প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত জেভলিন থ্ৰ’ত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক জয় কৰা যশবীৰ সিং আৰু ৰোহিত যাদৱক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
28 SEP 2026 9:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যশবীৰ সিঙক ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰে ৰূপৰ পদক জয় কৰাৰ বাবে আৰু ৰোহিত যাদৱক এছিয়ান গেমছৰ মঞ্চত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া খেলুৱৈ আৰু ভাৰতীয় এথলেটিকছ দুয়োটাৰে বাবে এক বিস্ময়কৰ ফলাফল। শ্ৰী মোদীয়ে ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘এছিয়ান গেমছৰ মঞ্চত দুগৰাকী ভাৰতীয় জেভলিন থ্ৰ’ খেলুৱৈ!
ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰে ৰূপৰ পদক জয় কৰা যশবীৰ সিঙক আৰু ঘৰলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই অনাৰ বাবে ৰোহিত যাদৱক অভিনন্দন জনাইছো।
খেলুৱৈ আৰু ভাৰতীয় এথলেটিকছ দুয়োটাৰে বাবে এক বিস্ময়কৰ ফলাফল। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/PRK/MK
(ৰিলিজ আই ডি : 2316308)
অতিথি কক্ষ : 5