জল শক্তি মন্ত্ৰালয়
পানীৰ সম্পৰ্কত বিভাগীয় সন্মিলন ২০২৬-ৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা হিচাপে খোৱাপানী আৰু অনাময় বিভাগে উৎসৰ সুস্থিৰতা আৰু গাঁও পঞ্চায়ত-নেতৃত্বাধীন জল প্ৰশাসনৰ বাবে জে জে এম ২.০-ৰ ভি বি-জি ৰাম জি-ৰ সৈতে একত্ৰীকৰণ বিষয়ক ভাৰ্চুৱেল সন্মিলনৰ আয়োজন
ডিএছএছ আৰু যুক্তধাৰাৰ জৰিয়তে বৈজ্ঞানিক পৰিকল্পনা, গুৰুত্বপূৰ্ণ খোৱাপানীৰ উৎসসমূহক অগ্ৰাধিকাৰ প্ৰদান আৰু আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰাৰ আহ্বান ডিডিডব্লিউএছ-ৰ সচিবৰ
পোষ্ট কৰা হৈছে:
14 OCT 2026 4:15PM by PIB Guwahati
২০২৬ চনৰ ১-২ ছেপ্টেম্বৰত অনুষ্ঠিত জল সম্পৰ্কীয় বিভাগীয় সন্মিলন ২০২৬-ৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা হিচাপে জল শক্তি মন্ত্ৰালয়ৰ অধীনৰ খোৱাপানী আৰু অনাময় বিভাগ(ডিডিডব্লিউএছ)-এ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এলানি বিষয়ভিত্তিক পৰামৰ্শৰ অংশ হিচাপে আজি তৃতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনত বহনক্ষম গ্ৰাম্য খোৱাপানী সেৱা প্ৰদানৰ বাবে পানীৰ উৎসৰ স্থায়িত্ব, জল সুৰক্ষা আৰু গাঁও পঞ্চায়ত নেতৃত্বাধীন পৰিকল্পনাৰ অগ্ৰগতিৰ বাবে জল জীৱন মিছন (জেজেএম) ২.০ আৰু ভিবি-জি ৰাম জি-ৰ মাজত একত্ৰীকৰণ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই ভাৰ্চুৱেল সন্মিলনত ৰাজ্যিক পিএইচইডি/গ্ৰাম্য পানী যোগান বিভাগ, গ্ৰাম্য উন্নয়ন বিভাগ, পঞ্চায়তী ৰাজ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল আৰু ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ওড়িশা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানকে ধৰি ৰাজ্যসমূহৰ গ্ৰাম্য পানী যোগান বিভাগে উৎসৰ স্থায়িত্ব, পানী যোগান সম্পদৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ আৰু ডিজিটেল পৰিকল্পনা সঁজুলিৰ ব্যৱহাৰ সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতা আৰু পদক্ষেপসমূহ শ্বেয়াৰ কৰে।
সন্মিলন সম্বোধন কৰি ডিডিডব্লিউএছ-ৰ সচিব শ্ৰী অশোক কে কে মীনাই কয় যে যদিও জল জীৱন মিছনে সমগ্ৰ দেশতে ব্যাপক গ্ৰাম্য খোৱাপানীৰ আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ সক্ষম কৰিছে, জেজেএম ২.০-ৰ গুৰুত্ব এই সম্পদসমূহৰ দীৰ্ঘম্যাদী কাৰ্য্যকাৰিতা, নিৰ্ভৰযোগ্যতা আৰু বহনক্ষমতা নিশ্চিত কৰাৰ দিশত সলনি হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে আন্তঃগাঁথনিৰ নিয়মীয়া ৰক্ষণাবেক্ষণৰ লগতে খোৱা পানীৰ উৎসসমূহৰ পদ্ধতিগত সুৰক্ষা, পুনৰ ভৰ্তি আৰু ব্যৱস্থাপনাৰ জৰিয়তেহে বহনক্ষম খোৱাপানী সেৱা নিশ্চিত কৰিব পাৰি।

ভি বি-জি ৰাম জি-ৰ জৰিয়তে উপলব্ধ সুযোগসমূহৰ ওপৰত আলোকপাত কৰি সচিবগৰাকীয়ে কয় যে এই কাৰ্যসূচীয়ে পানী সংৰক্ষণ, ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি, উৎসৰ স্থায়িত্ব আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় হস্তক্ষেপৰ বাবে এক শক্তিশালী পৰিকাঠামো প্ৰদান কৰিছে যিয়ে খোৱাপানী সুৰক্ষাত প্ৰত্যক্ষভাৱে অৰিহণা যোগায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে একত্ৰীকৰণত দুটা মূল উদ্দেশ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত-খোৱাপানীৰ উৎসৰ স্থায়িত্ব আৰু জল জীৱন মিছনৰ অধীনত সৃষ্টি কৰা আন্তঃগাঁথনিৰ কামকাজ অব্যাহত ৰখা।
সচিবগৰাকীয়ে জেজেএম গ্ৰাম্য কাৰ্য পৰিকল্পনা আৰু উৎস স্থায়িত্ব পৰিকল্পনাসমূহক বিকশিত গ্ৰাম পঞ্চায়ত পৰিকল্পনা (ভিজিপিপি)ৰ সৈতে একত্ৰিত কৰা আৰু সেইবোৰক গ্ৰাম পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জিপিডিপি) প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে স্থানীয় জল সম্পদৰ বৈজ্ঞানিক মূল্যায়নৰ পৰা জল সুৰক্ষাৰ পদক্ষেপ উদ্ভৱ হ'ব লাগে আৰু সামূহিক মালিকানা আৰু দায়বদ্ধতা সম্ভৱ কৰিবলৈ গাঁও সভাৰ জৰিয়তে অনুমোদিত হ'ব লাগে।
গ্ৰাম্য জল প্ৰশাসনত গাঁও পঞ্চায়তৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মীনাই কয় যে গাঁও পঞ্চায়ত, গাঁও জল আৰু অনাময় সমিতি (ভিডব্লিউএছচি) আৰু স্থানীয় প্ৰতিষ্ঠানসমূহৰ পানীৰ উৎস, ঋতুগত ভিন্নতা আৰু স্থানীয় প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্বপূৰ্ণ জ্ঞান আছে। খোৱাপানী ব্যৱস্থাৰ দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰাৰ বাবে পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ অত্যাৱশ্যকীয়।
তেওঁ উল্লেখ কৰে যে উৎসৰ বহনক্ষমতা সম্পৰ্কীয় কামৰ নিৰ্বাচন বৈজ্ঞানিক মূল্যায়ন আৰু স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত হ'ব লাগে। তেওঁ চেক ডেম, গলি প্লাগ, ৰিচাৰ্জ শ্বাফট, ইঞ্জেকচন কুঁৱা, ভূগৰ্ভস্থ বান্ধ, ছাদৰ ওপৰত বৰষুণৰ পানী সংৰক্ষণৰ গাঁথনি আৰু অন্যান্য ভূ-জল পুনৰ নৱীকৰণ ব্যৱস্থাৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰে যিবোৰ স্থানীয় জলভূতাত্বিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি হাতত ল’ব পাৰি। তেওঁ ৰাজ্যসমূহক দুৰ্বল খোৱাপানীৰ উৎস চিনাক্তকৰণ আৰু বৈজ্ঞানিক পদক্ষেপক অগ্ৰাধিকাৰ দিয়াৰ বাবে জেজেএম ২.০ আৰু যুক্তধাৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (এছঅ’পি)ৰ অধীনত বিকশিত সিদ্ধান্ত সমৰ্থন প্ৰণালী (ডিএছএছ) ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
শক্তিশালী প্ৰাতিষ্ঠানিক সমন্বয়ৰ বাবে আহ্বান জনাই সচিবগৰাকীয়ে ৰাজ্যসমূহক কাৰিকৰী পৰীক্ষা, অনুমোদন, ৰূপায়ণ আৰু একত্ৰীকৰণৰ কামৰ নিৰীক্ষণৰ বাবে স্পষ্ট ব্যৱস্থা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জিলা জল আৰু অনাময় অভিযান (ডিডব্লিউএছএম), ৰাজ্যিক জল আৰু অনাময় অভিযান (এছডব্লিউএছএম) আৰু ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ সমিতিৰ দৰে প্ৰাতিষ্ঠানিক মঞ্চসমূহৰ সহায়ত ৰাজ্য, জিলা আৰু গাওঁ পঞ্চায়ত