প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত

পোষ্ট কৰা হৈছে: 12 SEP 2026 7:45PM by PIB Guwahati

ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে ১২ ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি মহামহিম  ছি জিনপিঙৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ২০২৫ চনৰ আগষ্ট মাহত টিয়ানজিনত অনুষ্ঠিত হোৱা  অন্তিম বৈঠকৰ পাছৰে পৰা ভাৰত-চীন দ্বিপাক্ষিক সম্পৰ্কত হোৱা নিৰৱচ্ছিন্ন অগ্ৰগতিক আদৰণি জনায়। দুয়োগৰাকী নেতাই পুনৰ দৃঢ়তাৰে কয় যে দুয়োখন দেশে নিজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে আগুৱাই নিব লাগিব।তেওঁলোকে মত প্ৰকাশ কৰে যে মতভেদে কেতিয়াও বিবাদৰ ৰূপ ল’ব নালাগে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে দুয়োখন দেশৰ সম্পৰ্ক পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা আৰু পাৰস্পৰিক স্বাৰ্থ—এই তিনিটা নীতিৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। প্ৰধানমন্ত্ৰীয়ে  কয় যে সীমান্ত অঞ্চলত শান্তি তথা  স্থিৰতা বজাই ৰখাটো দ্বিপাক্ষিক সম্পৰ্কৰ অব্যাহত ৰখাৰ এক গুৰুত্বপূৰ্ণ ভিত্তি।তেওঁ সীমান্ত সম্পৰ্কীয় বিষয়সমূহত ইতিমধ্যে সম্পাদিত চুক্তি আৰু বুজাবুজিসমূহ দুয়োপক্ষই মানি চলাৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই  দ্বিপাক্ষিক সম্পৰ্কৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু দুয়োখন দেশৰ জনসাধাৰণৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ আধাৰত সীমা-বিবাদৰ এক ন্যায়সংগত, যুক্তিসংগত আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধান বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ কথাও উল্লেখ কৰে।

তেওঁলোকে সাংস্কৃতিক আদান-প্ৰদান, ব্যৱসায়িক সম্পৰ্ক আৰু দুয়োখন দেশৰ মাজত অধিক যাতায়াত তথা চলাচলৰ সুবিধা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে।

অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই পৰস্পৰৰ উদ্বেগসমূহ সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত জোৰ দিয়ে। বাণিজ্যৰ গাঁথনিগত ভাৰসাম্যহীনতা আৰু যোগান শৃংখলাৰ সৈতে জড়িত বিষয়সমূহকলৈয়ো তেওঁলোকে আলোচনা কৰে। লগতে অৰ্থপূৰ্ণ আৰু পূৰ্বানুমানযোগ্য বজাৰ প্ৰৱেশৰ সুবিধা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো  দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত উমৈহতীয়া বুজাবুজিৰ ক্ষেত্ৰ অধিক সম্প্ৰসাৰণ কৰাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দুয়োপক্ষই একেলগে কাম কৰি যাব লাগিব বুলি সহমত  প্ৰকাশ কৰে।ভাৰতৰ ব্ৰিকছ অধ্যক্ষতাৰ প্ৰতি চীনে আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে চীনক ধন্যবাদ জ্ঞাপন কৰে।লগতে, ২০২৬ চনৰ ব্ৰিকছ শীৰ্ষ সন্মিলন সফল কৰি তোলাৰ ক্ষেত্ৰত চীনে আগবঢ়োৱা অৱদানৰো  প্ৰধানমন্ত্ৰীয়ে শলাগ লয়।

 

***********

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2309563) অতিথি কক্ষ : 15