প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত পুৰুষৰ কম্পাউণ্ড ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা গণেশ মণিৰত্নম থিৰুমুৰুক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনালে

পোষ্ট কৰা হৈছে: 01 OCT 2026 4:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ পুৰুষৰ কম্পাউণ্ড ব্যক্তিগত শাখাত  কঠিন যুঁজৰ অন্তত ব্ৰঞ্জৰ পদক জয়লাভ কৰা গণেশ মণিৰত্নম থিৰুমুৰুক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে চাপৰ মাজতো নিখুঁতভাবে, অসাধাৰণ সংযম আৰু অদম্য মনোবলেৰে গণেশ মণিৰত্নম থিৰুমুৰুৱে দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীয়ে গণেশ মণিৰত্নম থিৰুমুৰুক তেওঁৰ  ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এক পোষ্টত কয়—

 

“এছিয়ান গেমছৰ পুৰুষৰ কম্পাউণ্ড ব্যক্তিগত শাখাৰ কঠিন  খেলত যুঁজৰ অন্তত ব্ৰঞ্জৰ পদক জয়লাভ কৰা গণেশ মণিৰত্নম থিৰুমুৰুক অভিনন্দন। চাপৰ মাজতো নিখুঁতভাবে, অসাধাৰণ সংযম আৰু অদম্য মনোবলেৰে গণেশে দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ।”

 

PM @narendramodi”

 

Congratulations to Ganesh Mani Ratnam Thirumuru on his hard-fought victory in the Men’s Compound Individual Bronze Medal Match at the Asian Games. With precision under pressure, remarkable composure and an unyielding spirit, Ganesh has brought immense glory. Best wishes to him…

— PMO India (@PMOIndia) October 1, 2026

 

 

***

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2317736) অতিথি কক্ষ : 12