জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

জল জীৱন মিছন ২.০ৰ অধীনত সামূহিক মালিকীস্বত্ব,উৎসৰ বহনক্ষমতা আৰু সেৱা প্ৰদান শক্তিশালী কৰাৰ উদ্দেশ্যে ত্ৰয়োদশ জিলা উপায়ুক্তৰ ‘পেয়জল সংবাদ’ৰ আয়োজন ডি ডি ডব্লিউ এছৰ

গ্ৰাম্য খোৱাপানী প্ৰশাসনৰ উদ্ভাৱনীমূলক পদ্ধতি প্ৰদৰ্শন

উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, তামিলনাডু, ওড়িশা আৰু ঝাৰখণ্ডৰ পাঁচখন জিলাৰ

পোষ্ট কৰা হৈছে: 15 OCT 2026 3:08PM by PIB Guwahati

জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আয়োজন কৰা জিলা উপায়ুক্তৰ ‘পেয়জল সংবাদ’ৰ ত্ৰয়োদশ সংস্কৰণত জ্যেষ্ঠ বিষয়া, জিলা উপায়ুক্ত/জিলা দণ্ডাধীশ, আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মিছন সঞ্চালকসকলক একত্ৰিত কৰি জল জীৱন মিছন (জেজেএম) ২.০ ৰূপায়ণ ত্বৰান্বিত কৰাৰ লগতে উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদানৰ বিষয়ে আলোচনা কৰা হয়।

 ডি ডি ডব্লিউ এছ-ৰ সচিব শ্ৰী অশোক কে কে মীনাই অনুষ্ঠানত অধ্যক্ষতা কৰে  । অনুষ্ঠানত ৰাষ্ট্ৰীয় জল জীৱন মিছন (এনজেজেএম)ৰ অতিৰিক্ত সচিব আৰু মিছন সঞ্চালক শ্ৰী কমল কিশোৰ  সোৱান আৰু ডিডিডব্লিউএছৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

 

মুকলি ভাষণত ডি ডি ডব্লিউ এছ-ৰ সচিব শ্ৰী অশোক কে কে মীনাই কয় যে এই মঞ্চই সমন্বয় শিক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰাৰ ফলত জিলা প্ৰশাসনসমূহে উদ্ভাৱনীমূলক পদ্ধতিসমূহ বিনিময় কৰিবলৈ সক্ষম হোৱাৰ লগতে গ্ৰাম্য খোৱাপানী সেৱা প্ৰদানৰ ক্ষেত্ৰত ৰূপায়ণৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছে। তেওঁ স্থানীয় জল শাসন শক্তিশালী কৰা, গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ ফলপ্ৰসূ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰা আৰু মিছনৰ অধীনৰ সম্পদৰ সামূহিক মালিকীস্বত্ব প্ৰসাৰিত কৰাত জিলা সংগ্ৰাহকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰে।

ডি ডি ডব্লিউ এছ-ৰ সচিবে অধিক দায়িত্বশীলতা আৰু তথ্য-চালিত শাসনৰ বাবে আহ্বান জনাইছে। জিলা জল আৰু অনাময় অভিযানৰ নিয়মীয়া মাহেকীয়া বৈঠক আৰু ডি ডব্লিউ এছ এম পৰ্টেলত সভাৰ কাৰ্য্যবিৱৰণী সময়মতে উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ জিলাসমূহক নিৰ্দেশ দিয়া হয়। স্বচ্ছতা, দায়িত্বশীলতা আৰু ফলপ্ৰসূ কাৰ্যসূচী ৰূপায়ণৰ বাবে শক্তিশালী প্ৰতিষ্ঠানিক নিৰীক্ষণ আৰু নথিপত্ৰ অতি প্ৰয়োজনীয় বুলি তেওঁ কয়।

 

জল সেৱা আঁকলনৰ পৰা পোৱা তথ্যসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰী মীনাই জিলাসমূহক ডেচব’ৰ্ডত উপলব্ধ কাৰ্য্যক্ষমতা মূল্যায়ন প্ৰতিবেদন আৰু জিলা উন্নয়ন পৰিকল্পনাসমূহ নিয়মিতভাৱে পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়। পানীৰ গুণাগুণ আৰু শক্তি সম্পৰ্কীয় বিঘিনিয়ে বহু ক্ষেত্ৰত সেৱা প্ৰদানত প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি তেওঁ   ৰাজ্য তথা জিলাসমূহক নিৰ্ভৰযোগ্যতা আৰু কাৰ্য্যকৰী দক্ষতা উন্নত কৰাৰ বাবে গ্ৰাম্য পানী যোগান আঁচনিৰ সৌৰশক্তি অন্বেষণ কৰিবলৈ আহ্বান জনায়।

 

তেওঁ ভূগৰ্ভস্থ পানী, বৰষুণ, জলবিজ্ঞান আৰু জল জীৱন মিছনৰ তথ্যসমূহ একত্ৰিত কৰা সিদ্ধান্ত সমৰ্থন ব্যৱস্থা (ডি এছ এছ)ৰ ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ জিলা প্ৰশাসনসমূহক প্ৰমাণভিত্তিক পৰিকল্পনা, পানীৰ চাপত পৰা অঞ্চল চিনাক্তকৰণ, উৎস বহনক্ষমতা পৰিকল্পনা আৰু হস্তক্ষেপৰ অগ্ৰাধিকাৰৰ বাবে এই মঞ্চ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।

A screenshot of a video conferenceAI-generated content may be incorrect.

খোৱাপানীৰ বহনক্ষমতাৰ প্ৰচেষ্টাক অন্যান্য ৰাষ্ট্ৰীয় পদক্ষেপৰ সৈতে একত্ৰিত কৰাৰ কথা উল্লেখ কৰি তেওঁ জিলাসমূহক ভি বি-জি ৰাম জি আৰু অন্যান্য কাৰ্যসূচীৰ অধীনত অভিসৰণৰ সুযোগসমূহ লাভ কৰি দুৰ্বল অঞ্চলত ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱা, উৎস সুৰক্ষা আৰু পানী সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

সচিব গৰাকীয়ে লগতে গুৰুত্বসহ কয় যে জল অৰ্পণৰ জৰিয়তে খোৱাপানী যোগান আঁচনিসমূহ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰাৰ পিছত জিলাসমূহে জল অৰ্পণ মডিউলৰ জৰিয়তে নিজ নিজ স্থানীয় ভাষাত প্ৰমাণপত্ৰসমূহ ৰাখিব পাৰিব।

এন জে জে এমৰ এ এছ এণ্ড এম ডি শ্ৰী কমল কিশোৰ সোৱানে তেওঁৰ ভাষণত গ্ৰাম্য খোৱাপানী ব্যৱস্থাৰ দীৰ্ঘম্যাদী বহনক্ষমতাৰ বাবে তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। খোৱাপানীৰ আন্তঃগাঁথনি পৰিচালনা আৰু ৰক্ষণাবেক্ষণত সহায় কৰিবলৈ গাঁও পঞ্চায়ত, গাঁও জল আৰু অনাময় সমিতি (ভি ডব্লিউ এছ চি), পঞ্চায়ত সম্পাদক আৰু সুজলম শক্তি গোটৰ পদ্ধতিগত প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে।

 

তেওঁ গুৰুত্বসহ কয় যে জিলা প্ৰশাসনসমূহে ডি এছ এছ প্লেটফৰ্মৰ অধিক ব্যৱহাৰক উৎসাহিত কৰিব লাগে, পানীৰ চাপ থকা অঞ্চলসমূহত উৎস বহনক্ষমতা পৰিকল্পনা শক্তিশালী কৰিব লাগে আৰু খোৱাপানীৰ উৎসসমূহ সুৰক্ষিত কৰিবলৈ চলি থকা গ্ৰাম্য উন্নয়নৰ পদক্ষেপ আৰু ভি বি-জি ৰাম জিৰ সৈতে সমন্বয় নিশ্চিত কৰিব লাগে।

 

যুৱ নাগৰিকসকলে পানীৰ আন্তঃগাঁথনি আৰু পানী সংৰক্ষণৰ বিষয়ে বুজি পোৱাটো সুনিশ্চিত কৰিবলৈ জিলাসমূহক উচ্চতৰ মাধ্যমিক আৰু  বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলক  বহু গাঁৱৰ পানী যোগান আঁচনি, পানী পৰিশোধনৰ সুবিধা, পৰীক্ষাগাৰ আৰু এছ চি এ ডি এ-সক্ষম ব্যৱস্থাসমূহৰ সৈতে পৰিচয় কৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈও শ্ৰী সোৱানে  উৎসাহিত কৰে ।

 

শ্ৰী ৱাই কে  সিং (সঞ্চালক,এনজেজেএম)-এ জল অৰ্পণ মডিউলৰ বিষয়ে উপস্থাপন আগবঢ়াই গ্ৰাম্য খোৱাপানী যোগান আঁচনিসমূহৰ আনুষ্ঠানিক শুভাৰম্ভণি আৰু গ্ৰাম পঞ্চায়ত তথা সম্প্ৰদায়সমূহক গতাই দিয়াটো নিশ্চিত কৰাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ জল অৰ্পণৰ প্ৰস্তুতিৰ মূল পৰ্যায়সমূহ, ডিটিইউ/ডিডব্লিউএছএছএম ডেচব’ৰ্ডৰ জৰিয়তে প্ৰতিবেদন আৰু নিৰীক্ষণ কাঠামো আৰু গ্ৰাম পঞ্চায়ত ডেচব’ৰ্ডত জল অৰ্পন তথা হৰ ঘৰ জল প্ৰমাণীকৰণৰ বাবে ডিজিটেল ৱৰ্কফ্ল’ৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে অনলাইন মডিউলৰ জৰিয়তে প্ৰতিবেদন আৰু প্ৰমাণীকৰণৰ বাবে পদক্ষেপ-গ্ৰহণ প্ৰক্ৰিয়া  সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰে।

 

 

•             উপস্থাপনৰ জৰিয়তে জিলাসমূহে বিনিময় কৰা উদ্ভাৱনীমূলক উত্তম পদ্ধতিসমূহ

পেয়জল সংবাদৰ সময়ত মুঠ পাঁচখন জিলাই নিজ অগ্ৰগতি আৰু উত্তম ক্ষেত্ৰভিত্তিক পদ্ধতিসমূহ উপস্থাপন কৰে যিয়ে জেজেএম ২.০ৰ অধীনত অন্যান্য ৰাজ্যৰ জিলাসমূহক উন্নত বিকাশত অধিক সহায় কৰিব। প্ৰতিটো উপস্থাপন নিজ নিজ জিলা উপায়ুক্ত/ জিলা দণ্ডাধীশে আগবঢ়ায়।

 

•             কানপুৰ নগৰ, উত্তৰ প্ৰদেশ –জিলা দণ্ডাধীশ আৰু উপায়ুক্ত মহেন্দৰ সিং তনৱাৰে নিয়মীয়া পৰ্যালোচনা সভা, আন্তঃবিভাগীয় সমন্বয় আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে সেৱা প্ৰদান শক্তিশালী কৰাৰ দিশত জিলাখনৰ প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰে। জিলাখনে পানী সংৰক্ষণ, পানীৰ গুণাগুণ আৰু খোৱাপানীৰ আন্তঃগাঁথনিৰ দায়িত্বশীল ব্যৱহাৰৰ সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়, ক্ৰীড়া ক্লাব আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে জড়িত বিস্তৃত আই ই চি কাৰ্যসূচী হাতত লৈছে। ফিল্ড টেষ্ট কিট ব্যৱহাৰ কৰি প্ৰশিক্ষিত মহিলা স্বেচ্ছাসেৱকৰ জৰিয়তে সম্প্ৰদায়ভিত্তিক পানীৰ গুণাগুণ নিৰীক্ষণ শক্তিশালী কৰা হৈছে, আনহাতে নিয়মীয়া পৰীক্ষাগাৰৰ পৰীক্ষা আৰু গুণগত অডিটে সুৰক্ষিত খোৱাপানীৰ যোগান নিশ্চিত কৰাত সহায় কৰিছে।তদুপৰি জিলাখনে এছ চি এ ডি এ ভিত্তিক ব্যৱস্থা, ডিজিটেল অভিযোগ নিৰাময় মঞ্চ আৰু উন্নত সেৱা নিৰীক্ষণৰ বাবে জল সাৰথী এপ্লিকেচনকে ধৰি  প্ৰযুক্তি-চালিত নিৰীক্ষণ ব্যৱস্থাৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে। উন্নত আন্তঃগাঁথনি ব্যৱস্থাপনা আৰু পৰিকল্পনাৰ বাবে খোৱাপানীৰ সম্পত্তিৰ জিআইএছ ভিত্তিক মেপিং প্ৰস্তুত কৰাৰ প্ৰচেষ্টাও অব্যাহত আছে।

