প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছৰ পুৰুষৰ ৬৫ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধত স্বৰ্ণ পদক অৰ্জন কৰা সুজিতক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
02 OCT 2026 6:15PM by PIB Guwahati
এছিয়ান গেমছৰ পুৰুষৰ ৬৫ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধৰ চূড়ান্ত যুঁজত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰি সোণৰ পদক অৰ্জন কৰা সুজিতক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, এছিয়ান গেমছত আত্মপ্ৰকাশ কৰিয়েই সুজিতে এই সংস্কৰণত ভাৰতৰ হৈ মল্লযুদ্ধৰ প্ৰথমটো সোণৰ পদক আজুৰি আনিলে। তেওঁ এই জয়ক এক স্বৰণীয় বিজয় বুলি অভিহিত কৰে।
শ্ৰী মোদীয়ে আগন্তুক প্ৰচেষ্টাৰ বাবে সুজিতক শুভকামনা জনায়।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;
"ফাইনেলত এক ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰি এছিয়ান গেমছৰ পুৰুষৰ ৬৫ কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধত সোণৰ পদক অৰ্জন কৰা সুজিতক অভিনন্দন। এছিয়ান গেমছত প্ৰথমবাৰ অংশগ্ৰহণ কৰিয়েই তেওঁ এই সংস্কৰণৰ মল্লযুদ্ধত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক আজুৰি আনিলে। এই বিজয় সঁচাকৈয়ে স্মৰণীয়! তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ: প্ৰধানমন্ত্ৰী @narendramodi"
*****
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2319066)
অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam