প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
30 SEP 2026 10:21AM by PIB Guwahati
নিজৰ কৰ্তব্যৰ প্ৰতি সমৰ্পিত হৈ থকাসকলে সৰ্বোচ্চ পৰিপূৰ্ণতা লাভ কৰে বুলি প্ৰকাশ কৰা এটা সংস্কৃত হিতোপদেশ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰিছে। কঠোৰ পৰিশ্ৰম আৰু আন্তৰিকতাৰে কৰ্তব্য পালন কৰাসকলে বুজি পোৱা উচিত যে নিষ্ঠাসম্বলিত কাৰ্য্যই সন্তুষ্টিৰ সৰ্বোচ্চ অৱস্থালৈ লৈ যাব পাৰে বুলি তেওঁ গুৰুত্ব আৰোপ কৰি কয়।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-
“स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥”
হিতোপদেশত প্ৰকাশ কৰা হৈছে যে নিজৰ কৰ্তব্যৰ প্ৰতি সমৰ্পিত হৈ থকাসকলে সৰ্বোচ্চ পৰিপূৰ্ণতা লাভ কৰে। সেয়েহে কঠোৰ পৰিশ্ৰমেৰে কৰ্তব্য পালন কৰাসকলে সমৰ্পিত আৰু আন্তৰিক কাৰ্য্যৰ জৰিয়তে সৰ্বোচ্চ পৰ্যায়ৰ পৰিপূৰ্ণতা লাভ কৰিব পাৰি বুলি উপলব্ধি কৰা উচিত।
*****
MJPS/SS/ST/DD
(ৰিলিজ আই ডি : 2316876)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam