প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতক ‘স্থিতিশীলতাৰ দ্বীপ’ আৰু ‘বিকাশৰ ইঞ্জিন’ হিচাপে উল্লেখ কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
17 SEP 2026 2:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী হৰিশ ছালভেই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। প্ৰবন্ধটোত সংকটপূৰ্ণ সময়ছোৱাত ভাৰতে কেনেদৰে স্থিতিশীলতাৰ দ্বীপ আৰু বিকাশৰ ইঞ্জিন হিচাপে নিজকে পৃথকভাৱে প্ৰতিষ্ঠা কৰিছে সেই বিষয়ে আলোকপাত কৰা হৈছে। শ্ৰী ছালভেই এই পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰীৰ স্থিৰ নেতৃত্ব আৰু ৰাজনৈতিক ধাৰাবাহিকতাক কৃতিত্ব দিয়ে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰৰ দিক-নিৰ্দেশনাৰ প্ৰতি এক স্পষ্ট ধাৰণাই ভাৰতৰ অৰ্থনীতি, বৈদেশিক নীতি আৰু দীৰ্ঘম্যাদী ৰাষ্ট্ৰ নিৰ্মাণক অধিক শক্তিশালী কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত এইদৰে পোষ্ট কৰিছে—
“সংকটপূৰ্ণ সময়ছোৱাত ভাৰতে ‘স্থিতিশীলতাৰ দ্বীপ’ আৰু ‘বিকাশৰ ইঞ্জিন’ হিচাপে নিজকে পৃথকভাৱে প্ৰতিষ্ঠা কৰিছে—শ্ৰী হৰিশ ছালভেই লিখিছে।
তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীৰ সুস্থিৰ নেতৃত্ব আৰু ৰাজনৈতিক ধাৰাবাহিকতাক কৃতিত্ব দিছে। তেওঁৰ মতে, ৰাষ্ট্ৰৰ দিক-নিৰ্দেশনাৰ প্ৰতি এক স্পষ্ট ধাৰণাই ভাৰতৰ অৰ্থনীতি, বৈদেশিক নীতি আৰু দীৰ্ঘম্যাদী ৰাষ্ট্ৰ নিৰ্মাণক শক্তিশালী কৰিছে।”
***
MJPS/SS/VJ/SS/DM
(ৰিলিজ আই ডি : 2311455)
অতিথি কক্ষ : 6