 

•             পশ্চিম ত্ৰিপুৰা, ত্ৰিপুৰা -জিলা দণ্ডাধীশ আৰু উপায়ুক্ত ড° বিশাল কুমাৰৰ উপস্থাপনত গ্ৰাম পঞ্চায়ত, আত্মসহায়ক গোট আৰু স্থানীয় জনগোষ্ঠীৰ সক্ৰিয় সহযোগৰ জৰিয়তে খোৱাপানী ব্যৱস্থাৰ সামূহিক মালিকীস্বত্ব আৰু বহনক্ষমতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। জিলাখনে ব্যৱহাৰকাৰীৰ বৰঙণি সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু পানী যোগান ব্যৱস্থাৰ পৰিচালনা তথা ৰক্ষণাবেক্ষণ, উৎস বহনক্ষমতা আৰু নিৰীক্ষণৰ ক্ষেত্ৰত গ্ৰাম পঞ্চায়তসমূহৰ বাবে বিস্তৃত সামৰ্থ্য বিকাশ কাৰ্যসূচী হাতত লৈছে। এছ এইচ জি-সমূহে সজাগতা সৃষ্টি, সামূহিক সংগঠন আৰু সামাজিক নিৰীক্ষণ সম্পৰ্কীয় কাৰ্য্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থকাৰ ফলত দায়িত্বশীলতা আৰু স্থানীয় অংশগ্ৰহণ বৃদ্ধি হৈছে। পানীৰ উপলব্ধতাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনে জলাশয় সুৰক্ষা, বননীকৰণ, ছাতৰ ওপৰত বৰষুণৰ পানী সংগ্ৰহ, ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তিৰ প্ৰয়াস আৰু ধূসৰ পানী ব্যৱস্থাপনাৰ হস্তক্ষেপৰ জৰিয়তে উৎসৰ বহনক্ষমতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বৈজ্ঞানিক উৎসৰ মেপিং, গাঁও জল সুৰক্ষা পৰিকল্পনা প্ৰস্তুত কৰা আৰু অন্যান্য উন্নয়ন কাৰ্যসূচীৰ সৈতে সমন্বয়ে দীৰ্ঘম্যাদী জল সুৰক্ষা শক্তিশালী কৰাত সহায় কৰিছে। খোৱাপানীৰ সম্পত্তিৰ বহনক্ষম ব্যৱস্থাপনাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত জল সখী আৰু স্থানীয় প্ৰতিষ্ঠানসমূহৰ সহযোগিতাকে ধৰি সম্প্ৰদায়ৰ নেতৃত্বত কৰা প্ৰচেষ্টাসমূহৰ ওপৰতো জিলাখনে আলোকপাত কৰে।

 

 

•             তাঞ্জাবুৰ, তামিলনাডু – জিলা উপায়ুক্ত শ্ৰীমতী (টি এম টি) আৰ ৰেৱতীয়ে বৈজ্ঞানিক পৰিকল্পনা আৰু প্ৰযুক্তিৰ নেতৃত্বত হস্তক্ষেপৰ জৰিয়তে খোৱাপানীৰ সুৰক্ষা আৰু বহনক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে উদ্ভাৱনী পদ্ধতি প্ৰদৰ্শন কৰে। জিলাখনে বৰ্তমান আৰু ভৱিষ্যতৰ পানীৰ চাহিদা মূল্যায়ন, ভূগৰ্ভস্থ পানীৰ চাপ চিনাক্তকৰণ আৰু পুনৰ ভৰ্তি আৰু সংৰক্ষণ ব্যৱস্থাত বিনিয়োগৰ পথ প্ৰদৰ্শনৰ বাবে গাঁও পৰ্যায়ৰ পানী বাজেট প্ৰস্তুতৰ অনুশীলন গ্ৰহণ কৰিছে। এই অনুশীলনৰ বাবে গ্ৰাম পঞ্চায়ত, ভি ডব্লিউ এছ চি আৰু স্থানীয় অংশীদাৰসকলে পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ লগতে সামূহিক অংশগ্ৰহণ  মূখ্য হৈ উঠিছে । জিলাখনে ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱা, ছাতৰ ওপৰত বৰষুণৰ পানী সংগ্ৰহ, জলভাগৰ সজীৱতা আৰু দীৰ্ঘম্যাদী জল সুৰক্ষা উন্নত কৰাৰ বাবে ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থাও প্ৰসাৰিত কৰিছে। তদুপৰি তেওঁ খোৱাপানী সেৱা প্ৰদানৰ উন্নতিৰ বাবে উন্নত প্ৰযুক্তি গ্ৰহণৰ ওপৰত আলোকপাত কৰে। ইয়াৰ ভিতৰত আছে আই অ’ টি-সক্ষম বাস্তৱ সময়ৰ নিৰীক্ষণ ব্যৱস্থা, ডিজিটেল ডেচব’ৰ্ড আৰু পানী যোগানৰ কাৰ্য্যক্ষমতা অনুসৰণ আৰু লোকচান হ্ৰাস কৰাৰ বাবে স্মাৰ্ট প্ৰবাহ-নিৰীক্ষণ ব্যৱস্থা। পানীৰ গুণাগুণ ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ কম খৰচী পানীৰ বীজাণুনাশক ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে। সচিবগৰাকীয়ে পানীৰ বাজেটৰ ক্ষেত্ৰত  জিলাখনৰ কামৰ শলাগ লয় আৰু উপযুক্ত অঞ্চলত গ্ৰাম্য পানীৰ অবিৰত যোগানৰ সম্ভাৱনাৰ মূল্যায়নকে ধৰি উদ্ভাৱনী পদ্ধতিৰ অন্বেষণক উৎসাহিত কৰে।

 

 

•             বৰগড়, ওড়িশা –জিলা দণ্ডাধীশ আৰু উপায়ুক্ত শ্ৰী আদিত্য গোৱেলে গ্ৰাম্য পানী যোগান প্ৰকল্পসমূহ ৰূপায়ণৰ দিশত জিলাখনৰ গাঁথনিগত পদ্ধতিৰ বিষয়ে তিনিটা পৰ্যায়ৰ কাঠামোৰ জৰিয়তে ভাগ কৰে যিয়ে নিষ্পাদন, শুভাৰম্ভণি আৰু পৰিচালনা তথা ৰক্ষণাবেক্ষণ সামৰি লয়। শক্তিশালী আন্তঃবিভাগীয় সমন্বয়ে ভূমি, বিদ্যুৎ যোগান, বনাঞ্চল নিষ্কাশন আৰু পথৰ অধিকাৰৰ অনুমতিৰ সৈতে জড়িত সমস্যাসমূহ সমাধান কৰাত সহায় কৰাৰ ফলত খোৱাপানীৰ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সময়মতে অগ্ৰগতি সম্ভৱ হৈছে। জিলাখনে অপচয়, অকৰ্তৃত্বশীল সংযোগ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ দৰে সমস্যা চিনাক্ত আৰু সমাধানৰ বাবে সক্ৰিয় ৰূপত মাহেকীয়া পৰ্যালোচনা ব্যৱস্থা আৰু সামূহিক অংশগ্ৰহণকো প্ৰাতিষ্ঠানিকীকৰণ কৰিছে। সক্ৰিয় অভিযোগ নিৰাময়ৰ ব্যৱস্থা, নিয়মীয়াকৈ ক্ষেত্ৰ পৰিদৰ্শন আৰু সময়ে সময়ে পানীৰ গুণাগুণ নিৰীক্ষণৰ জৰিয়তে বৰগড়ে সেৱা প্ৰদান আৰু অধিক শক্তিশালী কৰিছে। জিলাখনে আই আই এম সম্বলপুৰলৈ ২৪ ঘণ্টাই পাইপেৰে পানী যোগান ধৰাকে ধৰি বৃহৎ কেইবাখনো গাঁও সামৰি লোৱা আঁচনিৰ জৰিয়তে নিৰ্ভৰযোগ্য পানী যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতাৰ ওপৰত আলোকপাত কৰে। অভিজ্ঞতাই নিৰ্ভৰযোগ্য খোৱাপানী সেৱা লাভৰ ক্ষেত্ৰত ফলপ্ৰসূ প্ৰকল্প ব্যৱস্থাপনা, সামূহিক সংযোগ আৰু স্থায়ী নিৰীক্ষণৰ গুৰুত্ব প্ৰতিফলিত কৰে।

 

 

•             পালামু, ঝাৰখণ্ড –জিলা দণ্ডাধীশ আৰু উপায়ুক্ত দিলীপ প্ৰতাপ সিং শ্বেখাৱটে নিয়মীয়া পৰ্যালোচনা সভা, এটা বিশেষ জিলা নিয়ন্ত্ৰণ কক্ষ আৰু খোৱাপানী আঁচনিৰ কাৰ্য্যক্ষমতা অনুসৰণৰ বাবে অভিযোগ নিৰাময় ব্যৱস্থা আদিকে ধৰি গাওঁখনৰ  শক্তিশালী নিৰীক্ষণ ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে । হস্তান্তৰ কৰাৰ পিছত পানী যোগানৰ আন্তঃগাঁথনিৰ ফলপ্ৰসূ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ সুবিধাৰ বাবে গাঁও জল আৰু অনাময় সমিতি (ভিডব্লিউএছচি) আৰু সম্প্ৰদায় পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বিকাশৰ কাম হাতত লোৱা হৈছে। জিলাখনে উৎসৰ বহনক্ষমতা আৰু সম্প্ৰদায়ৰ সংযোগৰ বাবে উদ্ভাৱনী পদ্ধতিও প্ৰদৰ্শন কৰে। ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা আৰু বৰষুণৰ পানী সংগ্ৰহৰ কামৰ বাবে এম জি এনৰেগা আৰু অন্যান্য কাৰ্যসূচীৰ সৈতে সমন্বয় সাধন কৰা হৈছে। আনহাতে আইঅ’টি-সক্ষম নিৰীক্ষণ ব্যৱস্থাই পানী যোগান আঁচনিৰ বাস্তৱ সময়ৰ তত্বাৱধানক সমৰ্থন কৰিছে। জল সহিয়া, অংগনৱাড়ী কৰ্মী আৰু স্বাস্থ্য সহিয়াৰ সংযুক্ত প্ৰচেষ্টাৰ জৰিয়তে সম্প্ৰদায়ভিত্তিক পানীৰ গুণাগুণ নিৰীক্ষণ কৰা হৈছে। ইয়াৰ উপৰি জিলাখনে ব্যৱহাৰকাৰীৰ মাচুল সংগ্ৰহ শক্তিশালী কৰা আৰু অধিক সামূহিক মালিকীস্বত্ব তথা স্বচ্ছ আৰ্থিক ব্যৱস্থাপনাৰ জৰিয়তে গ্ৰাম্য খোৱাপানীৰ আন্তঃগাঁথনিৰ বহনক্ষম পৰিচালনা আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰাৰ লক্ষ্যৰে ইয়াৰ জলকাৰ ভুগ্টান অভিযানৰ ওপৰত আলোকপাত কৰে।

 

 

এই উপস্থাপনসমূহে জল জীৱন মিছন (JJM)ৰ অধীনত অৰ্জন কৰা সফলতা, বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ আৰু সৰ্বশ্ৰেষ্ঠ কাৰ্যপদ্ধতিসমূহ প্ৰদৰ্শন কৰে, যিয়ে 'ঘৰ ঘৰ জল'ৰ অধীনত অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ গ্ৰহণ কৰা পদ্ধতিসমূহৰ বৈচিত্ৰ্যত আলোকপাত কৰে।

 

 

*****

ND/AK/DD


(ৰিলিজ আই ডি : 2324197) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी