ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ সবলীকৰণৰ লক্ষ্যৰে গুৱাহাটীত সক্ষমতা বিকাশ আয়োগৰ উদ্যোগত মিছন কৰ্মযোগীৰ আঞ্চলিক কৰ্মশালা অনুষ্ঠিত

ভৱিষ্যতৰ বাবে প্ৰস্তুত অসামৰিক সেৱা গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিষ্ঠানগত ৰূপান্তৰ, ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ৰাজ্যভিত্তিক কাৰ্যপৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ

অসমত আইজিঅ’টি কৰ্মযোগী ডিজিটেল শিক্ষণ মঞ্চত ৫,৪২,৪০৬ গৰাকী বিষয়াৰ নাম পঞ্জীয়ন

পোষ্ট কৰা হৈছে: 09 OCT 2026 5:16PM by PIB Guwahati

সক্ষমতা বিকাশ আয়োগে (CBC) আজি গুৱাহাটীত মিছন কৰ্মযোগীৰ অধীনত ‘সাধনা শৃংখলা’ৰ দ্বিতীয়খন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত কৰে। ‘ভৱিষ্যতৰ বাবে প্ৰস্তুত আৰু সংযুক্ত পৰিৱেশতন্ত্ৰৰ দিশত প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক শক্তিশালীকৰণ’ শীৰ্ষক এই কৰ্মশালাত অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই অংশগ্ৰহণ কৰে। উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ (DoNER) সচিব শ্ৰী কটিকিথালা শ্ৰীনিবাসনে কৰ্মশালাখন উদ্বোধন কৰে।

কৰ্মশালাত ভাষণ দি শ্ৰী শ্ৰীনিবাসনে মিছন কৰ্মযোগীৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে আৰু সক্ষমতা বিকাশক ভাৰতৰ শাসন ব্যৱস্থাৰ গাঁথনিৰ ক্ষেত্ৰত হোৱা অন্যতম গুৰুত্বপূৰ্ণ ৰূপান্তৰ হিচাপে অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে প্ৰশাসনিক দক্ষতা বৃদ্ধি, জনসাধাৰণক সেৱা প্ৰদানৰ ব্যৱস্থা উন্নত কৰা আৰু অধিক ফলপ্ৰসূ নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থা নিশ্চিত কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ সক্ষমতা শক্তিশালী কৰাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰতিষ্ঠানগত সক্ষমতা বিকাশ আৰু শাসন ব্যৱস্থাৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত ডিজিটেল সঁজুলি, কম্পিউটিং প্ৰযুক্তি আৰু আধুনিক পদ্ধতিসমূহৰ ভূমিকাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্ৰীনিবাসনে উত্তৰ-পূৰ্বাঞ্চলৰ সুকীয়া প্ৰশাসনিক, ৰাজনৈতিক আৰু শাসন-সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি ‘ইউনিফাইড নিউ-এজ নেশ্যনেল ট্ৰেইনিং ইনিছিয়েটিভ’ (UNNATI)ৰ জৰিয়তে অঞ্চলটোত সক্ষমতা বিকাশৰ পদক্ষেপসমূহ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। স্থানীয়কৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, “উন্নতিক ফলপ্ৰসূ, আকৰ্ষণীয় আৰু প্ৰভাৱশালী কৰি তুলিবলৈ আমি উত্তৰ-পূৰ্বাঞ্চলৰ সুকীয়া সংস্কৃতিৰ সৈতে সংগতি ৰাখি কাম কৰিব লাগিব, আৰু সেয়া কেৱল স্থানীয়কৰণৰ জৰিয়তেহে সম্ভৱ।” উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ সুকীয়া প্ৰয়োজনীয়তা, অগ্ৰাধিকাৰ আৰু আকাংক্ষাসমূহ পূৰণৰ বাবে উন্নতিৰ ক্ষেত্ৰত অষ্টলক্ষ্মীকেন্দ্ৰিক এক বিশেষ পদ্ধতি বিকশিত কৰাৰ বাবেও তেওঁ আহ্বান জনায়। কৰ্মশালাখনত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। প্ৰাতিষ্ঠানিক সক্ষমতা শক্তিশালী কৰা, সহযোগিতা বৃদ্ধি কৰা আৰু অসামৰিক সেৱাৰ প্ৰশিক্ষণত ডিজিটেল ৰূপান্তৰ আগবঢ়াই নিয়াৰ বিষয়সমূহ আলোচনা কৰিবলৈ অংশগ্ৰহণকাৰীসকল একত্ৰিত হয়। অসমত আইজিঅ’টি কৰ্মযোগী ডিজিটেল শিক্ষণ মঞ্চৰ জৰিয়তে মিছন কৰ্মযোগী ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে (AASC) ৰাজ্যখনৰ প্ৰশাসনীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে কাম কৰি আছে। ৰাজ্যখনত এই মঞ্চত ৫,৪২,৪০৬ গৰাকী চৰকাৰী বিষয়াৰ নাম পঞ্জীয়ন কৰা হৈছে। ৪,০২,৫০৮টা পাঠ্যক্ৰম সম্পূৰ্ণসহ ইয়াৰে ৪,১৪,৬৯৩ গৰাকী সক্ৰিয় ব্যৱহাৰকাৰী আছে৷ আঞ্চলিক ভাষাত শিক্ষণৰ সুবিধা প্ৰদানৰ বাবে অসমীয়া ভাষাত ৫৯টা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপসমূহে অসমৰ ৫৯টা চৰকাৰী বিভাগত নিৰন্তৰ পেছাগত বিকাশ, দক্ষতা বৃদ্ধি আৰু উন্নত জনসেৱা প্ৰদানত সহায় কৰিছে। এই পদক্ষেপ বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী আৰু মিছন কৰ্মযোগীৰ উদ্দেশ্যসমূহৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে। মিছন কৰ্মযোগীৰ লক্ষ্য হৈছে দক্ষতাভিত্তিক, নাগৰিককেন্দ্ৰিক আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত অসামৰিক সেৱা গঢ়ি তোলাৰ জৰিয়তে চৰকাৰী ক্ষেত্ৰত সক্ষমতা বিকাশৰ পদ্ধতিসমূহৰ ৰূপান্তৰ সাধন কৰা। কৰ্মশালাখনে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে অঞ্চলটোত অধিক সংযুক্ত আৰু ফলপ্ৰসূ সক্ষমতা বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ উপায়সমূহৰ অন্বেষণ কৰাৰ এখন মঞ্চ প্ৰদান কৰে।

এই আলোচনাৰ এটা মূল বিষয় আছিল প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰূপান্তৰ কাঠামো। এই কাঠামো তিনিটা স্তম্ভৰ ওপৰত গঠিত—গাঁথনিগত আৰু শাসন ব্যৱস্থাৰ ৰূপান্তৰ, পৰিচালনাগত উৎকৰ্ষ সাধন আৰু পৰিৱেশতন্ত্ৰৰ সহযোগিতা আৰু ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ব্যৱহাৰ। —এই স্তম্ভকেইটাৰ লক্ষ্য হৈছে প্ৰতিষ্ঠানগত শাসন ব্যৱস্থা উন্নত কৰা, পৰিচালনাগত কাৰ্যদক্ষতা বৃদ্ধি কৰা, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা উৎসাহিত কৰা আৰু সক্ষমতা বিকাশৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।

কৰ্মশালাত প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় শক্তিশালী কৰা, সম্পদৰ ভাগ-বাটোৱাৰা উন্নত কৰা, প্ৰশিক্ষণৰ পৰিকল্পনা উন্নত কৰা আৰু ডিজিটেল প্ৰস্তুতিৰ ক্ষেত্ৰত থকা ঘাটিসমূহ দূৰ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। আলোচনাসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি ৰূপান্তৰ কাঠামো প্ৰয়োগ কৰা আৰু ৰাজ্যভিত্তিক কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰাৰ বিষয়সমূহত গুৰুত্ব দিয়া হয়।

মিছন কৰ্মযোগীৰ অধীনত ডিজিটেল মঞ্চ আৰু দক্ষতাভিত্তিক শিক্ষণৰ পদক্ষেপসমূহৰ ভূমিকাও আলোচনাৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সংযোগ স্থাপন আৰু সক্ষমতা বিকাশৰ পৰিৱেশতন্ত্ৰত অধিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত উন্নত ডিজিটেল মঞ্চৰ প্ৰাসংগিকতাৰ ওপৰত কৰ্মশালাত আলোকপাত কৰা হয়। এই মঞ্চৰ জৰিয়তে ৭০০ৰো অধিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক সংযুক্ত কৰাৰ লক্ষ্য ৰখা হৈছে। ইয়াৰ ফলত জ্ঞানৰ আদান-প্ৰদান, সম্পদৰ ভাগ-বতৰা আৰু সমন্বিত প্ৰাতিষ্ঠানিক বিকাশত সহায়ক হ’ব।

আলোচনাত আইজিঅ’টি কৰ্মযোগী, কৰ্মযোগী দক্ষতা কাঠামো (KQF) আৰু কৰ্মযোগী জ্ঞান পৰ্টেল (KKK)ৰ দৰে পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰা হয়। দক্ষতাভিত্তিক প্ৰশিক্ষণ শক্তিশালী কৰা, শিক্ষণ-সম্পদৰ সুবিধা লাভৰ সুযোগ উন্নত কৰা আৰু চৰকাৰী কৰ্মচাৰীসকলৰ পেছাগত বিকাশত সহায় কৰাৰ ক্ষেত্ৰত এই পদক্ষেপসমূহত গুৰুত্ব দিয়া হৈছে।

এই আঞ্চলিক কৰ্মশালাৰ জৰিয়তে সক্ষমতা বিকাশ আয়োগে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক সহযোগিতামূলক, প্ৰযুক্তি-সক্ষম আৰু ফলাফলমুখী পদ্ধতিৰে সক্ষমতা বিকাশৰ দিশত আগবাঢ়িবলৈ উৎসাহিত কৰিব বিচাৰিছে। আলোচনাসমূহৰ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সুকীয়া প্ৰশাসনিক বৈশিষ্ট্য আৰু সক্ষমতা বিকাশৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠানগত ৰূপান্তৰৰ বাবে বাস্তৱসন্মত ৰাজ্যভিত্তিক কৰ্মপথ প্ৰস্তুত কৰাত সহায় কৰা।

গুৱাহাটীত অনুষ্ঠিত এই কৰ্মশালাৰ পূৰ্বে ২০২৬ চনৰ ২৯ আৰু ৩০ ছেপ্টেম্বৰত বিজয়ৱাড়াত প্ৰথমখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হৈছিল। ‘সাধনা শৃংখলা’ হৈছে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা আৰু চৰকাৰী ব্যৱস্থাত প্ৰাতিষ্ঠানিক উৎকৰ্ষ, সহযোগিতা তথা নিৰন্তৰ শিক্ষণৰ প্ৰসাৰৰ জৰিয়তে মিছন কৰ্মযোগীৰ উদ্দেশ্যসমূহ আগবঢ়াই নিয়াৰ বৃহত্তৰ প্ৰচেষ্টাৰ অংশ।

কৰ্মশালাখনত সক্ষমতা নিৰ্মাণ আয়োগৰ অধ্যক্ষ শ্ৰীমতী এছ ৰাধা চৌহান, সক্ষমতা বিকাশ আয়োগৰ সদস্য (প্ৰশাসন) ড০ অলকা মিট্টালৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ চৰকাৰী বিভাগ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

****

PG/SS/RR/PB


(ৰিলিজ আই ডি : 2321602) অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক: English , Nepali