স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
‘স্বচ্ছতাই সেৱা-২০২৬’ আঁচনিৰ অধীনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ শ্ৰমদান কাৰ্যসূচী
স্বাস্থ্য গৱেষণা বিভাগৰ সচিব ডক্টৰ ৰাজীৱ বেহলৰ নেতৃত্বত পৰিচ্ছন্নতা অভিযান, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু কৰ্মচাৰীৰ উৎসাহজনক অংশগ্ৰহণ
জন ভাগিদাৰী, সামুহিক দায়বদ্ধতা তথা পৰিচ্ছন্নতা আৰু জনস্বাস্থ্যৰ সম্পৰ্ক স্থাপনত মন্ত্ৰণালয়ৰ গুৰুত্ব
পোষ্ট কৰা হৈছে:
01 OCT 2026 10:08AM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে নতুন দিল্লীৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মাৰ্গৰ কৰ্তব্য ভৱন-১ৰ তৃতীয় প্ৰৱেশ পথৰ ওচৰত ‘স্বচ্ছতাই সেৱা-২০২৬’ আঁচনিৰ অধীনত আজি স্বেচ্ছামূলক স্বচ্ছতা অভিযান (শ্ৰমদান) কাৰ্যসূচী ৰূপায়ণ কৰে।

স্বাস্থ্য গৱেষণা বিভাগৰ সচিব তথা ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)ৰ সঞ্চালক ডক্টৰ ৰাজীৱ বেহলে এই কাৰ্যসূচীত নেতৃত্ব দিয়ে। কাৰ্যসূচীত কেন্দ্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালক শ্ৰীমতী আৰাধনা পাটনায়ক, কেন্দ্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা (এনএচিঅ’)ৰ অতিৰিক্ত সচিব তথা সঞ্চালক প্ৰধান ডক্টৰ ৰাকেশ গুপ্তা, স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক প্ৰধান (ডিজিএইচএছ)ডক্টৰ লৱনীশ জি কৃষ্ণা আৰু মন্ত্ৰণালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
বিষয়াবৰ্গ আৰু অন্যান্য কৰ্মচাৰীসকলে অত্যন্ত উৎসাহ আৰু আত্মোৎসৰ্গৰ মনোভাৱেৰে এই অভিযানত যোগ দি সামূহিক অংশগ্ৰহণৰ মনোভাৱ শক্তিশালী কৰি ‘এক দিন, এক ঘণ্টা, এক সাথ’ৰ মৰ্ম উজ্জ্বল কৰি তোলে।
সংবাদ মাধ্যমক এই অভিযানৰ বিষয়ে ক’বলৈ গৈ ডক্টৰ ৰাজীৱ বেহলে পৰিচ্ছন্নতাক এটা বহনক্ষম সামূহিক প্ৰচেষ্টা কৰি তোলাত গুৰুত্ব দিয়ে আৰু বিষয়াবৰ্গ তথা নাগৰিকসকলক চৌপাশ পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত কৰি ৰখাত সকলোকে সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
শ্ৰীমতী আৰাধনা পাটনায়কে ‘জন ভাগিদাৰী’ৰ প্ৰয়োজনীয়তা আৰু ৰাজহুৱা স্থানক পৰিচ্ছন্ন তথা স্বাস্থ্যসন্মত কৰি তোলাত ব্যক্তিগত দায়বদ্ধতাত গুৰুত্ব দিয়ে। তেওঁ লগতে কয় যে স্থায়ী পৰিচ্ছন্নতাই প্ৰত্যেক ব্যক্তিৰে সক্ৰিয় অংশগ্ৰহণ আৰু দাযিত্ববোধ দাবী কৰে।
‘স্বচ্ছতাই সেৱা-২০২৬’ আঁচনিৰ অংশ এই পৰিচ্ছন্নতা অভিযানৰ উদ্দেশ্য আছিল ‘জন ভাগিদাৰী’ আৰু সমগ্ৰ দেশকে পৰিচ্ছন্নতাৰ দিশে নিবলৈ নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰা। এই অভিযানৰ নিহিত উদ্দেশ্য হ’ল সৰ্বসাধাৰণক এইটো জনোৱা যে পৰিচ্ছন্নতা কেৱল প্ৰাতিষ্ঠানিক দায়বদ্ধতা নহয়, ই একে সময়তে সামাজিক প্ৰতিশ্ৰুতিৰ অংশ, যি নাগৰিকৰ অংশগ্ৰহণ আৰু সামূহিক কৰ্মসূচীৰ প্ৰয়োজন দাঙি ধৰে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ‘স্বচ্ছ ভাৰত’ আঁচনিৰ প্ৰতি ইয়াৰ দায়বদ্ধতাৰ কথা দোহাৰে আৰু পৰিচ্ছন্নতা, জনস্বাস্থ্য তথা স্বাস্থ্যসন্মত জীৱনৰ গভীৰ সম্পৰ্কত গুৰুত্ব দিয়ে। মন্ত্ৰণালয়ে লগতে কয় যে বহনক্ষম সচেতনতা, আৱৰ্জনা নিষ্কাসনৰ দায়িত্ব আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ হ’ল পৰিচ্ছন্ন, স্বাস্থ্যসন্মত আৰু অধিক বহনক্ষম ৰাজহুৱা স্থান নিৰ্মাণৰ প্ৰাথমিক চৰ্ত।
*****
SR/PK
HFW/ Cleanliness drive under the ‘Swachhata Hi Seva 2026’ at MoHFW /01 October 2026/1
(ৰিলিজ আই ডি : 2317498)
অতিথি কক্ষ : 10