পৰ্যায়ত গ্ৰাম্য জল যোগান, গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ বিভাগৰ মাজত সমন্বিত পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সচিবগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে পাঁচটা অগ্ৰাধিকাৰমূলক ফলাফল চিনাক্ত কৰেঃ ভি বি-জি ৰাম জি ৰ অধীনত গ্ৰাম পঞ্চায়ত পৰিকল্পনাৰ সৈতে জেজেএম পৰিকল্পনাৰ সংহতি; ডি এছ এছ আৰু যুক্তধাৰা ব্যৱহাৰ কৰি উৎসৰ বহনক্ষমতাৰ সম্পৰ্কীয় কামৰ বৈজ্ঞানিক চিনাক্তকৰণ; কাৰিকৰী পৰীক্ষা আৰু অনুমোদন প্ৰণালী স্থাপন; নিৰৱচ্ছিন্ন আন্তঃবিভাগীয় তথ্যৰ ভাগ বাটোৱাৰা আৰু ভৌতিক প্ৰগতি আৰু জল সুৰক্ষা ফলাফল দুয়োটা অনুসৰণৰ বাবে যুটীয়া নিৰীক্ষণ প্ৰণালীৰ সৃষ্টি।
গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহকাৰী আয়ুক্ত শ্ৰীমতী দীক্ষা এছ বিষ্টে জল সুৰক্ষা শক্তিশালী কৰাৰ বাবে পৰিকল্পনাৰ পৰিকাঠামোৰ বাবে ভিবি-জি ৰাম জি আৰু জেজেএমৰ অধীনত একত্ৰীকৰণৰ পৰিসৰৰ এক বিশদ উপস্থাপন কৰে। তেওঁ অৱগত কৰে যে এই কাৰ্যসূচীয়ে ভূ-জলৰ পুনৰ নৱীকৰণ, বৰষুণৰ পানী সংৰক্ষণ, জলবিভাজিকা শোধন, জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণ, বহনক্ষম উৎস আৰু পানী সম্পৰ্কীয় সম্পদসমূহৰ ৰক্ষণাবেক্ষণকে ধৰি ১২৮টা পানী সুৰক্ষা সম্পৰ্কীয় কাম আগবঢ়ায়। তেওঁ উল্লেখ কৰে যে ভি বি-জি ৰাম জি-ৰ অধীনত জল সুৰক্ষা এক গুৰুত্বপূৰ্ণ বিষয় হৈ আছে। তদুপৰি তেওঁ বৈজ্ঞানিক পৰিকল্পনা, সামূহিক অংশগ্ৰহণ আৰু ফলাফল ভিত্তিক ৰূপায়ণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় আৰু জল শক্তি মন্ত্ৰালয়ে জাৰি কৰা যুটীয়া পৰামৰ্শৰ কথা উল্লেখ কৰি তেওঁ অৱগত কৰে যে ভূ-জলৰ চাপৰ শ্ৰেণীবিভাজন আৰু স্থানীয় জল সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি পানীৰ নাটনি থকা অঞ্চলসমূহত পানী সম্পৰ্কীয় কামসমূহক অগ্ৰাধিকাৰ দিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে। তেওঁ উপযুক্ত পদক্ষেপ চিনাক্ত কৰা আৰু সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত পানীৰ বাজেট, জল-ভূতাত্বিক সম্বন্ধীয় মূল্যায়ন আৰু ভূস্থানিক পৰিকল্পনা সঁজুলিৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।
একত্ৰীকৰণৰ পৰিকল্পনা সন্দৰ্ভত শ্ৰীমতী বিষ্টে অৱগত কৰে যে বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনা পৰিকাঠামোৰ অধীনত প্ৰস্তুত কৰা বাৰ্ষিক পৰিকল্পনাবোৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জিপিডিপি) প্ৰক্ৰিয়াৰ সৈতে একত্ৰিত কৰা হ'ব যাতে গাঁও পঞ্চায়ত পৰ্যায়ত এক একত্ৰিত পৰিকল্পনা সম্ভৱ কৰিব পাৰি। এই আলোচনাত সিদ্ধান্ত সমৰ্থন ব্যৱস্থা (ডিএছএছ)ৰ জৰিয়তে চিনাক্ত কৰা খোৱা পানীৰ উৎসসমূহক অগ্ৰাধিকাৰ দিয়া আৰু এনে তথ্যসমূহ গ্ৰাম্য পৰ্যায়ৰ পৰিকল্পনা আৰু ৰূপায়ণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ওড়িশাই একত্ৰীকৰণৰ জৰিয়তে বৃহৎ মাত্ৰাত জল সংৰক্ষণ আৰু উৎসৰ বহনক্ষমতাত হস্তক্ষেপ কাৰ্যসূচী ৰূপায়ণত নিজৰ অভিজ্ঞতা ভাগ বাটোৱাৰা কৰে আৰু ভূ-জলৰ পুনৰ নৱীকৰণ ভৰণ, প্ৰদূষিত পানীৰ ব্যৱস্থাপনা, জলাশয়ৰ শোধন, উৎসৰ সুৰক্ষা আৰু জলবায়ু-ভিত্তিক জল আন্তঃগাঁথনি সম্পৰ্কীয় পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। ওড়িশাই খোৱা পানীৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে পুনৰ নৱীকৰণ গাঁথনি, সামূহিক ভূ-জলৰ পুনৰ নৱীকৰণ গাঁত আৰু পৰম্পৰাগত জলাশয়সমূহৰ পুনৰুদ্ধাৰৰ উদাহৰণো উপস্থাপন কৰে।
মধ্যপ্ৰদেশে অ’ এণ্ড এম নিয়ম, ২০২৬ ৰ অধীনৰ ব্যৱস্থাসমূহ কাৰ্য্যকৰী কৰাৰ বাবে আৰু গাঁও পঞ্চায়তৰ জৰিয়তে গ্ৰাম্য পানী যোগান আঁচনিসমূহৰ ৰক্ষণাবেক্ষণৰ সুবিধাৰ বাবে ইয়াৰ পদক্ষেপসমূহ উপস্থাপন কৰে। ৰাজ্যখনে গ্ৰাম্য উন্নয়ন আৰু গ্ৰাম্য পানী যোগান বিভাগসমূহৰ মাজত সমন্বয় উন্নত কৰাৰ বাবে প্ৰতিষ্ঠা কৰা প্ৰাতিষ্ঠানিক ব্যৱস্থাসমূহৰ আদান-প্ৰদান কৰাৰ লগতে বৰষুণৰ পানী সংৰক্ষণ, পুনৰ নৱীকৰণৰ গাঁথনি আৰু উৎস স্থায়িত্বৰ কামৰ আৰ্হিৰ ওপৰত আলোকপাত কৰে।
ৰাজস্থানে ভি বি-জি ৰাম জি-ৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে গ্ৰাম্য পানী যোগান আন্তঃগাঁথনিৰ প্ৰতিৰোধমূলক, সংশোধনমূলক আৰু জৰুৰীকালীন ৰক্ষণাবেক্ষণৰ বাবে এক পৰিকাঠামো উপস্থাপন কৰে। ৰাজ্যখনে পানী যোগান সম্পদৰ নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু বহনক্ষম কাৰ্য্যকলাপ নিশ্চিত কৰাত গাঁও পঞ্চায়ত, পানী সমিতি আৰু পি এইচ ই ডি কৰ্মীসকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
এন জে জে এম-ৰ উপ উপদেষ্টা শ্ৰী সুমিত প্ৰিয়দৰ্শীয়ে উৎসৰ সুস্থিৰতা আৰু খোৱাপানীৰ বিপদাশংকা হ্ৰাসৰ বাবে সিদ্ধান্ত সমৰ্থন প্ৰণালী (ডি এছ এছ) ৰ ৰূপায়ণ সন্দৰ্ভত এক বিশদ উপস্থাপন কৰে। তেওঁ কয় যে পানীৰ গুণগত মান আৰু পানীৰ পৰিমাণৰ বিপদাশংকাৰ সন্মুখীন হোৱা দুৰ্বল খোৱা পানীৰ উৎসসমূহ চিনাক্ত কৰাৰ বাবে সিদ্ধান্ত সমৰ্থন ব্যৱস্থা (ডিএছএছ) হৈছে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা। ৰাজ্যসমূহক বসতিপ্ৰধান ঠাইবোৰত হস্তক্ষেপক অগ্ৰাধিকাৰ দিয়া, ক্ষেত্ৰভিত্তিত মূল্যায়নৰ জৰিয়তে বিপদাশংকা নিশ্চিত কৰা আৰু প্রশমন ব্যৱস্থাৰ ৰূপায়ণৰ পিছত ফলাফল নিৰীক্ষণৰ বাবে ডিএছএছ তথ্য ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
অসমে পানীৰ নাটনিত থকা গাঁওসমূহৰ চিনাক্তকৰণ আৰু প্ৰমাণীকৰণৰ বাবে ডিএছএছ ব্যৱহাৰ কৰাৰ অভিজ্ঞতা ভাগ বাটোৱাৰা কৰে আৰু জিআইএছ মেপিং, ক্ষেত্ৰভিত্তিত নিশ্চিতকৰণ, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ বিকাশ আৰু দুৰ্বল খোৱাপানীৰ উৎসসমূহৰ বাবে প্ৰতিকাৰমূলক কাৰ্য পৰিকল্পনা প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।
সামৰণী ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালক শ্ৰী কমল কিশোৰ ছোৱানে গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যসমূহে নিশ্চিত কৰিব লাগিব যাতে ডিএছএছ-ৰ জৰিয়তে চিনাক্ত কৰা খোৱাপানীৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ ভিবি-জি ৰাম জি-ৰ অধীনত বিনিয়োগ কৰা হয়। জল শক্তি আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে যুটীয়াভাৱে জাৰি কৰা জল-সুৰক্ষা পৰামৰ্শৰ কথা উল্লেখ কৰি তেওঁ কয় যে চিনাক্ত কৰা পানীৰ নাটনি থকা ঠাইবোৰত পানী সম্পৰ্কীয় কামৰ বাবে হোৱা ব্যয়ৰ জৰিয়তে খোৱাপানী সুৰক্ষাৰ ক্ষেত্ৰত পৰিমাপযোগ্য উন্নতি সাধন হোৱাটো প্ৰয়োজনীয়।
তেওঁ অৱগত কৰে যে খোৱা পানীৰ উৎস আৰু সংশ্লিষ্ট গাঁও পঞ্চায়ত সম্পৰ্কীয় তথ্য গ্ৰাম্য উন্নয়ন এম আই এছ-ত একত্ৰিত কৰাৰ প্ৰচেষ্টা চলি আছে যাতে পানী সম্পৰ্কীয় কামৰ পৰিকল্পনা, ব্যয় আৰু ৰূপায়ণ অধিক ফলপ্ৰসূভাৱে নিৰীক্ষণ কৰিব পৰা যায়। তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জিলা সমাহৰ্তা, জিলা পঞ্চায়তসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট ক্ষেত্ৰ কৰ্মচাৰীসকলক পানীৰ মান আৰু পানীৰ পৰিমাণৰ বিপদাশংকাৰ সন্মুখীন হোৱা দুৰ্বল খোৱা পানীৰ উৎসসমূহ চিনাক্তকৰণ আৰু অগ্ৰাধিকাৰৰ বাবে ডিএছএছ তথ্য সক্ৰিয়ভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।
শ্ৰী ছোৱানে লগতে ৰাজ্যসমূহক বাৰিষাৰ পিছত মূল্যায়ন কৰিবলৈ আৰু খোৱাপানীৰ উৎসৰ পৰীক্ষা কৰিবলৈ, ক্ষেত্ৰ পৰীক্ষাৰ জৰিয়তে পানীৰ উৎসৰ সত্যাসত্য নিৰূপণ কৰিবলৈ আৰু উপযুক্ত প্রশমন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ গ্ৰাম্য পানী যোগান, গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ বিভাগৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে উৎসৰ বহনক্ষম ব্যৱস্থাবোৰ বৈজ্ঞানিকভাৱে পৰিকল্পিত, সঠিকভাৱে নিৰীক্ষণ আৰু স্থানীয় প্ৰয়োজনীয়তাৰ সৈতে সংলগ্ন হয়।
তেওঁ লগতে ৰাজ্যসমূহক জিলা আৰু ক্ষেত্ৰ-পৰ্যায়ৰ বিষয়াসকলক প্ৰয়োজনীয় পৰামৰ্শ জাৰি কৰিবলৈ, পানীৰ নাটনি থকা অঞ্চলসমূহত হস্তক্ষেপক অগ্ৰাধিকাৰ দিবলৈ আৰু ২০২৬ চনৰ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া আঞ্চলিক সন্মিলনৰ সময়ত উপস্থাপনৰ বাবে দৃঢ় কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ পুনৰ কয় যে একত্ৰীকৰণ পৰিকাঠামোৰ চূড়ান্ত উদ্দেশ্য কেৱল সম্পদ সৃষ্টি কৰাই নহয়, বৰং সমন্বিত প্ৰাতিষ্ঠানিক পদক্ষেপ আৰু গাঁও পঞ্চায়ত নেতৃত্বাধীন প্ৰশাসনক শক্তিশালী কৰাৰ জৰিয়তে খোৱাপানীৰ উৎস আৰু নিৰ্ভৰযোগ্য গ্ৰাম্য খোৱাপানী সেৱাৰ দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰা।
জল জীৱন মিছন ২.০আৰু ভিবি-জি ৰাম জি-ৰ অধীনত সন্মতিপ্ৰাপ্ত একত্ৰীকৰণ পৰিকাঠামো কাৰ্যকৰী কৰা আৰু উৎসত বহনক্ষম হস্তক্ষেপৰ ৰূপায়ণ ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এক অংশীদাৰী প্ৰতিশ্ৰুতিৰে সন্মিলনখনৰ সামৰণি পৰে।

*****
ND/HM/HS
(ৰিলিজ আই ডি : 2323805)
অতিথি কক্ষ : 11