যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিজিটেল সংযোগ ৰেটিং প্লেটফৰ্ম মুকলি কৰিলে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই

পোষ্ট কৰা হৈছে: 25 SEP 2026 4:00PM by PIB Guwahati

ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই আজি ডিজিটেল কানেকটিভিটি ৰেটিং (ডিচিআৰ) প্লেটফৰ্ম মুকলি কৰে।এই সংহত ডিজিটেল মঞ্চৰ জৰিয়তে গ্ৰাহকসকলে বিভিন্ন সম্পত্তিৰ ডিজিটেল সংযোগৰ মান সম্পৰ্কে তথ্য লাভ কৰিব পাৰিব। লগতে সম্পত্তিৰ ডিজিটেল সংযোগৰ মান নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। ডিজিটেল সংযোগ পৰীক্ষাৰ বাবে ইয়াৰ সৈতে এটা ম’বাইল এপ্লিকেচনো মুকলি কৰা হৈছে।

এই ডিজিটেল মঞ্চৰ জৰিয়তে ২০২৪ চনৰ ভাৰতৰ টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ ‘ডিজিটেল সংযোগৰ বাবে সম্পত্তিৰ মান নিৰ্ধাৰণ’ সম্পৰ্কীয় নিয়মাৱলীত নিৰ্ধাৰিত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব। ২০২৬ চনৰ সংশোধনী নিয়মাৱলীৰ জৰিয়তে এই নিয়মাৱলী সংশোধন কৰা হৈছিল আৰু ২০২৬ চনৰ ১৩ মে’ত ইয়াক অধিসূচিত কৰা হৈছিল। ইয়াৰ উপৰি, ২০২৬ চনৰ ৯ জুনত ভাৰতৰ টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই প্ৰকাশ কৰা মান নিৰ্ধাৰণ অনুসৰি উল্লেখ কৰা মান নিৰ্ধাৰণ প্ৰক্ৰিয়াও এই মঞ্চৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব।

এই মঞ্চত গ্ৰাহকসকলৰ বাবে ৰাজহুৱা সুবিধা উপলব্ধ কৰা হৈছে, যাৰ জৰিয়তে তেওঁলোকে ডিজিটেল সংযোগৰ মান নিৰ্ধাৰণ কৰা সম্পত্তিসমূহৰ তথ্য চাব পাৰিব। ইয়াৰ জৰিয়তে সম্পত্তি পৰিচালক, পঞ্জীয়নভুক্ত ডিজিটেল সংযোগ মান নিৰ্ধাৰণ সংস্থা আৰু গ্ৰাহকক একেটা ডিজিটেল ব্যৱস্থাৰ অধীনলৈ অনা হৈছে।সম্পত্তি পৰিচালকসকলে ৰাজহুৱা, চৰকাৰী, বাণিজ্যিক, ব্যক্তিগত আদি শ্ৰেণীত নিজৰ সম্পত্তি পঞ্জীয়ন কৰিব পাৰিব। তেওঁলোকে মান নিৰ্ধাৰণৰ বাবে আবেদন দাখিল, নিৰ্ধাৰিত তথ্য আৰু নথি আপলোড, পঞ্জীয়নভুক্ত মান নিৰ্ধাৰণ সংস্থা নিৰ্বাচন আৰু নিজৰ আবেদনৰ অগ্ৰগতিৰ অৱস্থা নিৰীক্ষণ কৰিব পাৰিব।নিৰ্মাণ সম্পূৰ্ণ হোৱা আৰু নিৰ্মাণাধীন—দুয়ো ধৰণৰ সম্পত্তিৰ বাবে নিৰ্ধাৰিত মূল্যায়ন প্ৰক্ৰিয়াও এই মঞ্চত অন্তৰ্ভুক্ত কৰা হৈছে।পঞ্জীয়নভুক্ত ডিজিটেল সংযোগ মান নিৰ্ধাৰণ সংস্থাসমূহে তেওঁলোকক অৰ্পণ কৰা আবেদনসমূহ চাব, মূল্যায়ন সম্পন্ন কৰিব, পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ ফলাফল লিপিবদ্ধ কৰিব, সহায়ক নথিপত্ৰ পৰিচালনা কৰিব আৰু নিৰ্ধাৰিত ব্যৱস্থা অনুসৰি মান নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।এই মঞ্চত মূল্যায়ন, প্ৰতিবেদন প্ৰস্তুতকৰণ, প্ৰমাণপত্ৰ প্ৰদান আৰু মান নিৰ্ধাৰণৰ ফলাফল প্ৰকাশৰ সম্পূৰ্ণ ডিজিটেল ব্যৱস্থা কৰা হৈছে।গ্ৰাহক আৰু অন্যান্য অংশীদাৰসকলে মান নিৰ্ধাৰণ কৰা সম্পত্তি বিচাৰি উলিয়াব, প্ৰকাশিত মান চাব, সংশ্লিষ্ট প্ৰমাণপত্ৰৰ সত্যতা পৰীক্ষা কৰিব আৰু তেওঁলোকৰ আগ্ৰহৰ সম্পত্তিসমূহৰ মাজত তুলনা কৰিব পাৰিব।ক্ষেত্ৰভিত্তিক মূল্যায়নৰ বাবে এটা বিশেষ ম’বাইল এপ্লিকেচনৰ ব্যৱস্থা কৰা হৈছে। এই এপ্লিকেচনৰ জৰিয়তে অনুমোদিত মান নিৰ্ধাৰণ সংস্থাই নিৰ্ধাৰিত পৰীক্ষা পদ্ধতি অনুসৰি অট্টালিকাৰ ভিতৰত ডিজিটেল সংযোগৰ মাপ গ্ৰহণ কৰিব পাৰিব।

ৱেব পৰ্টেলৰ জৰিয়তে লাভ কৰা সম্পত্তিৰ তথ্য আৰু ম’বাইল এপ্লিকেচনৰ জৰিয়তে সংগ্ৰহ কৰা মূল্যায়নৰ তথ্য স্বয়ংক্ৰিয়ভাৱে একেটা ব্যৱস্থাত সংযুক্ত হ’ব। এই মঞ্চত নথি আৰু প্ৰমাণপত্ৰত ডিজিটেল স্বাক্ষৰ আৰু সেইবোৰৰ সত্যতা পৰীক্ষাৰ সুবিধা সংযুক্ত কৰা হৈছে। ইয়াৰ উপৰি প্ৰযোজ্য মান নিৰ্ধাৰণ মাচুল অনলাইনযোগে পৰিশোধ, ই-মেইল আৰু ক্ষুদ্ৰ বাৰ্তাৰ জৰিয়তে সতৰ্কবাণী প্ৰেৰণ আৰু সম্পত্তিৰ নথি, পৰীক্ষাৰ ফলাফল, প্ৰমাণপত্ৰ তথা নিৰীক্ষণৰ তথ্য সুৰক্ষিতভাৱে সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে। গ্ৰাহকৰ বাবে এই মঞ্চত ৰাজহুৱা মান নিৰ্ধাৰণ অনুসন্ধান পৃষ্ঠা থাকিব। গ্ৰাহকে সম্পত্তিৰ নাম, প্ৰমাণপত্ৰৰ পৰিচয় নম্বৰ অথবা স্থানৰ জৰিয়তে মান নিৰ্ধাৰণ কৰা সম্পত্তি বিচাৰি উলিয়াব পাৰিব।

 

তেওঁলোকে সম্পত্তিটোৰ ডিজিটেল স্বাক্ষৰযুক্ত মান নিৰ্ধাৰণ প্ৰমাণপত্ৰ চাব পাৰিব আৰু প্ৰমাণপত্ৰত থকা দ্বিমাত্ৰিক সংকেতৰ জৰিয়তে ইয়াৰ সত্যতা পৰীক্ষা কৰিব পাৰিব।ইয়াৰ ফলত কোনো সম্পত্তিৰ ডিজিটেল সংযোগ এটা দৃশ্যমান আৰু পৰীক্ষাযোগ্য বৈশিষ্ট্য হিচাপে পৰিগণিত হ’ব আৰু গ্ৰাহকে সংযোগ সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব।এই তথ্যৰ ভিত্তিত গ্ৰাহকে কোনো সম্পত্তি ক্ৰয় অথবা ভাড়াত লোৱাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে নিজৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি অধিক তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ট্ৰাইৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লাহোটিয়ে  কয় যে ডিজিটেল সংযোগৰ মান নিৰ্ধাৰণৰ মঞ্চই সম্পত্তিৰ ডিজিটেল সংযোগৰ প্ৰস্তুতি মূল্যায়নৰ বাবে এক স্বচ্ছ আৰু মান্যকৃত ব্যৱস্থা স্থাপন কৰিছে।তেওঁ কয় যে মান নিৰ্ধাৰণৰ ফলাফল ৰাজহুৱাভাৱে অনুসন্ধানযোগ্য কৰা আৰু প্ৰমাণপত্ৰৰ সত্যতা পৰীক্ষাৰ সুবিধা প্ৰদান কৰাৰ ফলত গ্ৰাহকে বিশ্বাসযোগ্য আৰু তুলনাযোগ্য তথ্য লাভ কৰিব পাৰিব।ইয়াৰ ফলত শক্তিশালী আৰু নিৰ্ভৰযোগ্য সংযোগ থকা বাসগৃহ আৰু কাৰ্যালয় নিৰ্বাচনৰ ক্ষেত্ৰত গ্ৰাহকে অধিক তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। লগতে ফোনযোগে কথা-বতৰা, তথ্য ডাউনলোড আৰু অনলাইন সেৱা ব্যৱহাৰ অধিক সুচল হ’ব।তেওঁ লগতে কয় যে এই ব্যৱস্থাই গ্ৰাহকক কোনো সম্পত্তিত স্থাপন কৰা ডিজিটেল সংযোগৰ আন্তঃগাঁথনিৰ মূল্য বুজিবলৈ সহায় কৰিব। একে সময়তে সম্পত্তি পৰিচালকসকলকো সম্পত্তি নিৰ্মাণৰ উপযুক্ত পৰ্যায়তে এনে আন্তঃগাঁথনিৰ পৰিকল্পনা কৰিবলৈ উৎসাহিত কৰিব।

ডিজিটেল সংযোগ ৰেটিং (DCR) ৰ বিষয়ে

ডিজিটেল সংযোগৰ মান নিৰ্ধাৰণৰ ব্যৱস্থাই সম্পত্তিৰ ভিতৰত ডিজিটেল সংযোগৰ মূল্যায়নৰ বাবে এক মান্যকৃত পদ্ধতি প্ৰদান কৰে।এই মূল্যায়নত আঁহযুক্ত যোগাযোগ ব্যৱহাৰৰ প্ৰস্তুতি, ম’বাইল নেটৱৰ্কৰ উপলব্ধতা, অট্টালিকাৰ ভিতৰৰ সংযোগ ব্যৱস্থা আৰু বেতাঁৰ ইণ্টাৰনেটৰ আন্তঃগাঁথনিৰ সৈতে জড়িত নিৰ্ধাৰিত মাপকাঠীসমূহ বিবেচনা কৰা হয়।বিভিন্ন শ্ৰেণীৰ সম্পত্তিৰ বাবে প্ৰযোজ্য পৃথক মানদণ্ডও নিৰ্ধাৰণ কৰা হৈছে।এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে সম্পত্তি নিৰ্মাণৰ উপযুক্ত পৰ্যায়ত ডিজিটেল সংযোগৰ আন্তঃগাঁথনিৰ বিষয়টো বিবেচনা কৰিবলৈ উৎসাহিত কৰা আৰু ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা সম্পত্তিসমূহৰ আন্তঃগাঁথনি আৰু সংযোগৰ কাৰ্যক্ষমতা মূল্যায়নৰ সুবিধা প্ৰদান কৰা।ডিজিটেল সংযোগ ৰেটিং (DCR) প্লেটফৰ্মত প্ৰৱেশ কৰিব পাৰি: https://dcrp.trai.gov.in ৱেব চাইটৰ জড়িয়তে।

অধিক জানিবলৈ  অনুগ্ৰহ কৰি যোগাযোগ কৰিব পাৰে: শ্ৰীমতী অৰ্চনা আহলাৱত, উপদেষ্টা (আই টি) advisorit@trai.gov.in ত।

*****

NJ/AR/DM


(ৰিলিজ আই ডি : 2315459) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Telugu