যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বচ্ছতা বৃদ্ধি আৰু অমীমাংসিত বিষয়সমূহ সমাধানৰ বাবে বিশেষ অভিযান ৬.০-ত অংশগ্ৰহণ কৰিব ক্ৰীড়া বিভাগে

পোষ্ট কৰা হৈছে: 05 OCT 2026 4:20PM by PIB Guwahati

ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগে দায়িত্বশীল প্ৰশাসনক উৎসাহিত কৰা আৰু প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ শৃংখলাবদ্ধ কৰাৰ ক্ষেত্ৰত এক অনন্য নিদৰ্শন দাঙি ধৰি আহিছে।

যোৱা বছৰ বিশেষ অভিযান ৫.০-ৰ উল্লেখযোগ্য সাফল্যৰ পাছত, বিভাগটোৱে দায়িত্বশীল প্ৰশাসন নিশ্চিত কৰা, প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা আৰু ই-আৱৰ্জনাৰ “কাৰ্যকৰী সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্কাষণ”ৰ লক্ষ্যৰে বৈজ্ঞানিক ই-আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰতি বিশেষ প্ৰতিশ্ৰুতিবদ্ধতাৰে বিশেষ অভিযান ৬.০-ৰ প্ৰস্তুতি পৰ্যায়ৰ কাম-কাজ আৰম্ভ কৰিছে।

বিভাগে ইয়াৰ অধীনস্থ সংস্থাসমূহ— ক্ৰীড়া প্ৰাধিকৰণ অব্ ইণ্ডিয়া ছাই, লক্ষ্মীবাঈ নেচনেল ইনষ্টিটিউট অব্ ফিজিকেল এডুকেচন এলএনআইপিই, নেচনেল স্পৰ্টছ ইউনিভাৰ্ছিটি এনএছইউ, নেচনেল এণ্টি-ড'পিং এজেন্সী নাডা আৰু নেচনেল ড'প টেষ্টিং লেবৰেটৰী এনডিটিএলৰ সৈতে মিলি যোৱা বছৰ বিশেষ অভিযান ৫.০-ৰ অধীনত নিৰ্ধাৰিত বিভিন্ন লক্ষ্যসমূহ নিষ্ঠাৰে পূৰণ কৰিছিল আৰু জ্যেষ্ঠ বিষয়াসকলে প্ৰতিটো পদক্ষেপতে অগ্ৰগতিৰ তদাৰক কৰিছিল। বাস্তৱ ক্ষেত্ৰত এই বিভাগৰ অধীনস্থ সংস্থাসমূহৰ কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়সমূহ সামৰি ৫০টা চিনাক্ত স্থানত স্বচ্ছতা অভিযান চলোৱা হৈছিল।

এই যৌথ প্ৰচেষ্টাৰ ফলত ৩,৯০,০০০ বৰ্গফুট স্থান মুকলি কৰা হৈছিল আৰু নতুনকৈ উপলব্ধ হোৱা বহু এলেকা মূল্যৱান প্ৰয়োজনীয় স্থানলৈ ৰূপান্তৰ কৰা হৈছিল। ইয়াৰ উপৰি এই অভিযানৰ সময়ত পেলনীয়া সামগ্ৰী নিষ্কাষণৰ জৰিয়তে ৪,০৭,৫৫,৯৭৬ টকাৰ ৰাজহ উপাৰ্জন হৈছিল, যিয়ে স্বচ্ছতাৰ অভিযানত স্থায়িত্বশীলতা আৰু মিতব্যয়ী সম্পদ ব্যৱহাৰৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে। বিভাগ আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহে বিভিন্ন ছ’চিয়েল মিডিয়া মাধ্যম ব্যৱহাৰ কৰি অভিযানটোৰ প্ৰচাৰ আৰু বিস্তাৰ বৃদ্ধি কৰিছিল।

বিভাগে এতিয়া বিশেষ অভিযান ৬.০-ৰ প্ৰস্তুতি পৰ্যায় ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২৬লৈ চলাই আছে। কৰ্মক্ষেত্ৰৰ স্বচ্ছতাত উচ্চ মান স্থাপন কৰা আৰু ডিএআৰপিজি-য়ে নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ অৰ্জন কৰাৰ উদ্দেশ্যে ক্ৰীড়া বিভাগে বিশেষ অভিযান ৬.০ সৰ্বাধিক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।

 

***

Ayushman Kumar/MM


(ৰিলিজ আই ডি : 2319454) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil