প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীয়ে কয় যে আচাৰ্য বিনোবা ভাৱেৰ ‘জয় জগত’ৰ উজ্জীৱিত আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰি মানৱতাক সৰ্বোপৰি স্থান দিছিল।
পোষ্ট কৰা হৈছে:
11 SEP 2026 2:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আচাৰ্য বিনোবা ভাৱেৰ ‘জয় জগত’ৰ উজ্জীৱিত আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।
শ্ৰী মোদীয়ে কয় যে বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আচাৰ্য বিনোবা ভাৱে সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।
শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;
‘আচাৰ্য্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
তেওঁৰ ‘জয় জগত’ আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।
বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে তেওঁ সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল। সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।’
**********
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2309159)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam