প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নান্দেদত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
প্ৰধানমন্ত্ৰীৰ পিএমএনআৰএফৰ পৰা এককালীন সাহায্য ঘোষণা
পোষ্ট কৰা হৈছে:
11 SEP 2026 9:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নান্দেদত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ তেওঁৰ সমবেদনা জনায় আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।
শ্ৰী মোদীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে;
‘মহাৰাষ্ট্ৰৰ নান্দেদত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে দুখিত। দুখৰ এই সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে আছে। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’বঃপ্ৰধানমন্ত্ৰী @narendramodi’
***************
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2309030)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam