ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত কপাহ দিৱস উদযাপন ভাৰত আৰু মালিৰ

পোষ্ট কৰা হৈছে: 09 OCT 2026 8:10AM by PIB Guwahati

ৰাষ্ট্ৰসংঘৰ ভাৰত আৰু মালিৰ স্থায়ী মিছনে যুটীয়াভাৱে ‘ভৱিষ্যতৰ বাবে কপাহঃ জীৱিকা, মূল্যমান আৰু সহযোগিতা’ শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত কৰি ৭ অক্টোবৰ ২০২৬ত ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত মুখ্য কাৰ্যালয়ত বিশ্ব কপাহ দিৱস উদযাপন কৰে। উল্লেখ্য ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াৰ ৭৫/৩১৮ প্ৰস্তাৱযোগে প্ৰতিবছৰৰ ৭ অক্টোবৰক কপাহ দিৱস হিচাপে ঘোষণা কৰিছে। এই দিৱসৰ উদযাপন ঘাইকৈ উন্নয়নশীল আৰু কম উন্নত দেশবোৰত  দৰিদ্ৰতা প্ৰশমন, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু অৰ্থনৈতিক উন্নয়নত কপাহৰ ভূমিকাৰ গুৰুত্বক নতুনকৈ তুলি ধৰে। এই অনুষ্ঠানত ভাৰতৰ কেইবাজনো সাংসদ, ৰাজ্যসমূহ তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি লগ হৈ জীৱিকা, মূল্যমান আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত কপাহৰ ভূমিকাৰ আলোচনা কৰে।

অনুষ্ঠানত আদৰণি ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি, ৰাষ্ট্ৰদূত হৰীশ পৰ্বথানেনিয়ে কপাহৰ সৈতে মহাত্মা গান্ধী আৰু তেওঁৰ যঁতৰৰ সৈতে ভাৰতৰ আত্মনিৰ্ধাৰণ, মৰ্যাদা আৰু  স্বাধীনতা আন্দোলনৰ সম্পৰ্কৰ বিষয়ে বহলাই কয়। তেওঁ চাৰিটা বিষয়ত গুৰুত্ব দিয়ে- উৎপাদকৰ জীৱিকালৈ সমৰ্থন, মূল্যমানৰ সম্প্ৰসাৰণ আৰু বজাৰৰ সৈতে সম্পৰ্ক, বহনক্ষমতাৰ প্ৰসাৰ আৰু প্ৰযুক্তি আৰু অংশীদাৰিত্বৰ শক্তিশালীকৰণ। তেওঁ লগতে কপাহ উৎপাদক দেশবোৰক বেছি মূল্য আৰু উন্নত বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত সুগম সাহায্য আৰু মূলধন, ক্ষুদ্ৰ প্ৰতিষ্ঠানলৈ সমৰ্থন তথা দক্ষিণ-দক্ষিণ আৰু ত্ৰিমাত্ৰিক সহযোগিতাত গুৰুত্ব দিয়ে।      

ৰাষ্ট্ৰসংঘত মালিৰ স্থায়ী প্ৰতিনিধি, ৰাষ্ট্ৰদূত ইছা কনফুৰ’ৰুয়ে মালিৰ অৰ্থনীতি আৰু গ্ৰাম্য জীৱিকাত কপাহৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰে। তেওঁ লগতে সংসাধন দক্ষতা, উৎপাদন ব্যয়, বজাৰ সংযোগ আৰু বাণিজ্য ব্যাহতকৰণত সমৰ্থন দিয়াৰ বাটত থকা বাধাসমূহৰ বিষয়ে বহলাই কয়। মালিৰ ঘৰুৱা সংসাধন আৰু জীৱিকা সৃষ্টিৰ প্ৰচেষ্টাৰ বিষয়ে কৈ ৰাষ্ট্ৰদৃতগৰাকীয়ে দক্ষিণ-দক্ষিণ সহযোগিতা আৰু এইক্ষেত্ৰত ভাৰতৰ ভূমিকা মুখ্য বুলি উল্লেখ কৰি পাৰস্পৰিক লাভজনক অংশীদাৰিত্বক আদৰণি জনায়। 

সাংসদ অসিত কুমাৰ মালে দক্ষতাৰ উৎস আৰু পুনৰ ব্যৱহাৰৰ প্ৰোৎসাহন আৰু মহিলাৰ জীৱিকা সমৰ্থনত কপাহৰ মূল্যমানৰ সংযোগ সাধনৰ লগতে পৰম্পৰাগত শিল্পৰ গুৰুত্বত আলোকপাত কৰি পশ্চিমবংগৰ বোলপুৰৰ ‘কাঁথা এমব্ৰয়দাৰী’ৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ শিল্পীসকলৰ বাবে স্বচ্ছ পাৰিশ্ৰমিক, সহজ ঋণ, আৰ্হি উদভাৱন আৰু বজাৰ সংযোগকৰণত গুৰুত্ব দিয়ে।  

সাংসদ এল কে সুধীশে কপাহৰ চিলাই কৰা পোচাক উৎপাদনৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰি লগতে ক্ষুদ্ৰ প্ৰতিষ্ঠান, পাৰস্পৰিক আন্তঃগাঁথনি আৰু দক্ষ শ্ৰমিকৰ প্ৰয়োজনত আলোকপাত কৰে। এই প্ৰসংগত তেওঁ ‘পিএম মিত্ৰ’ আঁচনিৰ অধীনত স্থাপন কৰা সংহত টেক্সটাইল পাৰ্কৰ লগতে বৰ্জিত পানীৰ পুনৰুদ্ধাৰ আৰু টেক্সটাইল সংসাধনৰ পুনৰ ব্যৱহাৰৰ কথাও কয়।    

ভাৰত চৰকাৰৰ বস্ত্ৰ দপ্তৰৰ যুটীয়া সচিব শ্ৰীমতি পদ্মিনী ছিংলাই কপাহৰ বৃহৎ উৎপাদক আৰু গ্ৰাহক হিচাপে ভাৰতৰ ভূমিকাৰ লগতে ক্ষুদ্ৰ আৰু প্ৰান্তীয় খেতিয়কৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ উন্নত উৎপাদন, মান আৰু সংগ্ৰহযোগ্যতাত গুৰুত্ব দি ‘কটন প্ৰডাক্টিভিটী মিচন’ আৰু ‘কস্তুৰী কটন ভাৰত ইনিচিয়েটিভ’ৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ লগতে কপাহৰ মূল্য শৃংখলৰ স্থায়িত্বৰ বাবে বস্ত্ৰ আন্তঃগাঁথনিত বিনিয়োগ, ক্ষুদ্ৰ প্ৰতিষ্ঠান তথা শিল্পীলৈ সমৰ্থন আৰু মুকলি, সুগম বাণিজ্য আৰু বজাৰ সংযোগকৰণত গুৰুত্ব দিয়ে।    

অনুষ্ঠানত ক’টে ডিআইভয়ৰ, উজবেকিস্তান, চাদ, নেদাৰলেণ্ড, বুৰ্কিনা ফাছো আৰু ইজিপ্তৰ স্থায়ী প্ৰতিনিধি, কেমেৰুণ আৰু পেৰুৰ উপ স্থায়ী প্ৰতিনিধি, খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক তথা ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্ক কাৰ্যায়লৰ লিয়াজন অফিচাৰ শ্ৰীমতি এঞ্জেলিকা জেক’ম, আন্তঃৰাষ্ট্ৰীয় কটন এডভাইজৰি কমিটিৰ মুখ্য বিজ্ঞানী ড০ কেশৱ আৰ ক্ৰান্তি আদিয়ে দুআষাৰকৈ কয়। এই আলোচনাই কপাহৰ মূল্য শৃংখলৰ সংহতকৰণ, শিল্পী আৰু ক্ষুদ্ৰ অংশীদাৰলৈ সমৰ্থন, সংসাধনৰ সক্ষমতাৰ উন্নয়ন আৰু  বজাৰ সংযোগকৰণ, এই ক্ষেত্ৰখনত প্ৰযুক্তি আৰু উন্নত বিজ্ঞানৰ ব্যৱহাৰত উৎসাহ তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিত আলোকপাত কৰে।    

অংশগ্ৰহণকাৰীসকলে ভাৰতৰ সমৃদ্ধ চাৰুকলা পৰম্পৰাৰ নিদৰ্শনস্বৰূপ পেন কলমকাৰীৰ স্বাক্ষুষ অভিজ্ঞতাও অৰ্জন কৰে।

***

MAM/VN/PK


(ৰিলিজ আই ডি : 2321421) অতিথি কক্ষ : 5