প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হ’বলৈ সাজু স্বদেশী বহুমুখী যুদ্ধজাহাজ 'সমৰ্থক'

পোষ্ট কৰা হৈছে: 13 OCT 2026 4:22PM by PIB Guwahati

ভাৰতীয় নৌসেনাই ২০২৬ চনৰ ১৬ অক্টোবৰত কাৰৱাৰৰ নৌসেনা ঘাটিত থলুৱা যুদ্ধ জাহাজ ‘সমৰ্থক’ক অন্তৰ্ভুক্ত কৰিবলৈ সাজু কৰিছে। ভাৰত চৰকাৰৰ মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত মেছাৰ্ছ লাৰ্ছেন এণ্ড টুব্ৰ’ লিমিটেডে নিৰ্মাণ কৰা সমৰ্থক হৈছে ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হ’বলগীয়া চাৰিখন বহু সুবিধাযুক্ত জাহাজৰ ভিতৰত প্ৰথমখন। এই পদক্ষেপৰ জৰিয়তে প্ৰতিৰক্ষা আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ অভিযানত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপিত হ’ব। এই জাহাজখন নৌসেনাৰ ভৱিষ্যতৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে পৰিগণিত হোৱাৰ লগতে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অভিযানৰ বাবে এই জাহাজ উপযোগী হ’ব। প্ৰাথমিকভাৱে সামুদ্ৰিক নিৰীক্ষণ আৰু টহলৰ বাবে নিৰ্মাণ কৰা সমৰ্থকে নিম্ন তীব্ৰতাৰ সামুদ্ৰিক অভিযান (এলআইএমও), টাৰ্গেট ডিপ্লয়মেণ্ট এণ্ড ট্ৰায়েলছ প্লেটফৰ্ম, মানৱবিহীন/স্বায়ত্তশাসিত চিষ্টেম মাদাৰশ্বিপ, মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচএডিআৰ) প্ৰদানৰ বাবে সক্ষম ৷ তদুপৰি ই সীমিত চিকিৎসালয় জাহাজলৈ ৰূপান্তৰিত হ’ব পাৰে  আৰু উদ্ধাৰ অভিযান চলোৱাৰ বাবেও ই সক্ষম।

 

জাহাজখনৰ সংহত যুঁজাৰু আহিলাসমূহত থলুৱা ছেন্সৰ, অস্ত্ৰ-শস্ত্ৰ আৰু ইলেক্ট্ৰনিক প্ৰণালীৰ সংমিশ্ৰণ কৰা হৈছে। এই সমূহ বিশেষভাৱে প্ৰত্যাহ্বানপূৰ্ণ সামুদ্ৰিক পৰিৱেশত কাম কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। সমৰ্থকৰ শিখৰত, ঢৌৰ পৰা ওলাই অহা শক্তিশালী ভাৰতীয় হাতী দেখা যায়-যি শক্তি, বুদ্ধিমত্তা আৰু চঞ্চলতাৰ প্ৰতীক। জাহাজখনৰ মূলমন্ত্রঃ "বিজয়াৰ্থম একনিষ্ঠতা"- অৰ্থাৎ বিজয় হৈছে আমাৰ একমাত্ৰ লক্ষ্য।

****

VM/AS/DD


(ৰিলিজ আই ডি : 2323038) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी