জল শক্তি মন্ত্ৰালয়
আইআইএম বেংগালুৰুত জল জীৱন মিছন ২.০-ৰ অধীনত ডিডিডব্লিউএছ-ৰ উদ্যোগত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আঞ্চলিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত
ডিডিডব্লিউএছৰ সচিবৰ দ্বাৰা ৰাজ্যসমূহক জেজেএম ২.০-ৰ অধীনত পানীৰ উৎসৰ বহনক্ষমতা, পানীৰ গুণগত মান নিৰীক্ষণ আৰু সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ আহ্বান
পোষ্ট কৰা হৈছে:
07 OCT 2026 7:00PM by PIB Guwahati
জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগে (ডিডিডব্লিউএছ) আজি বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্টত (আইআইএম বেংগালুৰু) জল জীৱন মিছন (জেজেএম) ২.০-ৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ এক আঞ্চলিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে। এই বৈঠকত পৌৰোহিত্য কৰে ডিডিডব্লিউএছ-ৰ সচিব অশোক কে কে মীনাই, য’ত ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ (এনজেজেএম) অতিৰিক্ত সচিব তথা মিছন সঞ্চালক কমল কিশোৰ সোণ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বৈঠকত জেজেএম ২.০-ৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয় আৰু উৎসৰ বহনক্ষমতা, পানীৰ গুণগত মান নিৰীক্ষণ, ডিজিটেল প্ৰশাসন, সম্প্ৰদায়ৰ অংশগ্ৰহণ তথা গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ দীৰ্ঘম্যাদী বহনক্ষমতা সম্পৰ্কীয় প্ৰধান সংস্কাৰমূলক পদক্ষেপসমূহৰ ওপৰত আলোচনা কৰা হয়।

উদ্বোধনী ভাষণত সচিব অশোক কে কে মীনাই উল্লেখ কৰে যে জল জীৱন মিছন ২.০-ই কেৱল আন্তঃগাঁথনি নিৰ্মাণৰ পৰিৱৰ্তে বহনক্ষম আৰু দায়িত্বশীল সেৱা প্ৰদানৰ দিশলৈ এক বিশেষ পৰিৱৰ্তনক সূচায়। তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক অনুমোদিত আঁচনিসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ আৰু উপলব্ধ সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়, যাতে বিনিয়োগসমূহ গ্ৰাম্য পৰিয়ালসমূহলৈ নিৰ্ভৰযোগ্য খোৱাপানী যোগান ধৰা সম্পূৰ্ণ কাৰ্যক্ষম আঁচনিৰ দিশত পৰিচালিত হয়। ফলাফলভিত্তিক ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ব্যয় কৰা ধনেৰে উৎসৰ পৰা পৰিয়াললৈকে সম্পূৰ্ণ সংযোগ, শক্তিশালী ডিজিটেল তথ্য আৰু কাৰ্যকৰী নিৰীক্ষণ ব্যৱস্থাৰে সমৃদ্ধ কাৰ্যক্ষম আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব।
সচিব শ্ৰী মীনাই উল্লেখ কৰে যে সমগ্ৰ দেশতে জল জীৱন মিছনে গ্ৰাম্য খোৱাপানীৰ উপলব্ধতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ২০১৯ চনৰ আগষ্টত এই অভিযান আৰম্ভ হোৱাৰ সময়ত দেশত কেৱল ৩.২৭ কোটি পৰিয়ালতহে নলৰ পানীৰ সংযোগ আছিল, যি সংখ্যা বৰ্তমান ১৫.৯৬ কোটিতকৈ অধিক গ্ৰাম্য পৰিয়াললৈ বৃদ্ধি পাইছে। তেওঁ কয় যে জেজেএম ২.০-ৰ মূল লক্ষ্য হৈছে পানীৰ উৎসৰ বহনক্ষমতা, বিত্তীয় তথা কাৰ্যকৰী দক্ষতা, পানীৰ গুণগত মান নিশ্চিতকৰণ আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদানৰ জৰিয়তে এই সফলতাক স্থায়ী ৰূপ দিয়া।

শ্ৰী মীনাই বিশেষকৈ গুণগত মানৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত একক-গাঁও আৰু বহু-গাঁও পানী যোগান আঁচনিসমূহৰ কাম ক্ষিপ্ৰ কৰিবলৈ আৰু উপলব্ধ পুঁজিৰ সময়োপযোগী ব্যৱহাৰ নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনায়। জল প্ৰশাসন সম্পৰ্কীয় শেহতীয়া বিভাগীয় আলোচনাসমূহৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি তেওঁ জেজেএম ২.০-ৰ অধীনত সেৱা প্ৰদান ব্যৱস্থাক অধিক সুদৃঢ় কৰাৰ স্বাৰ্থত সন্মত সংস্কাৰসমূহ নিৰীক্ষণ আৰু কাৰ্যকৰী কৰাৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তুলিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্দেশ দিয়ে।
‘জল সেৱা অধ্যয়ন’ৰ পৰা পোহৰলৈ অহা তথ্যসমূহ দাঙি ধৰি তেওঁ উল্লেখ কৰে যে পাইপলাইন ফুটোৱা আৰু ভগাৰ ঘটনাই পানী যোগান ব্যাহত হোৱাৰ মূল কাৰণ হৈ আহিছে, যাৰ পিছতে আছে বিদ্যুৎ কৰ্তন আৰু কম ভল্টেজজনিত সমস্যা। গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবলৈ আৰু গ্ৰাম্য পৰিয়ালসমূহলৈ নিৰৱচ্ছিন্ন খোৱাপানী সেৱা নিশ্চিত কৰিবলৈ ৰাজ্যসমূহে তাৎক্ষণিক তথা দীৰ্ঘম্যাদী সমাধান গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
সচিবগৰাকীয়ে গ্ৰাম্য খোৱাপানী আন্তঃগাঁথনিৰ বাবে নৱীকৰণযোগ্য শক্তিৰ সম্ভাৱনীয়তা অন্বেষণৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। তেওঁ সদৰী কৰে যে সমগ্ৰ দেশতে থকা খোৱাপানী প্ৰকল্পসমূহ সৌৰকৰণৰ ব্যৱস্থা পৰীক্ষা কৰিবলৈ নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় চমুকৈ এমএনআৰই-ৰ সৈতে আলোচনা চলি আছে। তেওঁ উল্লেখ কৰে যে সৌৰশক্তি ব্যৱহাৰৰ অভিনৱ পদক্ষেপে পৰিচালনা ব্যয় হ্ৰাস কৰিব, সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব আৰু গ্ৰাম্য খোৱাপানী ব্যৱস্থাৰ দীৰ্ঘম্যাদী বহনক্ষমতা শক্তিশালী কৰিব।
অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি এনজেজেএম-ৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালক কমল কিশোৰ সোণে গ্ৰাম্য পানী যোগান আঁচনিসমূহত প্ৰভাৱ পেলোৱা পৰিচালনামূলক সমস্যাসমূহ সমাধানৰ গুৰুত্বৰ কথা ব্যক্ত কৰে। জল সেৱা অধ্যয়ন আৰু আনুষংগিক মূল্যায়নৰ তথ্য উল্লেখ কৰি তেওঁ কয় যে নিম্ন ভল্টেজ আৰু দুৰ্বল বিদ্যুৎ যোগানে কেইবাটাও অঞ্চলত সেৱা প্ৰদানত বাধাৰ সৃষ্টি কৰিছে। তেওঁ বিদ্যুৎ সম্পৰ্কীয় ব্যয় হ্ৰাস কৰিলে পৰিচালনাৰ বহনক্ষমতা লক্ষণীয়ভাৱে বৃদ্ধি পাব বুলি উল্লেখ কৰি শক্তিৰ দক্ষতা বৃদ্ধি আৰু নিয়মীয়া পৰিচালনা তথা ৰক্ষণাবেক্ষণ ব্যয় হ্ৰাস কৰাৰ বাবে বাস্তৱসন্মত সমাধান চিনাক্ত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়।
আইআইএম বেংগালুৰুৰ জেজেএম প্ৰফেচৰ অধ্যক্ষ অধ্যাপক গোপাল নায়কে “পাৱাৰ কষ্ট অপ্টিমাইজেচন ইন জেজেএম স্কিম” শীৰ্ষক এক অধ্যয়ন দাঙি ধৰে। এই অধ্যয়নত গ্ৰিড-ভিত্তিক আৰু সৌৰশক্তি চালিত আৰ্হিকে ধৰি গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ বিভিন্ন শক্তি বিন্যাস পৰীক্ষা কৰা হয় আৰু পৰিচালনা তথা জীৱনচক্ৰ ব্যয়ৰ ওপৰত সেইবোৰৰ প্ৰভাৱ মূল্যায়ন কৰা হয়। এই উপস্থাপনে নিয়মীয়া পৰিচালনা আৰু ৰক্ষণাবেক্ষণ ব্যয় হ্ৰাস কৰা, পানী সেৱাক সুলভ কৰি তোলা আৰু অভিনৱ শক্তি সমাধানৰ জৰিয়তে গ্ৰাম্য পানী যোগান আঁচনিসমূহৰ বিত্তীয় বহনক্ষমতা বৃদ্ধিৰ সুযোগসমূহ তুলি ধৰে।
এই কাৰ্যসূচীত ৱাটাৰ কোৱালিটি মেনেজমেণ্ট ইনফৰ্মেচন চিষ্টেম চমুকৈ ডব্লিউকিউএমআইএছ তথ্য ব্যৱহাৰ কৰি খোৱাপানীৰ গুণগত মান নিৰীক্ষণ আৰু ব্যৱস্থাপনা সম্পৰ্কীয় গৱেষণাৰ ওপৰতো প্ৰতিবেদন দাঙি ধৰা হয়। এই তথ্যই প্ৰদৰ্শন কৰে যে জল জীৱন মিছন ৰূপায়ণৰ পাছত কেইবাটাও সূচকৰ ভিত্তিত খোৱাপানীৰ গুণগত মান পূৰণৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে আৰু ই পৰীক্ষাগাৰ ব্যৱস্থা, স্বতন্ত্ৰ নিৰীক্ষণ তন্ত্ৰ তথা সম্প্ৰদায়-পৰিচালিত পানীৰ গুণমান ব্যৱস্থাপনা শক্তিশালী কৰাৰ সুযোগবোৰ চিহ্নিত কৰিছে।
আলোচনাত ডিডিডব্লিউএছ-ৰ সচিবে গ্ৰাম্য পানী যোগান ব্যৱস্থাত স্বচ্ছতা আৰু দায়িত্বশীলতা বৃদ্ধি কৰিবলৈ স্বতন্ত্ৰ পানীৰ গুণগত মান নিৰীক্ষণ ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ গ্ৰাম পঞ্চায়ত আৰু সম্প্ৰদায়সমূহৰ বাবে পানীৰ গুণগত মানৰ তথ্য উপলব্ধ কৰাৰ প্ৰয়োজনীয়তা ব্যক্ত কৰাৰ লগতে পানীৰ গুণমান সম্পৰ্কীয় তথ্য পৰ্যালোচনা আৰু প্ৰতিকাৰমূলক ব্যৱস্থা নিৰ্ধাৰণত গাঁওসভাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে জেজেএম ২.০-ৰ অধীনত দীৰ্ঘম্যাদী সেৱা প্ৰদানৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণ ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।
পৰ্যালোচনা বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে জেজেএম ২.০-ৰ মূল অগ্ৰাধিকাৰসমূহৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে, যাৰ ভিতৰত ৰাজ্যিক ৰূপায়ণ পৰিকল্পনা, বিত্তীয় পুনৰ্মিলন, পিএম-জনমন গাঁওসমূহত ‘হৰ ঘৰ জল’ প্ৰমাণীকৰণ, জল অৰ্পণ, ডিজিটেল প্ৰশাসনৰ পদক্ষেপ আৰু পানীৰ গুণমান ব্যৱস্থাপনা অন্তৰ্ভুক্ত। সমবায় যুক্তৰাষ্ট্ৰবাদ, প্ৰযুক্তি-নিৰ্ভৰ প্ৰশাসন আৰু জনভাগীদাৰীৰ জৰিয়তে বহনক্ষম জল সুৰক্ষাৰ এই অভিযানৰ লক্ষ্য আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰি আৰু অগ্ৰগতি, প্ৰত্যাহ্বান তথা উত্তম অনুশীলনসমূহ ভাগ-বতৰা কৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে এই বৈঠকৰ সামৰণি মাৰে।
সামৰণি ভাষণত এনজেজেএম-ৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালক কমল কিশোৰ সোণে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক জেজেএম ২.০-ৰ অধীনত মূল সংস্কাৰমূলক পদক্ষেপসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। গ্ৰাম পঞ্চায়ত আৰু ভিডব্লিউএছচি-লৈ আঁচনিসমূহ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা কাৰ্যসূচী অৰ্থাৎ ‘জল অৰ্পণ’ৰ কথা উল্লেখ কৰি তেওঁ সকলো ‘হৰ ঘৰ জল’ গাঁৱতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু অনুমোদিত আঞ্চলিক ভাষাত প্ৰমাণপত্ৰ প্ৰস্তুত কৰাটো নিশ্চিত কৰিবলৈ গুৰুত্ব আৰোপ কৰে।
শ্ৰী সোণে বিশেষকৈ অংগনৱাড়ী কেন্দ্ৰ আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানসমূহত পানীৰ গুণগত মান পৰীক্ষা ক্ষিপ্ৰ কৰিবলৈ আৰু নিৰ্ধাৰিত ডিজিটেল প্লেটফৰ্মত পৰীক্ষাৰ ফলাফলসমূহ সময়মতে আপলোড কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক আহ্বান জনায়। তেওঁ গ্ৰাম পঞ্চায়ত পৰ্যায়ত পৰিচালনা আৰু ৰক্ষণাবেক্ষণ হাতপুথি কাৰ্যকৰী কৰিবলৈ, পানীৰ উৎসৰ বহনক্ষমতা পৰিকল্পনা আৰু নিৰীক্ষণৰ বাবে ডিচিছন ছাপৰ্ট ছিষ্টেম চমুকৈ ডিএছএছ সক্ৰিয়ভাৱে ব্যৱহাৰ কৰিবলৈ আৰু গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে সমন্বয় বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি তেওঁ ডিএছএছ-ত সময়মতে তথ্য দাখিল কৰা, দক্ষতা বিকাশ কাৰ্যসূচীসমূহ সম্পূৰ্ণ কৰা, বিত্ত আয়োগৰ বিধি-নিয়ম মানি চলা আৰু জেজেএম ২.০-ৰ সংস্কাৰমূলক লক্ষ্যসমূহ অৰ্জনৰ বাবে স্পষ্ট ৰূপায়ণ পৰিকল্পনা প্ৰস্তুত কৰাৰ ওপৰতো জোৰ দিয়ে।

PS/AK/MM
(ৰিলিজ আই ডি : 2320534)
অতিথি কক্ষ : 3