প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

এইচএএল কোৰাপুটৰ ২,০০০ সংখ্যক এৰ’-ইঞ্জিন যোগান; প্ৰপালচন নিৰ্মাণৰ ছয়টা দশকক চিহ্নিত

উন্নত এৰ’-ইঞ্জিনৰ থলুৱা ডিজাইন, বিকাশ, পৰীক্ষণ আৰু নিৰ্মাণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ

৩৩৫ কোটি টকাৰ বিনিয়োগেৰে এএল৩১এফপি ইঞ্জিনৰ উৎপাদন ক্ষমতা বছৰি ৩০ টাৰ পৰা ৫০ টালৈ বৃদ্ধি হ’ব

২১৮ কোটি টকাৰ বিনিয়োগেৰে স্থাপন হ’ব শক্তি ইঞ্জিনৰ দ্বিতীয় উৎপাদন লাইন; বছৰি ১০০ টালৈ বৃদ্ধি পাব ক্ষমতা

প্ৰায় ৫,০০০ কোটি টকাৰ বিনিয়োগেৰে থলুৱা হাই-থ্ৰাষ্ট ইঞ্জিন কাৰ্যসূচী আগবঢ়াই নিছে চৰকাৰে

পোষ্ট কৰা হৈছে: 06 OCT 2026 4:57PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২৬ চনৰ ৬ অক্টোবৰত হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ (এইচএএল) কোৰাপুট ডিভিজনৰ দ্বাৰা ২,০০০ সংখ্যক এৰ’-ইঞ্জিন যোগানৰ ঐতিহাসিক ক্ষণত উপস্থিত থাকে আৰু শক্তি ইঞ্জিনৰ দ্বিতীয় উৎপাদন লাইন স্থাপনৰ কথা ঘোষণা কৰে। ভাৰতৰ মহাকাশ তথা বিমান নিৰ্মাণ যাত্ৰাত এই মাইলৰ খুঁটিক এক উল্লেখনীয় কৃতিত্ব হিচাপে অভিহিত কৰি তেওঁ উন্নত এৰ’-ইঞ্জিনৰ ডিজাইন, বিকাশ, পৰীক্ষণ, নিৰ্মাণ আৰু মেৰামতিৰ ক্ষেত্ৰত থলুৱা সক্ষমতা অধিক শক্তিশালী কৰাৰ আহ্বান জনায়। মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে প্ৰপালচন প্ৰযুক্তিৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ অতিকে প্ৰয়োজনীয় বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

এইচএএল কোৰাপুটৰ অভিযন্তা, কাৰিকৰ, বিজ্ঞানী আৰু দক্ষ কৰ্মচাৰীসকলক অভিনন্দন জনাই শ্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে যে ২,০০০ টা ইঞ্জিন যোগানৰ অৰ্থ হৈছে প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যকৰী সক্ষমতালৈ ২,০০০ টা গুৰুত্বপূৰ্ণ অৱদান। ইয়াৰ উপৰি ১৯৬৪ চনত প্ৰতিষ্ঠা হোৱাৰ পৰা এই ডিভিজনৰ ছয়টা দশকজোৰা অভিযান্ত্ৰিক দক্ষতা আৰু প্ৰযুক্তিগত অভিজ্ঞতাকো ই প্ৰতিফলিত কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে সামৰিক বিমান পৰিবহণলৈ এইচএএল কোৰাপুটৰ অৱদানৰ কথা আলোকপাত কৰি কয় যে ইয়াৰ ইঞ্জিনে মিগ-২১, মিগ-২৭, মিগ-২৯ আৰু ছু-৩০এমকেআইকে ধৰি দেশৰ অগ্ৰণী যুদ্ধবিমানসমূহক শক্তিশালী কৰি তুলিছে। তেওঁ উল্লেখ কৰে যে উৎপাদনে যেনেকৈ নতুন সক্ষমতা প্ৰদান কৰে, ঠিক তেনেদৰে অভাৰহলে কাৰ্যকাল বৃদ্ধি কৰে; যাৰ ফলত সামৰিক প্ৰস্তুতিৰ বাবে দুয়োটাই অতি গুৰুত্বপূৰ্ণ। এইচএএল কোৰাপুটৰ থলুৱা মেৰামতি আৰু অভাৰহল ক্ষমতাৰ শলাগ লৈ তেওঁ কয় যে এতিয়ালৈকে ৯,০০০তকৈ অধিক ইঞ্জিনৰ অভাৰহল কৰা হৈছে। লগতে উপাদানসমূহৰ স্বদেশীকৰণ আৰু কম সময়ৰ ভিতৰতে কাম সম্পূৰ্ণ কৰাৰ ব্যৱস্থাই গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সম্পত্তিসমূহৰ কাৰ্যকৰী প্ৰস্তুতি আৰু সেৱাৰ সময়সীমা বৃদ্ধিত বিশেষ অৰিহণা যোগাইছে।

এৰ’-ইঞ্জিনক এখন বিমানৰ ‘হৃদস্পন্দন’ বুলি অভিহিত কৰি শ্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰে যে উন্নত এয়াৰফ্ৰেম, ৰাডাৰ, অস্ত্ৰ-শস্ত্ৰ আৰু এভিয়নিক্সৰ ফলপ্ৰসু ব্যৱহাৰৰ বাবে নিৰ্ভৰযোগ্য প্ৰপালচন ব্যৱস্থা অতিকে অপৰিহাৰ্য। তেওঁ নিখুঁত নিৰ্মাণ, উন্নত সামগ্ৰী, ধাতুবিদ্যা, কুলিং প্ৰযুক্তি, পৰীক্ষণ আৰু কঠোৰ গুণগত মান নিশ্চিতকৰণৰ ক্ষেত্ৰত দক্ষতা অৰ্জনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এৰ’-ইঞ্জিন প্ৰযুক্তিয়ে চৰম প্ৰতিকূল পৰিস্থিতিতো নিৰ্ভৰযোগ্য প্ৰদৰ্শন নিশ্চিত কৰিবলৈ উন্নত ছুপাৰএলয়, থাৰ্মেল-বেৰিয়াৰ কোটিং আৰু অত্যাধুনিক কুলিং ব্যৱস্থাক একত্ৰিত কৰে; যাৰ ফলত প্ৰপালচন প্ৰযুক্তিৰ দক্ষতা আহৰণৰ অৰ্থ হৈছে আটাইতকৈ উন্নত ঔদ্যোগিক সক্ষমতাসমূহৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ অৰ্জন কৰা।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে বিশেষভাৱে আঙুলিয়াই দিয়ে যে মহাকাশ আৰু বিমান খণ্ডৰ আত্মনিৰ্ভৰশীলতা থলুৱা এৰ’-ইঞ্জিন সক্ষমতালৈকে সম্প্ৰসাৰিত হ’ব লাগিব, বিশেষকৈ এডভান্সড মিডিয়াম কমবেট এয়াৰক্ৰাফ্ট (এএমচিএ) কাৰ্যসূচীৰ বাবে। তেওঁ প্ৰায় ৫,০০০ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগ, মিশ্ৰ ধাতু নিগম লিমিটেডৰ (মিধানি) সৈতে অংশীদাৰিত্বৰে কেঁচামালৰ স্বদেশীকৰণ আৰু ভাৰতৰ প্ৰথমটো থলুৱা হাই-থ্ৰাষ্ট ইঞ্জিন পৰীক্ষণ কেন্দ্ৰ স্থাপনৰ কথা উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে এক সাৰ্বভৌম এৰ’স্পেচ পৰিৱেশতন্ত্ৰ গঢ়িবলৈ কেঁচামাল, ডিজাইন, নিৰ্মাণ, পৰীক্ষণ আৰু ৰক্ষণাবেক্ষণ, মেৰামতি তথা অভাৰহল (এমআৰঅ’) আদি সকলো দিশতে থলুৱা সক্ষমতা থকাটো একান্তই আৱশ্যক।

প্ৰতিৰক্ষা বাহিনীৰ প্ৰয়োজনীয়তা পূৰণত এইচএএলৰ সফলতাৰ কথা উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে ছু-৩০এমকেআই বিমানৰ বাবে চৰকাৰে ২০২৪ চনত এইচএএলক ২৪০ টা এএল৩১এফপি ইঞ্জিনৰ যোগানৰ অৰ্ডাৰ দিছিল। বিশ্বজুৰি যোগান শৃংখলত দেখা দিয়া বিঘিনি আৰু কেঁচামালৰ সমস্যাৰ পিছতো এইচএএলে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই প্ৰথমটো ইঞ্জিন যোগান ধৰে আৰু দ্বিতীয় বছৰৰ শেষলৈ ৬০ টা লক্ষ্যৰ বিপৰীতে ৬৩ টা ইঞ্জিন সফলতাৰে যোগান ধৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘোষণা কৰে যে এইচএএলে ৩৩৫ কোটি টকাৰ বিনিয়োগেৰে এএল৩১এফপি ইঞ্জিনৰ বাৰ্ষিক উৎপাদন ক্ষমতা ৩০ টাৰ পৰা ৫০ টালৈ বৃদ্ধি কৰিবলৈ ওলাইছে। তেওঁ লগতে ২১৮ কোটি টকাৰ বিনিয়োগেৰে এক দ্বিতীয় শক্তি ইঞ্জিন উৎপাদন লাইন স্থাপনৰ কথাও ঘোষণা কৰে। এই নতুন উৎপাদন লাইনে বছৰি ১০০ টালৈকে ইঞ্জিন নিৰ্মাণ কৰিব আৰু ২০২৮-২৯ বৰ্ষৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যিয়ে ধ্ৰুৱ এডভান্সড লাইট হেলিকপ্তাৰ (এএলএইচ) আৰু প্ৰচণ্ড লাইট কমবেট হেলিকপ্টাৰকে (এলচিএইচ) ধৰি থলুৱাভাৱে নিৰ্মিত হেলিকপ্টাৰসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

ভাৰতৰ হেলিকপ্টাৰ পৰিৱেশতন্ত্ৰৰ বাবে নিৰ্ভৰযোগ্য থলুৱা প্ৰপালচন প্ৰণালীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰতিৰক্ষা বাহিনীক এনে কিছুমান ইঞ্জিনৰ প্ৰয়োজন, যিবোৰ প্ৰয়োজনৰ সময়ত সহজলভ্য হয়, সমগ্ৰ কাৰ্যকালজুৰি যাৰ নিৰৱচ্ছিন্ন সহায় লাভ কৰিব পাৰি আৰু বিকাশশীল প্ৰযুক্তিৰ সৈতে উন্নত কৰিব পাৰি। তেওঁ উল্লেখ কৰে যে এৰ’-ইঞ্জিন বিকাশ হৈছে এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া, যাৰ বাবে ধাৰাবাহিক বিনিয়োগ, বিশেষ পৰীক্ষণ সুবিধা, দক্ষ মানৱ সম্পদ আৰু এক শক্তিশালী ঔদ্যোগিক পৰিৱেশতন্ত্ৰৰ আৱশ্যক; য’ত ধাৰাবাহিক, নিৰ্ভৰযোগ্য আৰু সম্প্ৰসাৰণযোগ্য উৎপাদন, ডিজাইন, জটিল কেঁচামাল তথা ছুপাৰএলয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰপালচন পৰিৱেশতন্ত্ৰত এমএছএমই, ষ্টাৰ্টআপ, ব্যক্তিগত উদ্যোগ, শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ অধিক সংহতিৰ আহ্বান জনায়। তেওঁ কোৰাপুটক কেৱল এটা ইঞ্জিন উৎপাদন প্ৰকল্প হিচাপে নহয়, বৰঞ্চ যোগানকাৰীসকলক প্ৰতিপালন কৰি, এমএছএমইসমূহক মাৰ্গদৰ্শন দি, ষ্টাৰ্ট-আপ আৰু যুৱ অভিযন্তাসকলক সহায় কৰি, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰি তথা জটিল উপাদানসমূহ নিৰ্মাণৰ সক্ষমতা গঢ়ি তুলি এক বিস্তৃত মহাকাশ প্ৰপালচন পৰিৱেশ তন্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ এইচএএলক আহ্বান জনায়।

