প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছৰ মহিলাৰ গলফ্ প্ৰতিযোগিতাৰ ব্যক্তিগত শাখাত ঐতিহাসিক স্বৰ্ণ জয়ৰ বাবে প্ৰণৱী শৰৎ উৰ্ছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 03 OCT 2026 5:37PM by PIB Guwahati

এছিয়ান গেমছৰ মহিলাৰ গলফ্ প্ৰতিযোগিতাৰ ব্যক্তিগত শাখাত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰা প্ৰণৱী শৰৎ উৰ্ছক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ এই চমকপ্ৰদ সাফল্যই দেশবাসীক চিৰস্মৰণীয় ক্ৰীড়া মুহূৰ্ত উপহাৰ দিলে। এই বিজয়ে অধিক সংখ্যক ভাৰতীয় যুৱক-যুৱতীক এই খেলবিধৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকক সৰ্বোচ্চ শিখৰত উপনীত হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে প্ৰণৱী শৰৎ উৰ্ছক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে 'এক্স'ৰ এটা পোষ্টত কয়;

“ইতিহাসৰ পাতত স্বৰ্ণিল অধ্যায়!
এছিয়ান গেমছৰ মহিলাৰ গলফ্ প্ৰতিযোগিতাৰ ব্যক্তিগত শাখাতত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰণৱী শৰৎ উৰ্ছক অভিনন্দন জনাছোঁ। তেওঁৰ এই চমকপ্ৰদ সাফল্যই দেশবাসীক এক চিৰস্মৰণীয় ক্ৰীড়া মুহূৰ্ত উপহাৰ দিলে। এই বিজয়ে অধিক সংখ্যক ভাৰতীয় যুৱক-যুৱতীক এই খেলবিধৰ প্ৰতি আকৰ্ষিত কৰক আৰু তেওঁলোকক শীৰ্ষ স্থান লক্ষ্য কৰি আগবাঢ়িবলৈ প্ৰেৰণা যোগাওক। অতি সুন্দৰ খেল প্ৰদৰ্শন আৰু প্ৰণৱীলৈ মোৰ শুভকামনাঃ প্ৰধানমন্ত্ৰী৷”

***

MJPS/SS/ST/DB


(ৰিলিজ আই ডি : 2318806) অতিথি কক্ষ : 4