উপ-ৰাষ্ট্ৰপতি সচিবালয়
নতুন দিল্লীত মহাপৰ্ব ক্ষমাপণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণৰ ভাষণ প্ৰদান
“ক্ষমাৰ অৰ্থ হ’ল প্ৰতিশোধৰ সলনি সংশোধনক, ঘৃণাৰ সলনি আলোচনাক আৰু শত্ৰুতাৰ সলনি বন্ধুত্বক বাছি লোৱা”: উপ-ৰাষ্ট্ৰপতি
“অহিংসাৰ অৰ্থ হ’ল চিন্তা, বাক্য আৰু কৰ্মত হিংসাৰ অনুপস্থিতি”: উপ-ৰাষ্ট্ৰপতি
“এখন প্ৰকৃত উন্নত ভাৰতত নাগৰিকসকলৰ মাজত বিশ্বাস, পৰিয়ালত মূল্যবোধ, যুৱপ্ৰজন্মৰ মাজত চৰিত্ৰ আৰু সমাজত সহানুভূতি থাকিব লাগিব”: উপ-ৰাষ্ট্ৰপতি
“সকলো জীৱৰ সৈতে বন্ধুত্ব আৰু কাৰো প্ৰতি শত্ৰুতা নকৰাৰ জৈন দৰ্শনে এখন শান্তিপূৰ্ণ বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব পাৰে”: উপ-ৰাষ্ট্ৰপতি
পোষ্ট কৰা হৈছে:
04 OCT 2026 3:50PM by PIB Guwahati
নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভগৱান মহাবীৰ মেম’ৰিয়েল সমিতি আৰু জৈন মহাসভা দিল্লীৰ উদ্যোগত আয়োজিত মহাপৰ্ব ক্ষমাপণ অনুষ্ঠান – ২০২৬ ত আজি উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণে ভাষণ প্ৰদান কৰে। তেওঁ এই অনুষ্ঠানটোক ক্ষমা, বন্ধুত্ব, অহিংসা আৰু অন্তৰ্নিহিত আত্মশুদ্ধিৰ সৰ্বজনীন মূল্যবোধৰ এক উদযাপন বুলি অভিহিত কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জৈন পৰম্পৰাই যি গভীৰতাৰে ক্ষমাক এক আধ্যাত্মিক সাধনাৰ ৰূপ দিছে, সেয়া আজিৰ ভাৰত তথা মানৱজাতিৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ। তেওঁ উল্লেখ কৰে যে ক্ষমাপণ কেৱল এটি আচাৰ-অনুষ্ঠান নহয়, বৰঞ্চ মানুহৰ হৃদয় পৰিৱৰ্তনৰ এক সুযোগ।
তামিলনাডু আৰু জৈন ধৰ্মৰ মাজৰ গভীৰ ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী চিপি ৰাধাকৃষ্ণণে কয় যে তামিল সাহিত্য আৰু সংস্কৃতিলৈ জৈন ধৰ্মই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ ধ্ৰুপদী তামিল সাহিত্যলৈ জৈন পণ্ডিত আৰু সন্ন্যাসীসকলৰ অৱদানৰ কথা স্মৰণ কৰে আৰু তামিলনাডুৰ বিভিন্ন প্ৰান্তত থকা প্ৰাচীন জৈন মন্দিৰ তথা শিক্ষা কেন্দ্ৰসমূহৰ উপস্থিতিৰ কথাও উল্লেখ কৰে।
জৈন দৰ্শনৰ সৰ্বজনীন বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলো জীৱৰ সৈতে বন্ধুত্ব আৰু কাৰো প্ৰতি শত্ৰুতা নকৰাৰ শিক্ষাই ভাৰতৰ সভ্যতাভিত্তিক চেতনা "বসুধৈৱ কুটুম্বকম"ৰ সৈতে একাত্মতা প্ৰকাশ কৰে। সংঘাত আৰু হিংসাৰে ভৰা আজিৰ বিশ্বত ভগৱান মহাবীৰৰ শিক্ষাই শান্তি, আলোচনা, সহাৱস্থান আৰু সহানুভূতিৰ পথ প্ৰদৰ্শন কৰে বুলি তেওঁ মন্তব্য কৰে।
শ্ৰী চিপি ৰাধাকৃষ্ণণে কয় যে অহিংসা মানে কেৱল শাৰীৰিক হিংসাৰ অনুপস্থিতিয়ে নহয়, বৰঞ্চ ই হ’ল চিন্তা, বাক্য আৰু কৰ্মতো হিংসাৰ অনুপস্থিতি। তেওঁ কয় যে ভগৱান মহাবীৰে মানৱ জাতিক অন্তৰ্নিহিত বিজয়ৰ পথ দেখুৱাই গৈছে আৰু সোঁৱৰাই দিছে যে খং, অসহিষ্ণুতা আৰু প্ৰতিশোধক জয় কৰাতহে প্ৰকৃত শক্তি নিহিত হৈ থাকে।
ক্ষমাপণৰ প্ৰসংগত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ক্ষমাৰ অৰ্থ অন্যায়ক মানি লোৱা বা সত্যৰ সৈতে আপোচ কৰা নহয়। তেওঁ কয়, "ক্ষমাৰ অৰ্থ হ’ল প্ৰতিশোধৰ সলনি সংশোধনক, ঘৃণাৰ সলনি আলোচনাক আৰু শত্ৰুতাৰ সলনি বন্ধুত্বক বাছি লোৱা।" ইয়াৰ লগতে তেওঁ কয় যে প্ৰতিক্ৰমণৰ ভাৱনাই ব্যক্তি আৰু পৰিয়ালসমূহক নিজৰ ভুল স্বীকাৰ কৰাত আৰু সংঘাত দূৰ কৰাত সহায় কৰিব পাৰে।
বিকশিত ভাৰত @ ২০৪৭ ৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি শ্ৰী চিপি ৰাধাকৃষ্ণণে কয় যে বিকাশ কেৱল অৰ্থনৈতিক সমৃদ্ধি, আধুনিক আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। "বিকাশ ভী, বিৰাসত ভী"ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি তেওঁ কয় যে এখন প্ৰকৃত উন্নত ভাৰতত নাগৰিকসকলৰ মাজত বিশ্বাস, পৰিয়ালত মূল্যবোধ, যুৱপ্ৰজন্মৰ মাজত চৰিত্ৰ আৰু সমাজত সহানুভূতি থাকিব লাগিব।
এক উন্নত ভাৰত গঢ়ি তোলাৰ সময়ত নম্ৰতা, মমতা, সেৱা, একতা আৰু দায়িত্ববোধৰ মূল্যবোধসমূহ লালন পালন কৰিবলৈ উপ-ৰাষ্ট্ৰপতিয়ে জনসাধাৰণক আহ্বান জনায়।
এই উপলক্ষে তেওঁ শ্ৰী কেচি জৈনক 'জৈন সমাজ ৰত্ন বঁটা' প্ৰদান কৰে। অনুষ্ঠানত পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰিয়া, ভগৱান মহাবীৰ মেম’ৰিয়েল সমিতিৰ সভাপতি শ্ৰী কানহাইয়া লাল জৈন, জৈন মহাসভা দিল্লীৰ সভাপতি শ্ৰী দীনেশ দোশী, আচাৰ্য শ্ৰী বিশুদ্ধ সাগৰজী মুনিৰাজ, শ্ৰী জৈন তৰুণ সমাজ ভগৱান মহাবীৰ মেম’ৰিয়েল সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী বিপিন জৈন, মুনিশ্ৰী উদিত কুমাৰ জী, মুনিশ্ৰী তীৰ্থ নিৰ্বাণ বিজয় জী, আৰু উপাধ্যায় শ্ৰী ৰবিন্দৰ মুনিজী উপস্থিত থাকে।
R/ASM/VMJ/MM
(ৰিলিজ আই ডি : 2319009)
অতিথি কক্ষ : 6