প্ৰতিৰক্ষা আৰু এৰ’স্পেচ খণ্ডত ওড়িশাৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কথা আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে ৰাজ্যখনৰ কৌশলগত অৱস্থান, দীঘলীয়া উপকূলৰেখা, বন্দৰ, খনিজ সম্পদ, ঔদ্যোগিক আন্তঃগাঁথনি আৰু দক্ষ মানৱ সম্পদৰ কথা উল্লেখ কৰে। তেওঁ কয় যে চান্দিপুৰত অৱস্থিত ডিআৰডিঅ’ৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জকে ধৰি কৌশলগত আন্তঃগাঁথনি আৰু ওড়িশা চৰকাৰৰ শেহতীয়া পদক্ষেপসমূহে এৰ’স্পেচ তথা প্ৰতিৰক্ষা নিৰ্মাণ পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰিছে।

মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিৰ নেতৃত্বাধীন ওড়িশা চৰকাৰৰ পদক্ষেপসমূহৰ শলাগ লৈ ৰক্ষা মন্ত্ৰীয়ে ঢেংকানালৰ গজমাৰাত এৰ’স্পেচ এণ্ড ডিফেন্স ইকুইপমেণ্ট মেনুফেকচাৰিং কমপ্লেক্সৰ অনুমোদনৰ কথা উল্লেখ কৰে। তেওঁ যোগানকাৰী গঢ়ি তোলা, এমএছএমইসমূহক পৰামৰ্শ দিয়া, উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত যুৱ অভিযন্তা আৰু ষ্টাৰ্টআপসমূহক সুযোগ প্ৰদান কৰা, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰা, স্থানীয় দক্ষ যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰা আৰু জটিল ইঞ্জিন উপাদানসমূহৰ থলুৱা নিৰ্মাণ ক্ষমতা বিকাশৰ জৰিয়তে কোৰাপুটক এক বহল মহাকাশ প্ৰপালচন পৰিৱেশ তন্ত্ৰৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ এইচএএলক আহ্বান জনায়।

গুণগত মান, উৎপাদনশীলতা, স্বদেশীকৰণ, উদ্ভাৱন আৰু যোগানৰ সময়সীমা বৃদ্ধিৰ বাবে এইচএএল কোৰাপুট দলক আহ্বান জনাই শ্ৰী ৰাজনাথ সিঙে ২,০০০ সংখ্যক ইঞ্জিনক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ ইয়াক এক ভেটি হিচাপে লৈ উন্নত প্ৰপালচন প্ৰণালীৰ ডিজাইন, বিকাশ, নিৰ্মাণ আৰু সহায় কৰিবলৈ সক্ষম এক ভাৰতীয় এৰ’স্পেচ উদ্যোগ গঢ়ি তুলিবলৈ আহ্বান জনায়। এই উপলক্ষে তেওঁ এইচএএল কোৰাপুট দল, ভাৰতীয় বায়ুসেনা, ঔদ্যোগিক অংশীদাৰ, এমএছএমই, বিজ্ঞানী, অভিযন্তা, কাৰিকৰ আৰু ওড়িশাৰ জনসাধাৰণক অভিনন্দন জনায়।

এই অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, প্ৰতিৰক্ষা উৎপাদন বিভাগৰ সচিব শ্ৰী সঞ্জীৱ কুমাৰ, বায়ুসেনাৰ উপ-মুৰব্বী এয়াৰ মাৰ্শ্বাল তেজপাল সিং, এইচএএলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) শ্ৰী ৰবি কে, মিধানিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) ড° এছভিএছ নাৰায়ণ মূৰ্তি আৰু যুটীয়া সচিব (এৰ’স্পেচ উইং এণ্ড ডিঅ’এমডব্লিউ) শ্ৰীমতী মনীষা চন্দ্ৰ উপস্থিত থাকে।

 

SR/NIRMIT/MM


(ৰিলিজ আই ডি : 2319911) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Odia , Tamil