প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বহীদ ভগত সিঙৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পোষ্ট কৰা হৈছে:
28 SEP 2026 9:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ ভগত সিঙক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ অদম্য সাহস আৰু বীৰত্বৰ দ্বাৰা শ্বহীদ ভগত সিঙে স্বাধীনতা আন্দোলনক এক নতুন দিশ প্ৰদান কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ তেওঁৰ উদ্যম দেশৰ যুৱক-যুৱতীসকলৰ সাহস আৰু সংকল্পৰ প্ৰতীক হৈ ৰৈছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
‘শ্বহীদ ভগত সিঙক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
অদম্য সাহস আৰু বীৰত্বৰ দ্বাৰা তেওঁ স্বাধীনতা আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল।
ৰাষ্ট্ৰৰ সন্মানৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ তেওঁৰ উদ্যম দেশৰ যুৱক-যুৱতীসকলৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক হৈ ৰৈছে।’
***
MJPS/SS/PRK/HS
(ৰিলিজ আই ডি : 2315824)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam