স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই শুভাৰম্ভ কৰিলে ‘যোশ’ দল
যুৱ নেতৃত্বাধীন সামূহিক প্ৰচেষ্টাৰে ভাৰতৰ যক্ষ্মা নিৰ্মূল অভিযানক নতুন গতি দিয়াৰ লক্ষ্য
পোষ্ট কৰা হৈছে:
08 OCT 2026 1:54PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এটা অনুষ্ঠানত ‘যক্ষ্মামুক্ত ভাৰত অভিযান’ৰ অধীনত ‘যোশ’ (যুটীয়া স্বাস্থ্য দল) ৰ শুভাৰম্ভ কৰে।
যুৱ সমাজৰ শক্তি, ব্যাপক যোগাযোগ আৰু দায়বদ্ধতাক ব্যৱহাৰ কৰি যক্ষ্মা প্ৰতিৰোধ, আগতীয়া চিনাক্তকৰণ, সময়মতে চিকিৎসা গ্ৰহণ আৰু যক্ষ্মাৰ সৈতে জড়িত সামাজিক অপবাদ নিৰ্মূল কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই ‘যোশ’ দলৰ শুভাৰম্ভক দেশত যক্ষ্মাৰ বিৰুদ্ধে চলি থকা সামূহিক যুঁজৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰে।
তেওঁ কয় যে যক্ষ্মামুক্ত ভাৰতৰ লক্ষ্য এতিয়া কেৱল পৰম্পৰাগত চৰকাৰী স্বাস্থ্য কাৰ্যসূচীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই; ই এক জন আন্দোলনলৈ ৰূপান্তৰিত হৈছে, য’ত জনসাধাৰণৰ অংশগ্ৰহণ আৰু সমাজৰ সক্ৰিয় সহযোগিতা এই অভিযানৰ মূল শক্তি হৈ পৰিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল চৰকাৰী পদক্ষেপৰ জৰিয়তে যক্ষ্মা নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱা সম্ভৱ নহয়। ইয়াৰ বাবে সমাজ, নাগৰিক, নিৰ্বাচিত জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী আৰু বিশেষকৈ দেশৰ যুৱ সমাজৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজনীয়।
যুৱ নেতৃত্বাধীন পদক্ষেপৰ গুৰুত্বৰ কথা উল্লেখ কৰি নাড্ডাই কয় যে যুৱ সমাজৰ শক্তি, দায়বদ্ধতা আৰু ব্যাপক জনসম্পৰ্কই যক্ষ্মা নিৰ্মূল অভিযানক নতুন গতি প্ৰদান কৰিব পাৰে।
তেওঁ কয় যে স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে নিৰ্বাচিত জনপ্ৰতিনিধি আৰু সমাজৰ নেতৃত্বক অভিযানটোৰ সৈতে সংযুক্ত কৰিছে। কিন্তু যক্ষ্মাৰ সমস্যাৰ ব্যাপকতা আৰু জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ সৈতে পোনপটীয়াকৈ কাম কৰিব পৰা বৃহৎ সংখ্যক দায়বদ্ধ স্বেচ্ছাসেৱকৰ নেটৱৰ্কৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত যুৱ কাৰ্যসূচী আৰু ক্ৰীড়া মন্ত্ৰালয় তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সহযোগিতাক তেওঁ প্ৰশংসা কৰে।
নাড্ডাই কয় যে ‘যোশ’ দলৰ উদ্দেশ্য কেৱল তথ্য প্ৰচাৰ কৰা নহয়। ইয়াৰ জৰিয়তে সমাজত অৰ্থপূৰ্ণ আলাপ-আলোচনাৰ ব্যৱস্থা কৰাৰ উপৰি মানুহৰ আস্থা বৃদ্ধি, ভয়-আশংকা দূৰ কৰা আৰু সময়মতে পৰীক্ষা তথা চিকিৎসাৰ বাবে আগবাঢ়ি অহাৰ পৰিৱেশ সৃষ্টি কৰা হ’ব।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ যক্ষ্মা নিৰ্মূল কৌশল কেৱল সজাগতা আৰু পৰীক্ষাৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। ৰোগ চিনাক্তকৰণৰ পৰা চিকিৎসা সম্পূৰ্ণ হোৱালৈকে প্ৰতিটো পৰ্যায় নিশ্চিত কৰিব লাগিব।
তেওঁ যক্ষ্মাৰ ৰোগী চিনাক্তকৰণ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কাৰণ বহু লোক যক্ষ্মাত আক্ৰান্ত হৈ থাকিলেও নিজৰ ৰোগৰ বিষয়ে অৱগত নহ’বও পাৰে আৰু চৰকাৰী স্বাস্থ্য ব্যৱস্থাৰ পৰিসৰৰ বাহিৰত থাকিব পাৰে। এনে লোকক সোনকালে চিনাক্ত কৰি চিকিৎসাৰ সৈতে সংযুক্ত কৰাটো ৰোগৰ সংক্ৰমণ ৰোধৰ বাবেও অতি গুৰুত্বপূৰ্ণ।
ভাৰতত যক্ষ্মাৰ বিৰুদ্ধে চলি থকা অভিযানৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি নাড্ডাই বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে ভাৰতত যক্ষ্মাৰ ঘটনা ২১ শতাংশ হ্ৰাস পাইছে, আনহাতে বিশ্বব্যাপী হ্ৰাসৰ হাৰ ১২ শতাংশ।
ভাৰতত যক্ষ্মাৰ চিকিৎসা লাভৰ পৰিসৰ বৃদ্ধি পাই ৯২ শতাংশ হৈছে। বিশ্বব্যাপী এই হাৰ ৭৮ শতাংশ। তেওঁ কয় যে যক্ষ্মাৰ ঘটনা হ্ৰাস আৰু চিকিৎসা লাভৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি বিশ্বৰ ভিতৰতে আগবঢ়া।
অৱশ্যে এই সাফল্যত আত্মসন্তুষ্টিৰ কোনো অৱকাশ নাই বুলিও তেওঁ সতৰ্ক কৰি দিয়ে। যক্ষ্মাত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিক সময়মতে চিনাক্ত কৰা, চিকিৎসাৰ সৈতে সংযুক্ত কৰা আৰু চিকিৎসা সম্পূৰ্ণ নোহোৱালৈকে প্ৰয়োজনীয় সহায় আগবঢ়োৱাটো নিশ্চিত কৰিব লাগিব বুলি তেওঁ কয়।
যক্ষ্মা চিনাক্তকৰণ আৰু সজাগতা বৃদ্ধিত প্ৰযুক্তি আৰু নতুন উদ্ভাৱনৰ ভূমিকাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
যক্ষ্মাৰ লক্ষণ থকা লোকক চিনাক্ত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক ব্যৱস্থাৰে সজ্জিত বহনযোগ্য এক্স-ৰে যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ জৰিয়তে অধিক পৰীক্ষাৰ প্ৰয়োজন থকা লোকক চিনাক্ত কৰাত সহায় হয়।
তদুপৰি যক্ষ্মা সোনকালে নিশ্চিত কৰা আৰু ঔষধ প্ৰতিৰোধী যক্ষ্মা চিনাক্ত কৰাৰ বাবে দ্ৰুত আণৱিক ৰোগ নিৰ্ণয় প্ৰযুক্তিও ব্যৱহাৰ কৰা হৈছে।
নাড্ডাই ‘যোশ’ দলৰ স্বেচ্ছাসেৱকসকলক মানুহৰ কথা শুনিবলৈ, তেওঁলোকৰ আশংকা দূৰ কৰিবলৈ আৰু যক্ষ্মাৰ সৈতে জড়িত ভয় তথা সামাজিক কলংক হ্ৰাস কৰাত সহায় কৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে যক্ষ্মা প্ৰতিৰোধ আৰু চিকিৎসা দুয়োটাই সম্ভৱ। এই ৰোগত আক্ৰান্ত কোনো ব্যক্তিয়ে বৈষম্য বা সামাজিক বিচ্ছিন্নতাৰ সন্মুখীন হ’ব নালাগে।
কেন্দ্ৰীয় যুৱ কাৰ্যসূচী আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই কয় যে “সুস্থ নাগৰিক, সুস্থ সমাজ, সুস্থ দেশ”ৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ নাগৰিকসকলে সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব।
বিশ্ব স্বাস্থ্য সংস্থাই ২০৩০ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মাণ্ডৱিয়াই কয় যে ভাৰতে এই লক্ষ্যৰ দিশত অগ্ৰণী ভূমিকা পালন কৰি আছে আৰু নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বেই লক্ষ্যত উপনীত হোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ।
তেওঁ কয় যে বিশ্বৰ অন্যতম যুৱপ্ৰধান দেশ হিচাপে ভাৰতৰ যুৱ সমাজৰ বিপুল শক্তি আছে। সঠিক দিশ-নিৰ্দেশনা, পৰামৰ্শ আৰু সুযোগ প্ৰদানৰ জৰিয়তে এই শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিব পাৰি।
মাণ্ডৱিয়াই কয় যে ‘মাই ভাৰত’ৰ জৰিয়তে যুৱ সমাজক ৰাষ্ট্ৰ নিৰ্মাণমূলক কামত অংশগ্ৰহণ, পথ-নিৰ্দেশনা আৰু শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। লাখ লাখ ৰাষ্ট্ৰীয় কেডেট বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকক দেশ সেৱা আৰু সামাজিক কামৰ বাবে প্ৰস্তুত কৰা হৈছে।
২০২৬ চনত দেশৰ ৬৯৭খন জিলাৰ ৬৭,৯৩৩খন পঞ্চায়তক যক্ষ্মামুক্ত হিচাপে স্বীকৃতি দিয়া হৈছে। এই সাফল্যক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে সমাজৰ অংশগ্ৰহণ আৰু স্থানীয় নেতৃত্বৰ শক্তিৰ প্ৰতীক হিচাপে অভিহিত কৰে।
তেওঁ যক্ষ্মা নিৰ্মূলৰ ৰাষ্ট্ৰীয় লক্ষ্যক তৃণমূল পৰ্যায়ত ৰূপায়ণ কৰাৰ বাবে নিৰ্বাচিত জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী, স্বেচ্ছাসেৱক আৰু সমাজৰ সদস্যসকলক প্ৰশংসা কৰে।
‘যোশ’ দলৰ কাৰ্যসূচী প্ৰথম পৰ্যায়ত ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৫খন জিলাত আৰম্ভ কৰা হৈছে। পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে ইয়াৰ সম্প্ৰসাৰণ কৰা হ’ব।
প্ৰতিটো ‘যোশ’ দলত পাঁচজন ‘মাই ভাৰত’ স্বেচ্ছাসেৱক আৰু পাঁচজন ৰাষ্ট্ৰীয় কেডেট বাহিনীৰ কেডেট থাকিব। খণ্ড বা ৱাৰ্ড পৰ্যায়ত মনোনীত প্ৰথম শ্ৰেণীৰ বিষয়াই দলটোৰ নেতৃত্ব দিব।
দলসমূহে যক্ষ্মা সম্পৰ্কে জনসজাগতা বৃদ্ধি, আগতীয়া ৰোগ নিৰ্ণয় আৰু চিকিৎসা গ্ৰহণৰ বাবে মানুহক উৎসাহিত কৰা, ভুল ধাৰণা দূৰ কৰা আৰু সমাজৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে নিয়মীয়াকৈ জনসংযোগ আৰু তৃণমূল পৰ্যায়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব।
ঘৰে ঘৰে আৰু সমাজৰ সৈতে পোনপটীয়া যোগাযোগৰ জৰিয়তে যক্ষ্মাৰ সাধাৰণ লক্ষণ, প্ৰতিৰোধমূলক ব্যৱস্থা, আগতীয়াকৈ ৰোগ নিৰ্ণয়ৰ লাভালাভ আৰু নিৰ্ধাৰিত চিকিৎসা সম্পূৰ্ণ কৰাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা হ’ব।
অনুষ্ঠানত যক্ষ্মা সম্পৰ্কে সজাগতা আৰু সমাজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে কেইবাটাও নতুন তথ্য, শিক্ষা আৰু যোগাযোগমূলক সামগ্ৰী মুকলি কৰা হয়।
‘যোশ’ দলৰ বাবে তথ্যপুথি আৰু পুস্তিকাও উন্মোচন কৰা হয়।
ইয়াৰ উপৰি ‘খুশী অৱতাৰ’ নামৰ এক ইলেকট্ৰনিক সংগী সেৱা আৰম্ভ কৰা হৈছে। এই সেৱাৰ জৰিয়তে যক্ষ্মাৰ লক্ষণ, চিকিৎসাৰ বিকল্প, সাধাৰণ প্ৰশ্ন আৰু সন্দেহৰ উত্তৰ লাভ কৰাৰ লগতে সময়মতে ঔষধ গ্ৰহণৰ কথা সোঁৱৰাই দিয়া হ’ব। এই সেৱা ১২টা ভাৰতীয় ভাষাত লাভ কৰিব পৰা হ’ব।
‘যক্ষ্মামুক্ত ভাৰত’ ম’বাইল এপত ‘যোশ’ দলৰ বাবে এটা বিশেষ সুবিধাও সংযোজন কৰা হৈছে। ইয়াৰ জৰিয়তে যুৱ নেতৃত্বাধীন দলসমূহৰ কাম-কাজ অধিক সুসংগঠিত আৰু সহজে অনুসৰণ কৰিব পৰা যাব।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানত দেশৰ ৮০৪খন জিলাই ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ২০২৬ চনত যক্ষ্মামুক্ত হিচাপে স্বীকৃতি লাভ কৰা ৬৯৭খন জিলাৰ ৬৭,৯৩৩খন পঞ্চায়তকো সন্মান জনোৱা হয়।
‘যোশ’ অভিযানৰ মূল লক্ষ্য
‘যোশ’ অভিযান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যুৱ কাৰ্যসূচী আৰু ক্ৰীড়া মন্ত্ৰালয় তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সহযোগত ৰূপায়ণ কৰিছে। দিল্লী চৰকাৰেও এই অভিযানত অংশগ্ৰহণ কৰিছে।
এই অভিযানৰ মূল লক্ষ্য হৈছে চৰকাৰী ব্যৱস্থা, যুৱ স্বেচ্ছাসেৱকৰ বিস্তৃত যোগাযোগ আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণক একত্ৰিত কৰি তৃণমূল পৰ্যায়ত যক্ষ্মাৰ বিৰুদ্ধে অভিযান অধিক শক্তিশালী কৰা।
দলসমূহে যক্ষ্মাৰ লক্ষণ চিনাক্তকৰণ, প্ৰতিৰোধমূলক ব্যৱস্থা, আগতীয়া ৰোগ নিৰ্ণয়, সময়মতে চিকিৎসা আৰু চিকিৎসা সম্পূৰ্ণ কৰাৰ গুৰুত্ব সম্পৰ্কে মানুহক সজাগ কৰিব।
ইয়াৰ লগতে যক্ষ্মাৰ সৈতে জড়িত সামাজিক কলংক আৰু বৈষম্য দূৰ কৰা আৰু ৰোগত আক্ৰান্ত লোকসকলক চিকিৎসা গ্ৰহণ তথা চিকিৎসা ব্যৱস্থাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ উৎসাহিত কৰাও ‘যোশ’ দলৰ অন্যতম দায়িত্ব।
অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় শেঠ, দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী পংকজ সিং, লোকসভাৰ সাংসদ মনোজ তিৱাৰী, হৰ্ষ মালহোত্ৰা, যোগেন্দ্ৰ চান্দোলিয়া আৰু ৰামবীৰ সিং বিধুৰী, ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱাল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব পুন্য সলিলা শ্ৰীবাস্তৱকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই পদক্ষেপৰ জৰিয়তে যক্ষ্মাৰ বিৰুদ্ধে যুৱ সমাজক আগশাৰীৰ ভূমিকা প্ৰদান কৰি ২০৩০ চনৰ পূৰ্বে যক্ষ্মামুক্ত ভাৰত গঢ়াৰ লক্ষ্যত জনসাধাৰণৰ অংশগ্ৰহণ অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে।

***
SR/PB
HFW/ Union Health Minister launches JOSH Teams /08 October 2026/1
(ৰিলিজ আই ডি : 2321102)
অতিথি কক্ষ : 4