষ্টিভংগী প্ৰদান কৰে। তেওঁ শিশুৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশ্বাসযোগ্য, নিৰাপদ আৰু ফলপ্ৰসূ পদ্ধতি প্ৰতিষ্ঠাৰ বাবে এই পৰম্পৰাগত জ্ঞানক সমসাময়িক বৈজ্ঞানিক পদ্ধতিৰ সৈতে একত্ৰিত কৰাৰ বিষয়ৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই এই অনুষ্ঠানটো আয়ুষ খণ্ডৰ সাফল্য আৰু ভাৰতত পৰম্পৰাগত ঔষধৰ প্ৰতিষ্ঠানিক ৰূপান্তৰৰ প্ৰতিফলিত কৰাৰ এক সুযোগ বুলি বৰ্ণনা কৰে। তেওঁ ৰাষ্ট্ৰীয় আয়ুষ মিছন, সম্প্ৰসাৰিত স্বাস্থ্যসেৱা সুবিধা, গৱেষণাৰ পদক্ষেপ, মানৰ নিশ্চয়তা তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে আয়ুষক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন আৰু আয়ুষ গৱেষণা পৰ্টেল তথা পৰম্পৰাগত ঔষধৰ গোলকীয় পুথিভঁৰালৰ জৰিয়তে বৈজ্ঞানিক সাহিত্যৰ বৰ্ধিত উপলব্ধতাৰ কথা উল্লেখ কৰে।

এআইআইএৰ অৱদানৰ ওপৰত আলোকপাত কৰি বৈদ্য কোটেচাই উল্লেখ কৰে যে প্ৰতিষ্ঠানটোৱে ৪৫ টাতকৈও অধিক বিশেষ ওপিডি পৰিচালনা কৰে, ১২টা বিশেষ বিষয়ত স্নাতকোত্তৰ আৰু ডক্টৰেট শিক্ষা প্ৰদান কৰে, ১০৫টা ফাৰ্মাকোভিজিলেন্স কেন্দ্ৰক পৰামৰ্শ দিয়ে আৰু ৯৭ টাতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সহযোগিতা বজাই ৰাখে। তেওঁ গোৱাত এ আই আইএ উপগ্ৰহ শিবিৰ স্থাপন আৰু ২০২৬-২৭ চনৰ কেন্দ্ৰীয় বাজেটত তিনিখন নতুন এ আই আই এ প্ৰতিষ্ঠানৰ ঘোষণাৰ কথাও উল্লেখ কৰে।

কৌমাৰভৃত্যৰ কেন্দ্ৰীয় মুখ্য ভূমিকাৰ কথা উল্লেখ কৰি সচিবগৰাকীয়ে শিশুৰ স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত গৱেষণা, সহযোগিতা আৰু উদ্ভাৱনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৌমাৰাকন ২০২৬এ শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ অৱদানক আৰু আগুৱাই নিয়াৰ লগতে ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডত ইয়াৰ ভূমিকা শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

 

বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই নতুন দিল্লীৰ এ আই আই এৰ সঞ্চালক অধ্যাপক (বৈদ্য) পি কে প্ৰজাপতিয়ে কৌমাৰাকন ২০২৬ক, দশকযোৰা সেৱা, শৈক্ষিক উন্নয়ন আৰু বৈজ্ঞানিক সাফল্য সম্পূৰ্ণ কৰাৰ দিশত প্ৰতিষ্ঠানটোৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি বৰ্ণনা কৰে। অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেওঁ উপ-ৰাষ্ট্ৰপতিগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু সমসাময়িক বৈজ্ঞানিক অনুসন্ধানৰ সৈতে পৰম্পৰাগত আয়ুৰ্বেদিক জ্ঞানক একত্ৰিত কৰাৰ ক্ষেত্ৰত এ আই আই এৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ ২০১৭ চনত ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ পিছত প্ৰতিষ্ঠানটোৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে এ আই আই এয়ে এন এ এ চি এ + + স্বীকৃতি আৰু এন এ বি এইচ মানৰ স্বীকৃতি অৰ্জন কৰিছে আৰু ইয়াৰ বিশেষ চিকিৎসা সেৱা, গৱেষণা সুবিধা আৰু শৈক্ষিক কাৰ্যসূচীসমূহৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিছে।     

 

অধ্যাপক প্ৰজাপতিয়ে গুৰুত্ব আৰোপ কৰি কয় যে শিশুৰ স্বাস্থ্য এখন সুস্থ সমাজৰ মূল ভেটি। তেওঁ শিশুৰ ইলেক্ট্ৰ ‘ফিজিঅ" লজী আৰু নন-ইনভেছিভ ডায়েগনষ্টিকছৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা কিণ্ডাৰ লেব আৰু কৃত্ৰিম বুদ্ধিমত্তাচালিত গঠন বিকাশ আৰু ঔষধৰ পৰিমাণৰ হিচাপ নিৰ্ধাৰণ কৰাৰ বাবে সমৰ্থক আয়ুৰইনফৰ্মেটিক্স লেব স্থাপনৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সন্মিলনখনে চিকিৎসা সেৱাৰ উপলব্ধি কৰা, অনুবাদমূলক গৱেষণাৰ বিষয়ে আলোচনা কৰা আৰু শিশু-অনুকূল চিকিৎসা পদ্ধতিৰ অন্বেষণৰ বাবে এক মূল্যৱান মঞ্চ প্ৰদান কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে বৈজ্ঞানিক আলোচনাসমূহে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিব আৰু গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে শিশুৰ স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে নতুন পথ মুকলি কৰিব।

 

উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিয়ে আয়ুষ ষ্টাৰ্ট-আপ পৰ্টেল, এ আই আই এ-আই চি এ আই এন ই ৱেবছাইট আৰু আয়ুৰ্বেদ ডিজিটেল উদ্ভাৱন তথা উদ্যোগৰ বিকাশ ত্বৰান্বিত কৰাৰ ব্যৱস্থা (আয়ুদিভা) উদ্বোধন কৰে। তেওঁ আয়ুৰ্বেদত ডিজিটেল আন্তঃগাঁথনি, উদ্যোমিতা আৰু প্ৰযুক্তি-চালিত চিকিৎসা সেৱাক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰি বামনা এপ আৰু পঞ্চকৰ্মা মূল্যায়ন এপ মুকলি কৰে।

উপ-ৰাষ্ট্ৰপতিৰ উপস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহৰ্ষি আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (এম আই ইউ) আৰু নতুন দিল্লীৰ এ আই আই এৰ মাজত এক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ চুক্তিপত্ৰও বিনিময় কৰা হয়, যিয়ে আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা সহযোগিতাৰ প্ৰতি প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

অনুষ্ঠানত নেশ্যনেল কমিচন ফৰ ইণ্ডিয়ান চিষ্টেম অৱ মেডিচিন (এন চি আই এছ এম)ৰ অধ্যক্ষ ডাঃ মনীষা উপেন্দ্ৰ কোথেকাৰৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু বিভিন্ন আয়ুষ প্ৰতিষ্ঠানৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে। সন্মিলনত সমগ্ৰ বিশ্বৰ বিশিষ্ট বৈদ্য, শিশু স্বাস্থ্য বিশেষজ্ঞ, গৱেষক, শিক্ষাবিদ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল।

 

কৌমাৰাকন ২০২৬এ শিশুৰ স্বাস্থ্যৰ প্ৰমাণ-আধাৰিত দৃষ্টিভংগী শক্তিশালী কৰাৰ লক্ষ্যৰে বিজ্ঞানভিত্তিক আলোচনাৰ সৈতে আয়ুৰ্বেদিক শিশুৰোগৰ যত্নৰ অগ্ৰগতিৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।

SR/SV/SG/BC


(ৰিলিজ আই ডি : 2324318) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati