যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
নতুন দিল্লীত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৬-ৰ সৈতে সংগতি ৰাখি কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গোলকীয় পদক্ষেপৰ (GI-AI4FS) দ্বিতীয়খন বৈঠক অনুষ্ঠিত
কৃষি-খাদ্য ব্যৱস্থাৰ ৰূপান্তৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ইণ্টাৰনেট অৱ থিংছৰ দায়িত্বশীল আৰু ফলপ্ৰসূ প্ৰয়োগত গুৰুত্ব আৰোপ
পোষ্ট কৰা হৈছে:
10 OCT 2026 6:55PM by PIB Guwahati
ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ দূৰসংযোগ বিভাগ (DoT)ৰ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং চেণ্টাৰ (TEC)-এ নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৬-ৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গোলকীয় পদক্ষেপ (GI-AI4FS)ৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰে। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)ৰ সৈতে যুটীয়াভাৱে এই বৈঠকৰ আয়োজন কৰা হয়। কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গোলকীয় পদক্ষেপ (GI-AI4FS) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO), আন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন নিধি (IFAD) আৰু বিশ্ব খাদ্য কাৰ্যসূচী (WFP)ৰ ঘনিষ্ঠ সহযোগত, আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ (ITU)ৰ সমন্বয়ত গ্ৰহন কৰা ৰাষ্ট্ৰসংঘৰ এক গোলকীয় পদক্ষেপ৷ এই বৈঠকত প্ৰত্যক্ষভাৱে প্ৰায় ৭০গৰাকী প্ৰতিনিধি আৰু অনলাইনযোগে ২৫গৰাকী অংশগ্ৰহণকাৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াত আন্তঃৰাষ্ট্ৰীয় সংস্থা, চৰকাৰী বিভাগ, কৃষি গৱেষণা প্ৰতিষ্ঠান, শিক্ষাবিদ, উদ্যোগ আৰু মান নিৰ্ধাৰণকাৰী সংস্থাসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি কৃষি আৰু খাদ্য ব্যৱস্থাত ইণ্টাৰনেট অৱ থিংছ (IoT) আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)-ৰ প্ৰয়োগৰ ক্ষেত্ৰত গোলকীয় সহযোগিতা আগবঢ়োৱাৰ বাবে আলোচনা কৰে।

উদ্বোধনী অধিৱেশনত কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গোলকীয় পদক্ষেপ (GI-AI4FS) -ৰ অধ্যক্ষ ড° ছেবাষ্টিয়ান বছেৰ আদৰণি ভাষণেৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে মূল ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ কৌশল, উদ্ভাৱন আৰু অংশীদাৰিত্ব বিভাগৰ জ্যেষ্ঠ বিশেষজ্ঞ শ্ৰী কৃষ্ণন পাল্লাছানা; আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ (ITU) দূৰসংযোগ মানকীকৰণ ব্যুৰোৰ (TSB) উপ-সঞ্চালক ড° বিলেল জামুছি; কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ (DARE) অধীনস্থ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা বিভাগৰ উপ-সঞ্চালক প্ৰধান ড° এ কে নায়ক আৰু ভাৰতৰ দূৰসংযোগ বিভাগৰ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং চেণ্টাৰৰ জ্যেষ্ঠ উপ-সঞ্চালক প্ৰধান তথা মুৰব্বী শ্ৰী ছৈয়দ তৌছিফ আব্বাছে।

বৈঠকত কৃষি পদ্ধতিৰ ৰূপান্তৰ আৰু কৃষি-খাদ্য ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ আৰু ডিজিটেল সংযোগৰ বৰ্ধিত ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সংযুক্ত সংবেদক, বতৰ নিৰীক্ষণ কেন্দ্ৰ, ড্ৰোন, উপগ্ৰহভিত্তিক ব্যৱস্থা আৰু কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন বিশ্লেষণ ব্যৱস্থাৰ সমন্বিত প্ৰয়োগে নিখুঁত কৃষিকাৰ্যত সহায় কৰাৰ লগতে সম্পদৰ সদ্ব্যৱহাৰ বৃদ্ধি, শস্যৰ ৰোগ আগতীয়াকৈ চিনাক্তকৰণ আৰু কৃষকসকলক তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব পাৰে।
ডিজিটেল প্ৰযুক্তিয়ে কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ পৰা বিতৰণলৈকে অনুসৰণযোগ্যতা উন্নত কৰা, চপোৱাৰ পিছত হোৱা লোকচান হ্ৰাস কৰা আৰু কৃষি যোগান শৃংখলৰ প্ৰতিটো পৰ্যায়ত কাৰ্যদক্ষতা বৃদ্ধিৰো সুযোগ প্ৰদান কৰে।
এই বৈঠকৰ পূৰ্বে ৮ আৰু ৯ অক্টোবৰত ‘কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা’ শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় হেকাথনৰ আয়োজন কৰা হৈছিল। নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ চৌহদত দূৰসংযোগ বিভাগৰ টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং চেণ্টাৰ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদে যুটীয়াভাৱে এই হেকাথনৰ আয়োজন কৰে।
এই হেকাথনে কৃষি আৰু খাদ্য ব্যৱস্থাৰ বাস্তৱিক সমস্যাসমূহৰ সমাধানৰ বাবে ব্যৱহাৰিক প্ৰযুক্তিগত সমাধান উদ্ভাৱন কৰিবলৈ শিক্ষাৰ্থী, গৱেষক, বিকাশক আৰু উদ্ভাৱকসকলক এক সহযোগিতামূলক মঞ্চ প্ৰদান কৰে।
কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গোলকীয় পদক্ষেপ (GI-AI4FS) -ৰ বৈঠকত এই আন্তঃৰাষ্ট্ৰীয় হেকাথনত উদ্ভাৱিত সমাধানসমূহো প্ৰদৰ্শন কৰা হয়। স্থিতিস্থাপক কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক উদ্ভাৱন শীৰ্ষক এই কাৰ্যসূচীত নিৰ্বাচিত দলসমূহে তেওঁলোকৰ সমাধানসমূহ উপস্থাপন কৰাৰ লগতে হেকাথনৰ সময়ছোৱাত বিকশিত কৰা উদ্ভাৱনীমূলক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগসমূহ প্ৰদৰ্শন কৰে।
ইয়াৰ উপৰি বিজয়ী সমাধানসমূহ উপস্থাপন আৰু উল্লেখযোগ্য উদ্ভাৱনসমূহক স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰা হয়। লগতে অংশগ্ৰহণকাৰী দল, সহযোগী সংস্থা, পৰামৰ্শদাতা আৰু অন্যান্য অৱদানকাৰীসকলৰ অৱদানৰ স্বীকৃতিস্বৰূপে বঁটা প্ৰদান অনুষ্ঠানৰো আয়োজন কৰা হয়।
বৈঠকত কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গোলকীয় পদক্ষেপ (GI-AI4FS) -ৰ পৰিচালন ব্যৱস্থা আৰু সাংগঠনিক বিকাশৰ বিষয়েও আলোচনা কৰা হয়। আলোচ্যসূচীত প্ৰস্তাৱিত পৰিচালনা আৰু সমন্বয় ব্যৱস্থা, কৰ্মগোটসমূহৰ (WG) অধ্যক্ষ, সহ-অধ্যক্ষ আৰু সদস্যসকলৰ মনোনয়ন তথা নিশ্চিতকৰণ, কৰ্মগোটসমূহৰ কাৰ্যপৰিধি আৰু দায়িত্বৰ চৰ্তাৱলী আৰু অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া ক্ষেত্ৰসমূহ তথা প্ৰাৰম্ভিক কাৰ্যপদ্ধতি চিনাক্তকৰণৰ বিষয় অন্তৰ্ভুক্ত আছিল।
সামগ্ৰিকভাৱে, কৃষি-খাদ্য ব্যৱস্থাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় গোলকীয় পদক্ষেপ (GI-AI4FS) -ৰ দ্বিতীয়খন বৈঠকে কৃষি আৰু খাদ্য ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল ব্যৱহাৰ সন্দৰ্ভত আলোচনা আগবঢ়োৱাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে। ইয়াৰ জৰিয়তে বিশ্বাসযোগ্য আৰু বিভিন্ন ব্যৱস্থাৰ মাজত সমন্বয় সাধন কৰিব পৰা, কৃষককেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক সমাধানৰ প্ৰসাৰ, পৰিচালনা ব্যৱস্থা আৰু মান নিৰ্ধাৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰা আৰু উদ্ভাৱনসমূহক ব্যৱহাৰিক প্ৰয়োগলৈ ৰূপান্তৰ কৰাৰ সুযোগ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
অধিক তথ্যৰ বাবে দূৰসংযোগ বিভাগৰ সামাজিক মাধ্যমৰ পৃষ্ঠাসমূহ অনুসৰণ কৰক:
এক্স (X): [https://x.com/DoT_India](https://x.com/DoT_India)
ইনষ্টাগ্ৰাম: [https://www.instagram.com/department_of_telecom](https://www.instagram.com/department_of_telecom)
ফেচবুক: [https://www.facebook.com/DoTIndia](https://www.facebook.com/DoTIndia)
ইউটিউব: [https://youtube.com/@departmentoftelecom](https://youtube.com/@departmentoftelecom)
***
AMK/ ARJ/ PB
(ৰিলিজ আই ডি : 2321842)
অতিথি কক্ষ : 14