মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
সপ্তম পৰ্যায়ৰ যুৱ সংগমৰ অংশ হিচাপে পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী আৰএন ৰবিৰ সৈতে উত্তৰাখণ্ডৰ প্ৰতিনিধি দলৰ মত বিনিময়
সপ্তম পৰ্যায়ৰ যুৱ সংগমৰ অধীনত পশ্চিম বংগৰ সাংস্কৃতিক ঐতিহ্য অন্বেষণ উত্তৰাখণ্ডৰ প্ৰতিনিধি দলৰ
পোষ্ট কৰা হৈছে:
11 OCT 2026 1:37PM by PIB Guwahati
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগে দেশৰ যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰীয় সংহতি বৃদ্ধি আৰু পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ কাৰ্যসূচীৰ অধীনত সপ্তম পৰ্যায়ৰ যুৱ সংগম কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই কাৰ্যসূচীয়ে ২০খন অংশীদাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশগ্ৰহণকাৰীসকলক ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক পৰম্পৰা, শৈক্ষিক প্ৰতিষ্ঠান, উদ্ভাৱনী পৰিৱেশ আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে; যাৰ ফলত বৈচিত্ৰ্যৰ মাজত দেশৰ একতাৰ প্ৰতি তেওঁলোকৰ উপলব্ধি অধিক গভীৰ হৈ উঠে।
হেমৱতী নন্দন বহুগুণা গড়ৱাল বিশ্ববিদ্যালয় নোডেল প্ৰতিষ্ঠান হিচাপে থকা উত্তৰাখণ্ডৰ প্ৰতিনিধি দলটোৰ পশ্চিম বংগ ভ্ৰমণ ২০২৬ চনৰ ৭ অক্টোবৰত এক উষ্ম আদৰণিৰে আৰম্ভ হয়। ইয়াৰ লগে লগে সাংস্কৃতিক আদান-প্ৰদান, অভিজ্ঞতাভিত্তিক শিক্ষা আৰু পাৰস্পৰিক বুজাবুজিৰে সমৃদ্ধ এক যাত্ৰাৰ শুভাৰম্ভ ঘটে। এই প্ৰতিনিধি দলটোক আইআইটি খড়গপুৰে আতিথ্য প্ৰদান কৰিছে, যিয়ে যুৱ অংশগ্ৰহণকাৰীসকলক ৰাজ্যখনৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য, সজীৱ পৰম্পৰা তথা শৈক্ষিক পৰিৱেশ অন্বেষণ কৰাৰ সুযোগ সুবিধা কৰি দিছে।
এই ভ্ৰমণকালত প্ৰতিনিধি দলটোৱে ২০২৬ চনৰ ৮ অক্টোবৰত ৰাজ্যপাল আৰএন ৰবিৰ সৈতে মতবিনিময় কৰে। এই আলোচনাত শিক্ষা, সাংস্কৃতিক আদান-প্ৰদান আৰু দেশৰ বিভিন্ন প্ৰান্তৰ যুৱপ্ৰজন্মৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ গুৰুত্ব সম্পৰ্কে অৰ্থপূৰ্ণ বাৰ্তালাপ হয়। এই মত বিনিময়ে উত্তৰাখণ্ডৰ প্ৰতিনিধি দলৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপকসকলক পশ্চিমবংগৰ স্বকীয় সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰা প্ৰত্যক্ষ কৰাৰ লগতে মূল্যৱান দৃষ্টিভংগী আহৰণ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে।
সাংস্কৃতিক অন্বেষণৰ অংশ হিচাপে উত্তৰাখণ্ডৰ প্ৰতিনিধিসকলে ২০২৬ চনৰ ৯ অক্টোবৰত কলকাতাৰ প্ৰিন্সেপ ঘাট আৰু সুন্দৰবন দৰ্শন কৰে। হুগলী নদীৰ পাৰত অৱস্থিত চহৰখনৰ অন্যতম সুপৰিচিত ঐতিহাসিক স্থান প্ৰিন্সেপ ঘাটে অংশগ্ৰহণকাৰীসকলক কলকাতাৰ ঐতিহাসিক আকৰ্ষণ, মনোৰম পৰিৱেশ আৰু সজীৱ অনুভূতি উপভোগ কৰাৰ সুযোগ দিয়ে৷ ই তেওঁলোকৰ যুৱ সংগম যাত্ৰাত আন এক স্মৰণীয় মাত্ৰা যোগ কৰিছে।
এই ভ্ৰমণে যুৱপ্ৰজন্মক নতুন ঠাই অন্বেষণ কৰিবলৈ, বিভিন্ন সম্প্ৰদায়ৰ সৈতে মতবিনিময় কৰিবলৈ আৰু ভৌগোলিক সীমা অতিক্ৰমি স্থায়ী বন্ধুত্ব গঢ়ি তুলিবলৈ উৎসাহিত কৰি ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মূল ভাৱনাক প্ৰতিফলিত কৰিছে। এনে গভীৰ অভিজ্ঞতাৰ জৰিয়তে যুৱ সংগম (সপ্তম পৰ্যায়)-এ ৰাষ্ট্ৰীয় সংহতি, সাংস্কৃতিক বুজাবুজি আৰু ভাৰতৰ সমৃদ্ধ বৈচিত্ৰ্যৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে।
বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰি যুৱ সংগমে এক সংযুক্ত, সৰ্বাত্মক আৰু ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰি তুলিছে; য’ত অংশীদাৰী অভিজ্ঞতা আৰু পাৰস্পৰিক শ্ৰদ্ধাই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ বন্ধনক সুদৃঢ় কৰি তুলিছে।




*****
AV/MM
(ৰিলিজ আই ডি : 2321996)
অতিথি কক্ষ : 4