বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় সামগ্ৰিক পৰিকল্পনাৰ জৰিয়তে ভাৰতৰ আন্তঃগাঁথনিৰ দৃশ্যপট সলনি হোৱাৰ পাঁচ বছৰ সম্পূৰ্ণ

প্ৰধানমন্ত্ৰী গতিশক্তিৰ জৰিয়তে ৩৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৫৮ টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ সামৰি একত্ৰিত কৰা হৈছে

১,৮০০ তকৈও অধিক ডে’টা লেয়াৰ নেটৱৰ্ক পৰিকল্পনা গোটৰ জৰিয়তে ২০.২৩ লাখ কোটি টকাৰ চাৰি শতাধিক আন্তঃগাঁথনি প্ৰকল্পৰ মূল্যায়ন

প্ৰধানমন্ত্ৰী গতিশক্তিৰ আওতালৈ জিলা পৰ্যায় আৰু সামাজিক খণ্ডৰ পৰিকল্পনা; বহু আৰ্হিৰ সংযোগ শক্তিশালী কৰিবলৈ সংহত পৰিবহণ আৰু লজিষ্টিক প্ৰাধিকৰণ

পোষ্ট কৰা হৈছে: 13 OCT 2026 4:59PM by PIB Guwahati

২০২১ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা পিএম গতিশক্তি ৰাষ্ট্ৰীয় সামগ্ৰিক পৰিকল্পনা (পিএমজিএছ এনএমপি)ৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে দেশত সংহত আন্তঃগাঁথনি পৰিকল্পনা আৰু উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি প্ৰতিফলিত হৈছে। ভাস্কৰাচাৰ্য্য নেচনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনছ এণ্ড জিঅ’ইনফৰমেটিক্স (বিআইএছএজি-এন)-ৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰতৰ অধীনত পিএম গতিশক্তি জিঅ’স্পেচিয়েল ডিজিটেল মঞ্চ থলুৱাভাৱে বিকশিত কৰা হৈছে। মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত সমন্বয় অনাৰ লক্ষ্যৰে, প্ৰধানমন্ত্ৰী গতিশক্তিয়ে ভূ-স্থানিক তথ্য একত্ৰিত কৰি, সমন্বিত সিদ্ধান্ত গ্ৰহণৰ সুবিধা প্ৰদান কৰাৰ লগতে বহু আৰ্হিৰ,  আন্তঃআৰ্হিৰ আৰু দেশৰ প্ৰতিটো অঞ্চললৈ সংযোগ শক্তিশালী কৰি আন্তঃগাঁথনি পৰিকল্পনাৰ ক্ষেত্ৰত এক সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী প্ৰতিষ্ঠা কৰিছে। যোৱা পাঁচ বছৰত এই পদক্ষেপ এক সংহত ডিজিটেল পৰিকল্পনা মঞ্চৰ পৰা আন্তঃগাঁথনি, অৰ্থনৈতিক আৰু সামাজিক খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰা এক ব্যাপক ভূ-স্থানিক পৰিকল্পনা পৰিৱেশ তন্ত্ৰলৈ বিকশিত হৈছে।

 

পিএম গতিশক্তি ডিজিটেল মঞ্চৰ জৰিয়তে ৫৮ টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ আৰু  ৩৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লোৱা ১,৮০০ ত কৈও অধিক ডে’টা লেয়াৰ একত্ৰিত কৰা হৈছে।এই মঞ্চই সমগ্ৰ দেশতে তথ্য-চালিত আন্তঃগাঁথনি পৰিকল্পনা শক্তিশালী কৰি ৬৫ টাতকৈও অধিক ছফ্টৱেৰ মডিউল/সঁজুলি আৰু শতাধিক মোবাইল তথা ৱেব এপ্লিকেচনৰ বিকাশ আৰু একত্ৰীকৰণৰ সুবিধা প্ৰদান কৰিছে। নেটৱৰ্ক পৰিকল্পনা গোটটো (এনপিজি)-এ প্ৰধানমন্ত্ৰী গতিশক্তি নীতিৰ ওপৰত ভিত্তি কৰি প্ৰায় ২০.২৩ লাখ কোটি টকাৰ চাৰি শতাধিক আন্তঃগাঁথনি প্ৰকল্পৰ মূল্যায়ন কৰে। মূল্যায়ন পৰিকাঠামোত বহু আৰ্হিৰ আন্তঃগাঁথনিৰ সংহত পৰিকল্পনা আৰু বিকাশ, অৰ্থনৈতিক আৰু সামাজিক কেন্দ্ৰৰ সৈতে প্ৰান্তীয় অঞ্চলসমূহৰ সংযোগ, আন্তঃ আৰ্হিৰ সংযোগ, উন্নত ৰচদ পাতি খণ্ড আৰু প্ৰকল্পসমূহৰ সুসংগত ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এ পি জি-য়ে সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীক প্ৰতিষ্ঠানিক কৰি তুলিছে।

 

প্ৰধানমন্ত্ৰী গতিশক্তিয়ে সামাজিক খণ্ডৰ উন্নয়ন আৰু ক্ষেত্ৰভিত্তিক পৰিকল্পনা ত্বৰান্বিত কৰিবলৈ পৰম্পৰাগত আন্তঃগাঁথনি পৰিকল্পনাৰ পৰিধি অতিক্ৰম কৰিছে। জিলা পৰ্যায়ত পথ, বিদ্যালয়, স্বাস্থ্যসেৱাৰ সুবিধা, পানীৰ পাইপলাইন আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাকে ধৰি স্থানীয় আৰ্থ-সামাজিক উন্নয়নৰ বাবে সংহত পৰিকল্পনাক সমৰ্থন কৰি এই পদক্ষেপ ক্ৰমান্বয়ে জিলাসমূহলৈ সম্প্ৰসাৰিত কৰা হৈছে।

 

একক ভূস্থানিক ইণ্টাৰফেচ (ইউ জি আই) ৰ জৰিয়তে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত মুকলি হোৱা পিএম গতিশক্তি ৰাজহুৱা মঞ্চৰ জৰিয়তে  ব্যক্তিগত সংস্থা আৰু সাধাৰণ জনসাধাৰণলৈ নিৰ্বাচিত তথ্য-বিশ্লেষণ ক্ষমতা সম্প্ৰসাৰিত কৰা হৈছে। জ্ঞান ব্যৱস্থাপনা প্ৰণালী (কে এম এছ), বিকেন্দ্ৰীকৃত তথ্য আপলোড আৰু ব্যৱস্থাপনা প্ৰণালী (ডি ইউ এম এছ) আৰু পি এম জি এছ-এন এম পি ডেশ্বব’ৰ্ডে জ্ঞানৰ আদান-প্ৰদান, তথ্য প্ৰশাসন, বিকেন্দ্ৰীকৃত তথ্য ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি নিৰীক্ষণ অধিক শক্তিশালী কৰিছে।

 

২০২১-২২ চনত আৰম্ভ হোৱাৰ পাছৰে পৰা পিএম গতিশক্তিয়ে ভিত্তি, সম্প্ৰসাৰণ, গভীৰ কৰা, ডিজিটেলাইজেচন আৰু অভিগম্যতাৰ ক্ৰমবৰ্ধমান পৰ্যায়ৰ মাজেৰে অগ্ৰগতি লাভ কৰে। ২০২২-২৩ বৰ্ষত আঠটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি মন্ত্ৰালয় অন্তৰ্ভুক্ত কৰা হোৱাৰ লগতে ৭১টা প্ৰকল্পৰ মূল্যায়ন কৰা হয়। ২০২৩-২৪ চনত সামাজিক-খণ্ডৰ একত্ৰীকৰণৰ জৰিয়তে ১,৪৬৩ ডে’টা লেয়াৰ আৰু  ৩৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক অন্তৰ্ভুক্ত কৰা হয়।

২০২৪-২৫ বৰ্ষত অৰ্থনৈতিক-খণ্ডৰ একত্ৰীকৰণ কৰাৰ লগতে  জিলা সামগ্ৰিক পৰিকল্পনা আৰম্ভ কৰা হয় আৰু ১২১টা প্ৰকল্পৰ মূল্যায়ন কৰা হয়। ২০২৫-২৬ চনত পিএম গতিশক্তি ৰাজহুৱা মঞ্চ/ইউজিআই, কেএমএছ, ডিইউএমএছ আৰু ডেশ্বব’ৰ্ড মুকলি কৰা হয় আৰু ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৩৫২টা প্ৰকল্পৰ মূল্যায়ন কৰা  হয় ।

 

২০২৬ত, ২০.২৩ লাখ কোটি টকাৰ ৪২১ টা প্ৰকল্পৰ মূল্যায়ন কৰা হোৱাৰ লগতে প্ৰায় ১,৮০০ ডে’টা লেয়াৰ, ৬৫ বিধতকৈও অধিক সঁজুলি আৰু শতাধিক এপ্লিকেচনৰ একত্ৰীকৰণ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই  পৰিবহণ আৰু লজিষ্টিক প্ৰাধিকৰণৰ সমন্বয়তো অনুমোদন জনায়।

 

যোৱা পাঁচ বছৰত, পিএম গতিশক্তিয়ে এক সংহত ৰাষ্ট্ৰীয় পৰিকল্পনা পৰিকাঠামো স্থাপনৰ পৰা আন্তঃগাঁথনি আৰু আঞ্চলিক উন্নয়নৰ বাবে এক বিস্তৃত ভূ-স্থানিক পৰিৱেশ তন্ত্ৰৰ বিকাশলৈ অগ্ৰগতি লাভ কৰিছে। তথ্যৰ একত্ৰীকৰণ, প্ৰতিষ্ঠানিক সমন্বয়, প্ৰকল্প মূল্যায়ন, ডিজিটেল সঁজুলি আৰু জিলা পৰ্যায়ৰ পৰিকল্পনাৰ জৰিয়তে, এই পদক্ষেপে আন্তঃগাঁথনি উন্নয়নৰ বাবে অধিক সংহত দৃষ্টিভংগী ত্বৰান্বিত কৰিছে। সমন্বিত দীৰ্ঘম্যাদী পৰিবহণ পৰিকল্পনাৰ বাবে পিএম গতিশক্তিৰ সম্পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰিবলৈ, চৰকাৰে পৰিবহণ আৰু ৰচদ পাতিৰ বিস্তৃত ক্ষেত্ৰৰ ভিতৰত গৱেষণা, পৰিকল্পনা, মূল্যায়ন, নিৰীক্ষণ আৰু প্ৰভাৱ মূল্যায়ন শক্তিশালী কৰিবলৈ একত্ৰিত পৰিবহণ আৰু লজিষ্টিক প্ৰাধিকৰণ (আইটিএলএ) স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। আই টি এল এ-ৰ প্ৰতিষ্ঠানে বহুমুখী আন্তঃগাঁথনি সংযোগ শক্তিশালী কৰা, আন্তঃগাঁথনিৰ দক্ষতা উন্নত কৰা, ৰচদ পাতি ব্যয় হ্ৰাস কৰা আৰু ভাৰতৰ  ৰচদ পাতি খণ্ডৰ আন্তৰ্জাতিক প্ৰতিযোগিতাৰ সামৰ্থ্য বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

দেশে বিকশিত ভাৰত ২০৪৭ ৰ দৃষ্টিভংগীৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে, পিএম গতিশক্তিয়ে সমন্বিত আন্তঃগাঁথনি পৰিকল্পনা, বহু আৰ্হিৰ সংযোগ আৰু উন্নত লজিষ্টিক খণ্ডৰ  দক্ষতাৰ বাবে এক পৰিকাঠামো গঢ়ি তোলাৰ জৰিয়তে এক সংহত, দক্ষ আৰু ভৱিষ্যতৰ বাবে সাজু পৰিবহণ তথা লজিষ্টিক পৰিৱেশ তন্ত্ৰৰ বিকাশত অৰিহণা যোগায়।

***

Abhishek Dayal/Abhijit Narayanan/Garima Singh/DD


(ৰিলিজ আই ডি : 2323030) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati