প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চৰকাৰী ভ্ৰমণৰ সময়ত উজবেকিস্তানত আনুষ্ঠানিক আলোচনাত মিলিত হ'ল প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 30 AUG 2026 5:47PM by PIB Guwahati

উজবেকিস্তানলৈ কৰা  চৰকাৰী  ভ্ৰমণৰ অংশ হিচাপে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিমহামহিম শাভকট মিৰ্জিঅ’য়েভৰ সৈতে আলোচনাত মিলিত হয় । কুক্সাৰয় ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মিৰ্জিঅ’য়েভে উষ্ম আদৰণি জনায় । উজবেকিস্তানৰ স্বাধীনতাৰ ৩৫ বছৰীয়া জয়ন্তী উপলক্ষে তেওঁ উজবেকিস্তানক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, উদ্ভাৱন তথা ষ্টাৰ্ট-আপ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্যসেৱা আৰু ঔষধ, জটিল খনিজ পদাৰ্থ, কৃষি, শিক্ষা, পৰ্যটন, কৃষি, মহাকাশ আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদানকে  ধৰি দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ সমগ্ৰ  বিষয়লানি  সন্দৰ্ভত  গুৰুত্বপূৰ্ণ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে উজবেকিস্তানৰ পৰা ভাৰতলৈ ইউৰেনিয়াম যোগানৰ দীৰ্ঘম্যাদী ব্যৱস্থাত হোৱা অগ্ৰগতিৰ শলাগ লয় আৰু জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ গুৰুত্বৰ কথা  পুনৰ দৃঢ় কৰে।

সম্পৰ্কৰ গভীৰতাক প্ৰতিফলিত কৰি তেওঁলোকে দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। ২০৩০ চনৰ ভিতৰত ৫ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যিক লক্ষ্য নিৰ্ধাৰণ কৰিবলৈও তেওঁলোক সন্মত হয় আৰু এই সন্দৰ্ভত অৰ্থনৈতিক তথা  বিনিয়োগৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে ব্যৱসায়িক সন্মিলন আয়োজন কৰাৰ আহ্বান জনায়। সামগ্ৰিক কৌশলগত অংশীদাৰিত্বক অৰ্থপূৰ্ণভাৱে আগবঢ়াই নিবলৈ দুয়োগৰাকী নেতাই বৈদেশিক মন্ত্ৰীসকলৰ নেতৃত্বত ব্যৱস্থা গঢ়ি তোলাৰ লগতে আন্তঃচৰকাৰী আয়োগক মন্ত্ৰী পৰ্যায়লৈ উন্নীত কৰাত সন্মতি প্ৰকাশ কৰে।নেতাদ্বয়ে  উল্লেখ কৰে যে প্ৰাচীন সভ্যতাবাদী সংযোগ আৰু সমসাময়িক জনসাধাৰণৰ সম্পৰ্কই অংশীদাৰিত্বত সজীৱতা বৃদ্ধি কৰি আহিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উজবেকিস্তানত যোগৰ জনপ্ৰিয়তাৰ শলাগ লয়। ইয়াৰ পূৰ্বে তেওঁ উজবেকিস্তানৰ যোগ ফেডাৰেচনে আয়োজন কৰা যোগ অধিৱেশনতো উপস্থিত থাকে। প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোদীয়ে উজবেক ছাত্ৰ-ছাত্ৰীৰ বাবে হিন্দী ভাষাৰ শিকিবলৈ  লাল বাহাদুৰ শাস্ত্ৰী বৃত্তি ঘোষণা কৰে ৷

উজবেকিস্তানৰ “যাছিল মাকন” সেউজ পদক্ষেপ আৰু ভাৰতৰ “এক পেড় মা কে নাম” পদক্ষেপৰ মাজত থকা সম্পৰ্কক  স্বীকৃতি দি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকল্পটোৰ বাবে ১০ লাখ মাৰ্কিন ডলাৰৰ অনুদানৰে আৰল সাগৰ অঞ্চলত চলি থকা পৰিৱেশ পুনৰ্বাসনৰ প্ৰচেষ্টাত উজবেকিস্তানৰ সৈতে ভাৰতৰ অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। দুয়োগৰাকী নেতাই যৌথভাৱে পেলেচ বাগিচাতো এজোপা গছ ৰোপণ কৰে। আলোচনাৰ অন্তত দুয়োপক্ষই সংস্কৃতি, উচ্চ শিক্ষা আৰু গৱেষণা, সামৰ্থ্য বিকাশ, আৰ্কাইভ, অৰ্থনৈতিক সহযোগিতা, পৰিৱেশ, পৰ্যটন, খনি, আয়ুৰ্বেদ আৰু ভগ্নী-ৰাষ্ট্ৰৰ সম্পৰ্ককে ধৰি বহুতো ক্ষেত্ৰ সামৰি বুজাবুজি চুক্তি আৰু চুক্তিৰ আদান-প্ৰদান কৰে। উজবেকিস্তানৰ বৌদ্ধ ধৰ্মীয় স্থান ফায়াজ টেপা আৰু কাৰা টেপাৰ পুনৰুদ্ধাৰৰ বাবে এখন উদ্দেশ্য পত্ৰও গ্ৰহণ কৰা হয়।  তাছখন্দ ষ্টেট ইউনিভাৰ্চিটি অৱ অৰিয়েণ্টেল ষ্টাডিজত আইচিচিআৰ সংস্কৃত আসন  স্থাপনৰ বাবে এখন বুজাবুজি চুক্তিও চূড়ান্ত কৰা হয়।

বুজাবুজি চুক্তি আৰু চুক্তিৰ সম্পূৰ্ণ তালিকা ইয়াত পোৱা যাব।

প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি মিৰ্জিঅ’য়েভে এক দুপৰীয়াৰ ভোজৰো আয়োজন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মিৰ্জিঅ’য়েভক তেওঁৰ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰি তেওঁক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।

 

****

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2304814) অতিথি কক্ষ : 13