প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ স্মৰণ, তেওঁৰ সুশাসনৰ আদৰ্শৰ ওপৰত আলোকপাত

পোষ্ট কৰা হৈছে: 11 OCT 2026 9:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণক তেওঁৰ জয়ন্তী উপলক্ষে স্মৰণ কৰি কয় যে  কেইবাটাও প্ৰজন্ম ধৰি তেওঁৰ প্ৰভাব  অব্যাহত আছে আৰু জনসাধাৰণক ৰাজহুৱা জীৱন ৰাষ্ট্ৰৰ পুনৰ্নিৰ্মাণৰ  মাধ্যম হ’ব পাৰে বুলি বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত লোকনায়ক জে পি-ৰ নিৰ্ভীক কণ্ঠ আৰু সুশাসনৰ লগতে সমাজৰ প্রান্তীয় শ্ৰেণীৰ ওচৰলৈ যোৱাৰ  তেওঁৰ প্ৰতিশ্ৰুতিৰ বিষয়েও উল্লেখ কৰে।

শ্ৰী মোদীয়ে কয় যে বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত কাম কৰি থকাৰ সময়ত, তেওঁৰ আদৰ্শ পূৰণ কৰিবলৈ ৰাষ্ট্ৰ প্ৰতিশ্ৰুতিবদ্ধ ।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে এইদৰে কৈছে;

‘লোকনায়ক জয়প্ৰকাশ নাৰায়ণক তেওঁৰ জয়ন্তী উপলক্ষে স্মৰণ কৰিছো। কেইবাটাও প্ৰজন্ম ধৰি তেওঁৰ প্ৰভাব  অব্যাহত আছে আৰু জনসাধাৰণক ৰাজহুৱা জীৱন ৰাষ্ট্ৰৰ পুনৰ্নিৰ্মাণৰ  মাধ্যম হ’ব পাৰে বুলি বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁৰ নিৰ্ভীক কণ্ঠ লক্ষণীয় আছিল।

লোকনায়ক জে পি সুশাসন নিশ্চিত কৰা আৰু সমাজৰ বঞ্চিত লোকসকলৰ কাষলৈ যোৱাৰ ক্ষেত্ৰত আগ্ৰহী আছিল। আমি তেওঁৰ আদৰ্শ পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিহেতু আমি এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰি আছো।’

*****

MJPS/SS/VJ/MK


(ৰিলিজ আই ডি : 2321946) অতিথি কক্ষ : 20