উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মিজোৰামত ‘নৰ্থ-ইষ্ট বেংকাৰ্ছ কনক্লেভ ৩.০’ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই, অঞ্চলটোলৈ অধিক ঋণ প্ৰবাহৰ আহ্বান

বেংকাৰসকলৰ বাবে আটাইতকৈ আশাব্যঞ্জক বজাৰসমূহৰ অন্যতম হৈছে উত্তৰ-পূৰ্বাঞ্চল, সিন্ধিয়াই কয়

উত্তৰ-পূবৰ অৰ্থনীতিৰ বাৰ্ষিক বিকাশ হাৰ হৈছে ৯–১১%, আঠখন ৰাজ্যৰ ভিতৰত বিনিয়োগ হৈছে ৪০,০০০ কোটি টকা

বেংকিং টাচপইণ্ট-য়ে ৯৯.৯৩% গাঁও সামৰি লৈছে, ১৩১ টা নতুন বেংক শাখা আৰু ১২৬ টা এটিএম নতুনকৈ যোগ কৰা হৈছে

ৰাজ্যভিত্তিক ঋণ-জমা অনুপাতৰ লক্ষ্য আৰু উত্তৰ-পূব-নিৰ্দিষ্ট ঋণৰ কাঠামোৰ আহ্বান জনাইছে সিন্ধিয়াই

পোষ্ট কৰা হৈছে: 13 OCT 2026 10:04PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন আৰু যোগাযোগ দপ্তৰৰ কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি আইজলস্থিত মিজোৰাম বিশ্ববিদ্যালয়ত ‘নৰ্থ-ইষ্ট বেংকাৰ্ছ কনক্লেভ ৩.০’ (North East Bankers’ Conclave 3.0) উদ্বোধন কৰে। এই সন্মিলনখনি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বেংকিং সেৱাৰ সম্প্ৰসাৰণ, বিত্তীয় অন্তৰ্ভুক্তি সৱলীকৰণ আৰু অর্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত কেন্দ্ৰিত আছিল।

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহুমা, ৰাজ্যিক মন্ত্ৰী অধ্যপক লালনীলমা, ডনাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰীনীৱাস কাতিকিতালা, মুখ্য সচিব খিল্লী ৰাম মীনা আৰু এনইচি-ৰ সচিব সতিন্দৰ কুমাৰ ভাল্লাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তদুপৰি আৰবিআই (RBI), এছবিআই (SBI), পঞ্জাৱ নেশ্যনেল বেংক, চেণ্ট্ৰেল বেংক অব ইণ্ডিয়া, ইউচিঅ'. বেংক, বেংক অব বৰোদা, ইণ্ডিয়ান অভাৰচিজ বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়া পষ্ট পেমেণ্ট বেংক, কেনাৰা বেংক, পঞ্জাৱ এণ্ড সিন্ধ বেংক আৰু আইডিবিআই বেংক-ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। লগতে নাবাৰ্ড, চিডবি, ডিএফএছ, নেডফি (NEDFi), নেৰামাক (NERAMAC) আৰু এনইচিবিডিচি (NECBDC) আদি উন্নয়নমূলক প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলেও সন্মিলনখনত অংশগ্ৰহণ কৰে।

‘নৰ্থ-ইষ্ট বেংকাৰ্ছ কনক্লেভ ৩.০’ত ভাষণ দি শ্ৰী সিন্ধিয়াই বেংকসমূহক তিনিটা প্ৰাথমিকতাত গুৰুত্ব দিবলৈ আহ্বান জনায়: ভৌতিক বেংকিং পৰিকাঠামোৰ সম্প্ৰসাৰণ কৰা, ৰাজ্যভিত্তিক ঋণ-আমানত (CD) অনুপাত লক্ষ্যৰ জৰিয়তে ঋণ লাভৰ সুবিধা উন্নত কৰা, আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) তথা পৰিকাঠামো উন্নয়নত সহযোগিতা আগবঢ়োৱা।

ভাৰত তথা সমগ্ৰ বিশ্বৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলক অন্যতম প্ৰতিশ্ৰুতিসম্পন্ন বেংকিং বজাৰ হিচাপে বৰ্ণনা কৰি কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই অঞ্চলটোৰ ৯-১১% বাৰ্ষিক অর্থনৈতিক বিকাশ হাৰৰ কথা উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে থকা তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ কথা প্ৰকাশ কৰি তেওঁ বেংকাৰসকলক অঞ্চলটোৰ বৰ্ধিত সুযোগসমূহ অন্বেষণ কৰিবলৈ আৰু ইয়াত উৎপাদিত অর্থনৈতিক মূল্য যাতে অঞ্চলটোতেই থাকে সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়।

অর্থনৈতিক বিকাশৰ বাবে অধিক ঋণ প্ৰবাহ

বিত্তীয় অন্তৰ্ভুক্তিক অর্থনৈতিক অন্তৰ্ভুক্তিলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বেংকসমূহত জমা হোৱা প্ৰতি ১০০ টকাৰ বিপৰীতে মাত্ৰ ৪৭ টকাহে ঋণ হিচাপে প্ৰদান কৰা হয়।

তেওঁ উদ্যোগী, কৃষক, মহিলা আৰু এমএছএমই (MSME) সকলৰ বাবে ঋণৰ সুবিধা সম্প্ৰসাৰণ কৰিবলৈ বেংকসমূহক অনুৰোধ জনায় আৰু কয় যে ঋণ-আমানত (CD) অনুপাত উত্তৰ-পূৰ্বাঞ্চলত "উন্নয়নৰ বাবে ঋণ" (Credit for Development)-ত প্ৰতিফলিত কৰা উচিত।

মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা সুকীয়া ঋণ-বিপদাশংকা কাঠামো (credit-risk framework) তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে অঞ্চলটোৰ সম্প্ৰদায়-ভিত্তিক ভূমি মালিকীস্বত্ব ব্যৱস্থাত ঋণ লাভৰ সুবিধা উন্নত কৰিবলৈ নমনীয় বন্ধকী নিয়মাৱলীৰ (flexible collateral rules) প্ৰয়োজন।

 

 

উত্তৰ-পূৰ্বাঞ্চলত বেংকিং নেটৱৰ্কৰ সম্প্ৰসাৰণ

প্ৰথম উত্তৰ-পূব বেংকাৰ্ছ সন্মিলনৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰী সিন্ধিয়াই কয় যে উদ্বোধনী সন্মিলনত নিৰ্ধাৰিত বেংকিং লক্ষ্যৰ বিপৰীতে পাঁচ বছৰত প্ৰায় ৭৩ শতাংশ প্ৰগতি অর্জন কৰা হৈছে।

মুখ্য সফলতাসমূহ হ'ল—

  • ১৩১টা নতুন বেংক শাখা আৰু ১২৬টা এটিএম (ATM)ৰ সংযোজন কৰা হৈছে।
  • ২৪৭টা নতুন ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক (IPPB)ৰ কেন্দ্ৰ স্থাপন কৰা হৈছে।
  • সমগ্ৰ অঞ্চলটোত ৬,৬৭৪টা বেংক শাখা আৰু ৫,৮২৩টা এটিএম কাৰ্যক্ষম হৈ আছে।
  • প্ৰায় ৯৯.৯৩ শতাংশ গাঁও বেংকিং টাচপয়ন্টৰ আওতালৈ আহিছে।
  • অতিৰিক্ত ২,৫০০টা আইপিপিবি (IPPB) প্ৰৱেশ পইণ্টৰ পৰিকল্পনা কৰা হৈছে।

উন্নত বেংকিং আৰু ডাক সেৱাৰ বাবে চিহ্নিত প্ৰায় ৯,০০০ খন গাঁৱৰ ভিতৰত ৬,৯০৫ খন গাঁও সামৰি লোৱা হৈছে। ভৌতিক বেংক শাখা খোলাৰ বাবে প্ৰয়োজনীয় ন্যূনতম জনংখ্যাৰ মাপকাঠি ৩,০০০ৰ পৰা হ্ৰাস কৰি ২,০০০ লৈ অনা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলত ডিজিটেল বেংকিংৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতাৰ কথাত আলোকপাত কৰি শ্ৰী সিন্ধিয়াই উল্লেখ কৰে যে শাখা বহিৰ্ভূত সকলো লেনদেনৰ ৯০.২% ই হৈছে ইউপিআই (UPI) ৰ জৰিয়তে।

উত্তৰ-পূৰ্বাঞ্চলত হৈছে ৪০,০০০ কোটি টকাৰ বিনিয়োগ

কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই কয় যে ২০২৫ চনৰ মে' মাহত অনুষ্ঠিত 'ৰাইজিং উত্তৰ ইষ্ট ইনভেষ্টৰ্ছ ছামিট'ৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত প্ৰায় ৪০,০০০ কোটি টকাৰ বিনিয়োগ কাৰ্যকৰী কৰা হৈছে।

তেওঁ অঞ্চলটোৰ বিমান নেটৱৰ্ক ৯ খনৰ পৰা ১৭ খনলৈ সম্প্ৰসাৰিত হোৱাকে ধৰি প্ৰধান পৰিকাঠামোগত উন্নতিসমূহৰ কথাত আলোকপাত কৰে।

তেওঁ মিজোৰামৰ বৈৰাৱী ৰে'লপথৰ কথাও উল্লেখ কৰে,  য’ত ১,১০০টা খেপৰ জৰিয়তে প্ৰায় ১৫ লাখ যাত্ৰীৰ পৰিবহণ সম্পন্ন হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত ডনাৰ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত মুঠ বাজেট সমৰ্থনৰ ১০% আবণ্টনৰ জৰিয়তে বছৰি এক লাখ কোটিতকৈয়ো অধিক ধন লাভ কৰে। তেওঁ আঠখন ৰাজ্যলৈ প্ৰায় ৬ লাখ কোটি টকাৰ বিত্তীয় হস্তান্তৰণৰ কথাও উল্লেখ কৰে।

উত্তৰ-পূৰ্বাঞ্চলে আগবঢ়ায় শক্তিশালী জনসাংখ্যিক সুবিধা

অঞ্চলটোৰ জনসাংখ্যিক আৰু অর্থনৈতিক সম্ভাৱনাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শ্ৰী সিন্ধিয়াই উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা প্ৰায় ৫ কোটি। শিক্ষা, দক্ষতা বিকাশ, উদ্যমশীলতা আৰু কর্মসংস্থাপনত অধিক সুযোগ প্ৰদান কৰি তেওঁ অঞ্চলটোৰ যুৱ সমাজক সদ্ব্যৱহাৰ কৰাৰ গুৰুত্ব দোহাৰে। তেওঁ কয় যে আঠখন ৰাজ্যৰ গড় সাক্ষৰতাৰ হাৰ ৯৩% হোৱাৰ বিপৰীতে মিজোৰামে ১০০% সাক্ষৰতা অর্জন কৰিছে।

অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ আৰু অর্থনৈতিক সম্ভাৱনাত গুৰুত্ব আৰোপ কৰি সিন্ধিয়াই কয়, "উত্তৰ-পূৰ্বাঞ্চলত এক জনসাংখ্যিক আৰু শৈক্ষিক উত্থান, প্ৰাকৃতিক সম্পদৰ এক বিশাল সম্ভাৰ আৰু অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্য্য আছে। লেংপুইত অৱতৰণ কৰিলে এনে অনুভৱ হয় যেন আপুনি এখন অৰণ্যতহে অৱতৰণ কৰিছে। প্ৰকৃতিয়ে এই অঞ্চলটোক কিবা এক বিশেষ উপহাৰ প্ৰদান কৰিছে।"

অঞ্চলটোৰ অর্থনৈতিক বিকাশৰ কথা উল্লেখ কৰি তেওঁ কয়, "আপোনালোকে কোনো অন্বেষণ নকৰা অর্থনৈতিক ক্ষেত্রত প্ৰৱেশ কৰা নাই। সমগ্ৰ বিশ্ব আগবাঢ়িছে। অনুমান কৰকচোন উত্তৰ-পূৰ্বাঞ্চলৰ বাৰ্ষিক বিকাশৰ হাৰ কিমান? প্ৰতিবছৰে ৯-১১%।" তেওঁ বেংকসমূহক এই বিকাশধাৰা অব্যাহত ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।

অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা সোঁৱৰাই শ্ৰী সিন্ধিয়াই কয়, "মই প্ৰায় ৩২ মাহ ধৰি ড’নাৰ মন্ত্ৰালয়ৰ (DoNER) মন্ত্ৰী হৈ আছো, আৰু এয়া উত্তৰ-পূৰ্বাঞ্চললৈ মোৰ ৩৫ সংখ্যক ভ্রমণ। ইয়াৰ গুহা আৰু নদীসমূহৰ পৰা আৰম্ভ কৰি জীৱন্ত সেতুসমূহলৈকে, আৰু উদ্যোগীসকলৰ পৰা আৰম্ভ কৰি গাঁও পৰ্যায়ত চৰকাৰসমূহৰ সামৰ্থ্যলৈকে, মই এই অঞ্চলটোৰ অসীম সম্ভাৱনা প্ৰত্যক্ষ কৰিছোঁ।"

ৰাজ্যভিত্তিক বেংকিং ৰোডমেপ

কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই বিত্তীয় সেৱা বিভাগৰ (DFS) বাবে চাৰিটা প্ৰাথমিকতাৰ ৰূপৰেখা দাঙি ধৰে: ৭০টা বেংক শাখা, ব্যৱসায়িক প্ৰতিনিধি (Business Correspondents) আৰু আইপিপিবি (IPPB) পইণ্ট-ৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা; বাণিজ্যিক বেংকৰ উপস্থিতি শক্তিশালী কৰা; উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা নিৰ্দিষ্ট ঋণ-বিপদাশংকা কাঠামো (credit-risk framework) বিকশিত কৰা; আৰু অঞ্চলটোৰ বিত্তীয় ব্যৱস্থাৰ বাবে এক কাৰ্যপন্থা (action plan) প্ৰস্তুত কৰা।

তেওঁ কয় যে নেডফি (NEDFi), ডিএফএছ (DFS), ড’নাৰ মন্ত্ৰালয় (MDoNER) আৰু ৰাজ্য চৰকাৰসমূহে বিত্তীয় অভাৱসমূহ চিনাক্ত কৰিবলৈ আৰু ৰাজ্যভিত্তিক নির্দিষ্ট পদক্ষেপসমূহ বিকশিত কৰিবলৈ একেলগে কাম কৰিছে।

২০২৬ চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ড’নাৰ মন্ত্ৰালয়ৰ সচিবে ৰাজ্যসমূহৰ সৈতে পৰামৰ্শ বৈঠক অনুষ্ঠিত কৰিছিল, যাৰ ফলশ্ৰুতিত ৰাজ্যসমূহে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল।

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান বিত্তীয় সুবিধা যাতে অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় আৰু অঞ্চলটোত সৃষ্টি হোৱা প্ৰমূল্য অঞ্চলটোৰ ভিতৰতে থাকে, সেয়া নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বেংকাৰসকলক আহ্বান জনায়।

 

***

PS/KB


(ৰিলিজ আই ডি : 2323084) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी