পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পিএনজিআৰবিৰ ২০সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
ভাৰতৰ শক্তি সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিলে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে
পোষ্ট কৰা হৈছে:
01 OCT 2026 8:29PM by PIB Guwahati
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ব'ৰ্ডে ১ অক্টোবৰত নতুন দিল্লীৰ ড° আম্বেদকাৰ ইণ্টাৰনেচনেল চেণ্টাৰত ইয়াৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব ড° নীৰজ মিট্টাল, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু উদ্যোগ খণ্ডৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে। অনুষ্ঠানটোৰ দুটা দশক সম্পূৰ্ণ হোৱাৰ এই ঐতিহাসিক ক্ষণত গ্ৰাহক সবলীকৰণ, আন্তঃগাঁথনি সম্প্ৰসাৰণ, ডিজিটেল ৰূপান্তৰ, সুৰক্ষা নিশ্চিতকৰণ আৰু খণ্ডটোৰ বহনক্ষম বিকাশৰ ওপৰত আলোকপাত কৰা হয়।
মুখ্য পদক্ষেপ আৰু উদ্বোধন
১/ নেচনেল পিএনজি ড্ৰাইভ ৩.০: পিএনজি ড্ৰাইভ ১.০ আৰু ২.০ ৰ সাফল্যৰ ওপৰত ভিত্তি কৰি, সমগ্ৰ দেশৰ ঘৰুৱা আৰু ব্যৱসায়িক খণ্ডত পাইপযোগে প্ৰাকৃতিক গেছ (PNG) সংযোগ দ্ৰুততৰ কৰিবলৈ পিএনজিআৰবি-য়ে 'নেচনেল পিএনজি ড্ৰাইভ ৩.০' শুভাৰম্ভ কৰে।
২/ মাই পিএনজি প'ৰ্টেল: পিএনজি সেৱাসমূহ সুচল কৰিবলৈ, তথ্যৰ সুগমতা বৃদ্ধি কৰিবলৈ আৰু গ্ৰাহক তথা চিটি গেছ ডিষ্ট্ৰিবিউচন প্ৰতিষ্ঠানসমূহৰ মাজত যোগাযোগ শক্তিশালী কৰিবলৈ এক একীকৃত, ৰাষ্ট্ৰীয় ডিজিটেল গ্ৰাহক প'ৰ্টেল মুকলি কৰা হয়।
পিএনজিআৰবি এক্সেলেন্স এৱাৰ্ড ২০২৬: কাৰ্যক্ষমতাৰ শ্ৰেষ্ঠতা, সুৰক্ষাৰ মান আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চিজিডি নেটৱৰ্ক, প্ৰাকৃতিক গেছ পাইপলাইন আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ পাইপলাইন খণ্ডৰ উৎকৃষ্ট প্ৰদৰ্শনকাৰীসকলক স্বীকৃতি প্ৰদান কৰা হয়।
আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু আপষ্ট্ৰীম বিনিয়োগেৰে শক্তিখণ্ডৰ স্থিৰতা সুনিশ্চিত কৰাৰ দিশত ভাৰত
অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীয়ে গেছ-ভিত্তিক অৰ্থনীতিৰ পিনে দেশক আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে গোলকীয় শক্তি বজাৰৰ অস্থিৰতা সফলতাৰে চম্ভালি ভাৰতে দেখুওৱা স্থিৰতাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৭০%–৮০% পৰ্যন্ত মূল্যবৃদ্ধি ঘটা সত্ত্বেও পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক কৌশলগতভাৱে কৰ্তন কৰাৰ ফলত ঘৰুৱা ইন্ধনৰ মূল্য সুস্থিৰ কৰি ৰাখিব পৰা গ’ল আৰু দেশৰ গ্ৰাহকসকলক মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰা সম্ভৱ হ’ল।
শক্তি সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে 'সমুদ্ৰ মন্থন' আঁচনিৰ অধীনত ৮৪,০৮৪ কোটি টকা আৰু 'গোবৰ্ধন' আঁচনিৰ বাবে ২৩,৭৩১ কোটি টকা আবণ্টনকে ধৰি প্ৰধান নীতিগত সিদ্ধান্তসমূহ তুলি ধৰে। পূৰ্বে নিষিদ্ধ হৈ থকা ১ নিযুত বৰ্গ কিলোমিটাৰ অৱক্ষেপীয় অববাহিকা মুকলি কৰি দিয়াত দেশীয় হাইড্ৰ’কাৰ্বন অন্বেষণ আৰু গেছৰ উপলব্ধতা বৃদ্ধি পাইছে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে গেছ বিতৰণ ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰে। বৰ্তমান সমগ্ৰ দেশৰে প্ৰায় প্ৰতিটো অঞ্চলকে চিটি গেছ বিতৰণৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছে, আনহাতে প্ৰায় ৩৫,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাকৃতিক গেছ পাইপলাইনৰ অনুমোদন জনোৱা হৈছে। একীকৃত শুল্ক ব্যৱস্থাই আঞ্চলিক বৈষম্য হ্ৰাস কৰাত আৰু দূৰৱৰ্তী তথা বঞ্চিত অঞ্চলসমূহত গেছৰ সুগমতা বৃদ্ধিত সহায় কৰিছে। এলপিজি সংযোগৰ পৰিসৰো ২০১৪ চনৰ ১৪.৫ কোটিৰ পৰা ৩৩ কোটিতকৈও অধিকলৈ সম্প্ৰসাৰিত হৈছে।
প্ৰাথমিক শক্তি সংমিশ্ৰণত প্ৰাকৃতিক গেছৰ অংশ বৰ্তমানৰ প্ৰায় ৬% ৰ পৰা বৃদ্ধি কৰাৰ বাবে দেশৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি মন্ত্ৰীগৰাকীয়ে 'নেচনেল পিএনজি ড্ৰাইভ ২.০'-এ আনি দিয়া গতিৰ কথা আঙুলিয়াই দিয়ে। ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুন মাহলৈ অনুষ্ঠিত ছমহীয়া অভিযানৰ সময়ছোৱাত প্ৰায় ১২.১০ লাখ নতুন পিএনজি সংযোগ আৰু ১৫.৩১ লাখ ডি পি এন জি পঞ্জীয়ন সমাপন হয়। এই সময়ছোৱাতে দৈনন্দিন ডি পি এন জি সংযোজনৰ গতি ৪,৭০২ ৰ পৰা বৃদ্ধি পাই প্ৰায় ৭,০০০ হয়, আনহাতে দৈনিক বিল প্ৰাপ্ত গ্ৰাহকৰ সংযোজন প্ৰায় ২,৭৮১ ৰ পৰা বৃদ্ধি পাই প্ৰায় ৭,৫০০ হয়।
পশ্চিম এছিয়াৰ সংকটৰ সময়তো চৰকাৰে অত্যাৱশ্যকীয় গেছ যোগানৰ নিৰৱচ্ছিন্নতা সুনিশ্চিত কৰিছিল, আনহাতে চিজিডি খণ্ডই পিএনজি গ্ৰহণৰ পৰিসৰ সম্প্ৰসাৰিত কৰি ৰাজ্যসমূহ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় শক্তিশালী কৰি ৰাখিছিল।
সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবে বিভিন্ন খণ্ডত প্ৰকৃত গেছৰ ব্যৱহাৰ বৃদ্ধি কৰাত নিয়ন্ত্ৰণৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সাফল্য কেৱল সংস্থাপন কৰা পাইপলাইনৰ দৈৰ্ঘ্যৰে নহয়, বৰঞ্চ প্ৰকৃত গেছৰ ব্যৱহাৰ, মলিকিউল বা অণুৰ সঠিক ব্যৱহাৰ আৰু ঘৰুৱা পিএনজি সংযোগ সম্প্ৰসাৰণৰ গতিৰ দ্বাৰাহে নিৰ্ধাৰণ কৰিব লাগিব। নেটৱৰ্ক সম্প্ৰসাৰণৰ মুখ্য বিত্তীয় প্ৰতিবন্ধকতাসমূহ দূৰ কৰাৰ বাবে মূলধন উদ্ধাৰৰ সময়সীমা ১০–১৫ বছৰৰ পৰা ২–৩ বছৰলৈ হ্ৰাস কৰিবলৈ তেওঁ চিজিডি প্ৰতিষ্ঠানসমূহক বিশেষ আঁচনিসমূহৰ সুযোগ ল'বলৈ উৎসাহিত কৰে। নিৰৱচ্ছিন্ন পৰিষ্কাৰ শক্তিৰ যোগান নিশ্চিত কৰিবলৈ তেওঁ আপষ্ট্ৰীম, ডাউনষ্ট্ৰীম, তেল পিএছইউ আৰু চৰকাৰৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীয়ে 'নেচনেল হাইড্ৰ'কাৰ্বন ইনফ্ৰাষ্ট্ৰাকচাৰ মনিটৰিং ছিষ্টেমৰ জৰিয়তে পিএনজিআৰবিৰ প্ৰযুক্তিভিত্তিক নিয়ন্ত্ৰণমূলক পদক্ষেপৰ বিষয়েও আলোকপাত কৰে, যিয়ে এক উমৈহতীয়া ডিজিটেল মঞ্চত আন্তঃগাঁথনি, প্ৰশাসনিক, পৰিবহণ, ভৌগোলিক আৰু উপগ্ৰহীয় তথ্যসমূহ একত্ৰিত কৰে। এই ব্যৱস্থাই নিৰীক্ষণ, পৰিকল্পনা আৰু নিয়ন্ত্ৰণমূলক তদাৰকী শক্তিশালী কৰিব আৰু অধিক তথ্যসমৃদ্ধ তথা সময়োপযোগী সিদ্ধান্ত গ্ৰহণত সহায় কৰিব বুলি আশা কৰা হৈছে।
ভৱিষ্যতলৈ দৃষ্টি ৰাখি মন্ত্ৰীগৰাকীয়ে দ্ৰুত আৰু অধিক ফলপ্ৰসূ ডিজিটেল অভিযোগ নিষ্পত্তি, নতুন অঞ্চললৈ চিজিডি নেটৱৰ্কৰ সময়োপযোগী সম্প্ৰসাৰণ, সুস্থ প্ৰতিযোগিতা, শক্তিশালী খণ্ডগত ক্ষমতা আৰু ভাৰতৰ স্থায়িত্ব তথা 'নেট জিৰ' লক্ষ্যৰ সৈতে গতি মিলাই চলিব পৰা এক নিয়ন্ত্ৰণমূলক কাঠামোৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰশাসনিক আৰু ব্যৱসায়িক স্বাৰ্থৰ পৰা পিএনজিআৰবি-ৰ নিৰৱচ্ছিন্ন স্বায়াত্তশাসন বা নিৰপেক্ষ অৱস্থানৰ লগতে এক স্পষ্ট, স্বচ্ছ আৰু অনুমানযোগ্য নিয়ন্ত্ৰণমূলক কাঠামো সমগ্ৰ উদ্যোগটোত আস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ ৰ’ব।
মন্ত্ৰীগৰাকীয়ে পিএনজিআৰবি-ক দুটা দশক সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায় আৰু আগন্তুক বছৰবোৰত নিৰৱচ্ছিন্ন প্ৰগতিৰ বাবে ইয়াৰ নেতৃত্ব, বিষয়া আৰু সমগ্ৰ প্ৰাকৃতিক গেছ উদ্যোগটোলৈ শুভকামনা জ্ঞাপন কৰে।

***
SJ/PB
(ৰিলিজ আই ডি : 2318268)
অতিথি কক্ষ : 7