উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক সৰ্বাধিক প্ৰাধান্য দিছেঃ উপ-ৰাষ্ট্ৰপতি

লাচিত বৰফুকনৰ ঐতিহ্য অসমৰ সাহস আৰু ইয়াৰ ঐতিহ্য ৰক্ষাৰ অংগীকাৰৰ প্ৰতীক হৈ আছেঃ উপ-ৰাষ্ট্ৰপতি

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে প্ৰগতি আৰু পৰিৱৰ্তনৰ এক উল্লেখনীয় পৰ্যায় প্ৰত্যক্ষ কৰিছেঃ উপ-ৰাষ্ট্ৰপতি

ছাত্ৰ-ছাত্ৰীসকললৈ আহ্বান উপ-ৰাষ্ট্ৰপতিৰঃ 'ড্ৰাগছক না' কওক আৰু এক সুস্থ তথা উন্নত ভাৰত গঢ়াত অৱদান আগবঢ়াওক

পোষ্ট কৰা হৈছে: 06 SEP 2026 2:02PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটীৰ পূৰ্বতে কন্যা মহাবিদ্যালয় নামেৰে জনাজাত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে। তেওঁ মহাবিদ্যালয়খনৰ নতুন শৈক্ষিক ভৱনো উদ্বোধন কৰে।

উচ্চ শিক্ষাৰ ক্ষেত্ৰত পাঁচ দশকজোৰা নিষ্ঠাবান সেৱা সম্পূৰ্ণ কৰাৰ বাবে অনুষ্ঠানটোক অভিনন্দন জনাই শ্ৰী ৰাধাকৃষ্ণনে কয় যে গীতানগৰ মহাবিদ্যালয়ে অসমৰ শৈক্ষিক আৰু সামাজিক উন্নয়নত, বিশেষকৈ শিক্ষা, জ্ঞান আৰু আত্মবিশ্বাসৰ জৰিয়তে প্ৰজন্মৰ পিছত প্ৰজন্মৰ যুৱতীসকলক সবলীকৰণ কৰাত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

 

উপস্থিত ৰাইজক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসমক সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ ভূমি বুলি অভিহিত কৰে। তেওঁ ভাষা, সাহিত্য, সংগীত, নৃত্য, নাট্য আৰু থলুৱা পৰম্পৰাৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক পৰিৱেশলৈ ৰাজ্যখনৰ বিশিষ্ট অৱদানৰ কথা উল্লেখ কৰে। তেওঁ লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কথাও স্মৰণ কৰে, যি সমগ্ৰ ৰাষ্ট্ৰৰ বাবে এক চিৰন্তন প্ৰেৰণাৰ উৎস হৈ ৰৈছে।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰচুৰ প্ৰাকৃতিক সম্পদ, অৰণ্য আৰু বিশ্ববিখ্যাত চাহেৰে পৰিপূৰ্ণ অসমৰ অপাৰ সম্ভাৱনা আছে আৰু ই উন্নয়নৰ এক উল্লেখনীয় পৰ্যায় প্ৰত্যক্ষ কৰিছে।

 

শিক্ষা পৰিৱৰ্তনৰ মূল আধাৰ বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে কয় যে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীক কেৱল বৃত্তি বা জীৱিকাৰ বাবে সাজু কৰাই নহয়, গণতন্ত্ৰ, সাংবিধানিক মূল্যবোধ, সামাজিক দায়িত্ব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধ নাগৰিক হিচাপেও গঢ়ি তুলিব লাগিব।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত সকলোকে ড্ৰাগছৰ বিৰুদ্ধে (No to Drugs) শপত গ্ৰহণো কৰোৱায়; য’ত তেওঁ যুৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰত থাকিবলৈ আৰু তেওঁলোকৰ বন্ধু-বান্ধৱীকো এইক্ষেত্ৰত উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰে যে ছাত্ৰ-ছাত্ৰীসকলে দায়িত্বশীল সিদ্ধান্ত ল’ব লাগিব আৰু নিজৰ সময়, স্বাস্থ্য তথা ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব।

 

তেওঁ কয় যে ভাৰতৰ যুৱ জনসংখ্যাই হৈছে ইয়াৰ ডাঙৰ শক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল প্ৰযুক্তি, জৈৱ-প্ৰযুক্তি, মহাকাশ গৱেষণা আৰু উদ্যোগী প্ৰচেষ্টাৰ দৰে ক্ষেত্ৰসমূহত গঢ় লৈ উঠা সুযোগসমূহে যুৱক-যুৱতীসকলক এখন উন্নত ভাৰত নিৰ্মাণত নেতৃত্বস্থানীয় ভূমিকা পালন কৰাত সহায় কৰিব পাৰে।

 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে লাভ কৰা প্ৰগতি আৰু পৰিৱৰ্তনৰ ভূয়সী প্ৰশংসা কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে অলপতে অসমে দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যিক অৰ্থনীতিসমূহৰ ভিতৰত এখন হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ইয়াৰ অৰ্থনীতি যথেষ্ট বৃদ্ধি পাইছে। তেওঁ চাহ বাগিচা জনগোষ্ঠীৰ উন্নয়নৰ সমান্তৰালকৈ স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি, নিযুক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰা বৃহৎ বিনিয়োগসমূহৰ কথা আঙুলিয়াই দিয়ে।

 

অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্য সচিব ড° ৰৱি কোটা, উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব শ্ৰী নাৰায়ণ কোঁৱৰ, গীতানগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যজিত কলিতা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৬ৰ পৰা ৯ ছেপ্টেম্বৰ, ২০২৬লৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব। অসম ভ্ৰমণৰ সময়ছোৱাত তেওঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (SSUHS) সমাৱৰ্তন সমাৰোহ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

*****

PR/ASM/VMJ/DB


(ৰিলিজ আই ডি : 2307138) অতিথি কক্ষ : 31
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Malayalam