প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাতা সংস্থা (SIDM) চেম্পিয়ন বঁটা প্ৰদান কৰি ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণ, গৱেষণা আৰু উন্নয়নত বিনিয়োগ তথা প্ৰতিৰক্ষা উৎপাদন ক্ষমতা বৃদ্ধিৰ আহ্বান জনায়
“ৰাষ্ট্ৰীয় নিৰাপত্তা ক্ৰমাৎ দেশখনে নিজৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি আৰু সঁজুলি উদ্ভাৱন, বিকাশ, নিৰ্মাণ আৰু নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে” — ৰাজনাথ সিং
“এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে ২০২৫–২৬ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি অভিলেখ ৩৮,৪২৪ কোটি টকা হৈছেগৈ। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এই বৃদ্ধি ৬০ শতাংশতকৈও অধিক” — প্ৰতিৰক্ষা মন্ত্ৰী
“প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাতাসকলে গৱেষণা আৰু উন্নয়নৰ ব্যয়ক এনে এক বিনিয়োগ হিচাপে গণ্য কৰিব লাগে, যিয়ে কাৰ্যকৰী প্ৰস্তুতি শক্তিশালী কৰে, প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধি কৰে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাত অৰিহণা যোগায়” — প্ৰতিৰক্ষা মন্ত্ৰী
পোষ্ট কৰা হৈছে:
09 OCT 2026 7:23PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ( ৯ অক্টোবৰ) নতুন দিল্লীত অনুষ্ঠিত ছ’চাইটি অব ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছৰ (SIDM) অষ্টম বাৰ্ষিক অধিৱেশনত ছ’চাইটি অব ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছ(SIDM) চেম্পিয়ন বঁটা -২০২৬ প্ৰদান কৰে। অনুষ্ঠানত মুঠ ১৫টা চেম্পিয়ন বঁটা প্ৰদান কৰা হয়। দেশীয় প্ৰযুক্তিৰ বিকাশ, সামগ্ৰীৰ উদ্ভাৱন, নক্সা প্ৰস্তুতকৰণ, আমদানিৰ বিকল্প সৃষ্টি, উৎপাদনৰ উৎকৃষ্টতা আৰু ৰপ্তানিৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰা প্ৰতিষ্ঠানসমূহক স্বীকৃতি জনাই এই বঁটাসমূহ প্ৰদান কৰা হয়। দেশীয় প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ, প্ৰযুক্তিগত উদ্ভাৱন, নক্সা প্ৰস্তুতকৰণৰ সক্ষমতা, আমদানিৰ বিকল্প সৃষ্টি, উৎপাদনৰ উৎকৃষ্টতা আৰু ৰপ্তানিৰ ক্ষেত্ৰত অৱদানৰ বাবে ৰাজনাথ সিঙে বঁটাপ্ৰাপকসকলক অভিনন্দন জনায়।
অধিৱেশনৰ বিষয়বস্তু “সাৰ্বভৌম সক্ষমতা, প্ৰত্যাহ্বানপূৰ্ণ সীমান্ত: পৰিৱৰ্তনশীল পৰিস্থিতিত ভাৰতৰ কৌশলগত স্বায়ত্তশাসন ত্বৰান্বিত কৰা”ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা ক্ৰমাৎ দেশখনে নিজৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি আৰু সঁজুলি উদ্ভাৱন, বিকাশ, নিৰ্মাণ আৰু নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে ভাৰতৰ প্ৰতিভাসম্পন্ন মানৱসম্পদ, যুৱ কৰ্মশক্তি, ঔদ্যোগিক সক্ষমতা আৰু নীতিগত সহযোগিতাই দেশখনক বিশ্বৰ আগশাৰীৰ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণকাৰী ৰাষ্ট্ৰসমূহৰ ভিতৰত স্থান লাভ কৰাত সক্ষম কৰি তুলিব।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশীয় প্ৰতিৰক্ষা উদ্যোগৰ পৰিৱেশ শক্তিশালী কৰা আৰু নীতি তথা উদ্যোগৰ মাজত আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ছ’চাইটি অব ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছ(SIDM)-এ পালন কৰা ভূমিকাৰো শলাগ লয়। দেশৰ কৌশলগত স্বায়ত্তশাসন আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আগবঢ়াই নিয়াৰ বাবে তেওঁ ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগক প্ৰতিৰক্ষা উৎপাদনত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি, গৱেষণা আৰু উন্নয়ন শক্তিশালী কৰা, জৰুৰীকালীন উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু প্ৰযুক্তিগত উদ্ভাৱন ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিৰক্ষা সঁজুলিৰ বৃহৎ আমদানিকাৰী দেশৰ পৰা উন্নত সামৰিক সঁজুলিৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য ৰপ্তানিকাৰী দেশলৈ ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগৰ ৰূপান্তৰ এক উল্লেখযোগ্য সাফল্য। তেওঁ উল্লেখ কৰে যে ২০২৫–২৬ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি অভিলেখ ৩৮,৪২৪ কোটি টকাত উপনীত হৈছে, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৬০ শতাংশতকৈও অধিক বৃদ্ধি। তেওঁ ২০২৯ চনৰ ভিতৰত প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি ৫০,০০০ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য দোহাৰে।
ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ভাৰতৰ মুঠ প্ৰতিৰক্ষা উৎপাদনত ব্যক্তিগত খণ্ডৰ অংশ প্ৰায় ২৪ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে পূৰ্বে জনোৱা আহ্বানৰ কথা স্মৰণ কৰে। তেওঁ কয় যে যোৱা ১২ বছৰত প্ৰতিৰক্ষা উৎপাদনত ব্যক্তিগত খণ্ডৰ অৱদান যথেষ্ট বৃদ্ধি পাইছে আৰু এই উমৈহতীয়া ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হ’বলৈ উদ্যোগখণ্ডৰ নেতাসকলক ক্ৰমান্বয়ে উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। প্ৰয়োজনীয় নিয়ন্ত্ৰণ, সুৰক্ষা, গুণগত মান আৰু দায়বদ্ধতাৰ মান অক্ষুণ্ণ ৰাখি চৰকাৰে উদ্যোগখণ্ডৰ বিকাশত সহযোগিতা অব্যাহত ৰাখিব বুলি তেওঁ আশ্বাস দিয়ে।
যুদ্ধৰ পৰিৱৰ্তিত প্ৰকৃতিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক সংঘাতসমূহ ক্ৰমাৎ প্ৰযুক্তিগত সক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। ইয়াৰ ভিতৰত ড্ৰোন, ক্ষেপণাস্ত্ৰ, আকাশ প্ৰতিৰক্ষা ব্যৱস্থা আৰু দ্ৰুতগতিত বিকশিত হোৱা ছফ্টৱেৰ তথা যোগাযোগ প্ৰযুক্তি অন্তৰ্ভুক্ত। “প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাতাসকলে গৱেষণা আৰু উন্নয়নৰ ব্যয়ক এনে এক বিনিয়োগ হিচাপে গণ্য কৰিব লাগে, যিয়ে কাৰ্যকৰী প্ৰস্তুতি শক্তিশালী কৰে, প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধি কৰে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাত অৰিহণা যোগায়”, প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় এইদৰে।
‘অপাৰেচন সিন্দূৰ’ৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰয়োজন হ’লে দেশীয় উৎপাদন কেন্দ্ৰসমূহে যাতে দ্ৰুতগতিত উৎপাদন বৃদ্ধি কৰিব পাৰে, সেয়া নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উৎপাদন ক্ষমতা সম্প্ৰসাৰণ আৰু পৰিৱৰ্তিত কাৰ্যকৰী প্ৰয়োজনৰ প্ৰতি দ্ৰুত সঁহাৰি জনাবলৈ উদ্যোগখণ্ডক উদ্ভাৱনীমূলক সমাধান বিকাশ কৰিবলৈ তেওঁ আহ্বান জনায়।
২০১৭ চনত প্ৰতিষ্ঠা হোৱা ছ’চাইটি অব ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছ(SIDM)-এ বৃহৎ উদ্যোগ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME), নতুন উদ্যোগ, শিক্ষাজগত আৰু বিদেশী মূলৰ সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানসমূহক প্ৰতিনিধিত্ব কৰা এক ঐক্যবদ্ধ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে প্ৰৱৰ্তন কৰা নীতিগত সংস্কাৰসমূহৰ ভিতৰত প্ৰতিৰক্ষা ক্ৰয় পদ্ধতি, প্ৰতিৰক্ষা ক্ৰয় মেনুৱেল, ইতিবাচক দেশীয়কৰণৰ তালিকা, সৃজন পৰ্টেল আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে উদ্ভাৱন (iDEX) অন্তৰ্ভুক্ত। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে ভাৰতৰ ব্যক্তিগত প্ৰতিৰক্ষা উদ্যোগৰ সক্ষমতা বৃদ্ধি কৰা।
অনুষ্ঠানত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, অধিগ্ৰহণৰ সঞ্চালক প্ৰধান এ. অনবৰাসু, ছ’চাইটি অব ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছ(SIDM)-ৰ প্ৰতিষ্ঠাপক সভাপতি বাবা কল্যাণী, ছ’চাইটি অব ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছ(SIDM)-ৰ সভাপতি অৰুণ ৰামচন্দানি, জ্যেষ্ঠ চৰকাৰী বিষয়া, প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিনিধি আৰু ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা কোম্পানীসমূহৰ শীৰ্ষ বিষয়ববীয়াসকলো উপস্থিত থাকে।
***
SR/Ruchi/PB
(ৰিলিজ আই ডি : 2321618)
অতিথি কক্ষ : 2