প্ৰতিৰক্ষা মন্ত্ৰালয়
তেজপুৰত প্ৰতিৰক্ষা সংবাদদাতাৰ পাঠ্যক্ৰমৰ সামৰণি
পোষ্ট কৰা হৈছে:
10 OCT 2026 8:20PM by PIB Guwahati
নৌসেনা, বায়ুসেনা আৰু স্থলসেনাৰ সৈতে জড়িত বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত ২৪গৰাকী সাংবাদিকক লৈ অনুষ্ঠিত প্ৰতিৰক্ষা সংবাদদাতাৰ পাঠ্যক্ৰমৰ তেজপুৰত সামৰণি পৰিছে।
তিনি সপ্তাহজোৰা এই পাঠ্যক্ৰমৰ জৰিয়তে অংশগ্ৰহণকাৰী সাংবাদিকসকল ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা বাহিনীৰ ভূমিকা, সামৰ্থ্য আৰু কাৰ্যপৰিচালনাৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত হয়। বিভিন্ন তথ্যভিত্তিক আলোচনাচক্ৰ, ক্ষেত্ৰ পৰিদৰ্শন আৰু সামৰিক কৰ্মীসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে সাংবাদিকসকল প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যপ্ৰণালী আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় বাতৰি পৰিৱেশনৰ সৈতে জড়িত দায়িত্বসমূহৰ বিষয়ে অৱগত হয়।
এই কাৰ্যসূচীয়ে প্ৰতিৰক্ষা বাহিনী আৰু সংবাদ মাধ্যমৰ মাজত পাৰস্পৰিক বুজাবুজি অধিক শক্তিশালী কৰে। লগতে, কাৰ্যপৰিচালনাৰ সংবেদনশীলতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশসমূহৰ প্ৰতি যথোচিত গুৰুত্ব প্ৰদান কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে দুয়োপক্ষৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰ দিশটোও এই কাৰ্যসূচীত প্ৰতিফলিত হয়।
সামৰণি অনুষ্ঠানত গজৰাজ ক’ৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিং, লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লাই সভাপতিত্ব কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান (সংবাদ মাধ্যম আৰু যোগাযোগ) শ্ৰী বিজয় কুমাৰৰ লগতে জনসম্পৰ্ক সঞ্চালকালয়ৰ বিষয়াসকলো অনুষ্ঠানত উপস্থিত থাকে।

***
SR/PS/PB
(ৰিলিজ আই ডি : 2321840)
অতিথি কক্ষ : 10